• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, August 31, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home দেশ

কেন্দ্ৰৰ ‘হৰ ঘৰ ত্ৰিৰংগা’ আৰু দেশপ্ৰেমৰ আঁৰৰ চমক: কিদৰে লাভাৱান্বিত হ’ব মুকেশ আম্বানী!

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
July 22, 2022 8:56 pm
Har Ghar Tiranga
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

মোদী চৰকাৰে শেহতীয়াকৈ এটা বিৰাট দেশপ্ৰেমমূলক পদক্ষেপ গ্ৰহণ কৰিছে। দেশবাসীৰ মাজত দেশপ্ৰেম জাগ্ৰত কৰি তুলিবলৈ প্ৰতি ঘৰে ঘৰে তিনি বৰণীয়া জাতীয় পতাকা উত্তোলন কৰিবলৈ আহ্বান জনাইছে। সেয়ে ঘৰে ঘৰে চৰকাৰৰ ফালৰ পৰা জাতীয় পতাকাও প্ৰদান কৰা হ’ব। এই পদক্ষেপক ‘হৰ ঘৰ ত্ৰিৰংগা’ হিচাপে প্ৰচাৰ কৰা হৈছে। নিশ্চয়কৈ ভাল পদক্ষেপ। ই নিশ্চয়কৈ দেশবাসীক জাতীয় চেতনাৰে উদ্ধুদ্ধ কৰিব। চাও আহক এই সন্দৰ্ভত এক বিশেষ প্ৰতিবেদন।

আজাদী কা অমৃত মহোৎসৱ অৰ্থাৎ স্বাধিনতাৰ ৭৫ বৰ্ষ উদযাপনৰ উপলক্ষে ভাৰত চৰকাৰৰ সাংস্কৃতিক মন্ত্ৰালয়ে এই পদক্ষেপ গ্ৰহণ কৰিছে। সেই অনুসৰি চৰকাৰে জাতীয় পতাকা বিলাব আৰু দেশবাসীয়ে ঘৰে ঘৰে ১৩ আগষ্টৰ পৰা ১৫ আগষ্টলৈকে জাতীয় পতাকা উত্তোলন কৰি ৰাখিব। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এটা টুইটযোগে এই ‘হৰ ঘৰ ত্ৰিৰংগা’ আন্দোলনত সকলোকে ভাগ লবলৈ আহ্বান জনাইছে।

Apply Now

উল্লেখ্য যে স্বাধীন ভাৰতৰ চিৰপৰিচিত পতাকাখন পৰম্পৰাগতভাৱে খাদী কাপোৰেৰে প্ৰস্তুত কৰি অহা হৈছিল। কিন্তু মোদী চৰকাৰে এতিয়াৰে পৰা পলিষ্টাৰ কাপোৰেৰেও জাতীয় পতাকা প্ৰস্তুত কৰিব পাৰিব বুলি সিদ্ধান্ত লৈছে। সেয়ে ২০০২ চনৰ ফ্লেগ ক’ড (2002 Flag Code) সংশোধন কৰা হৈছে।

সেই ফ্লেগ ক’ডত জাতীয় পতাকাক কেৱল শিপিনীৰ হাতে বোৱা কাপোৰেৰে প্ৰস্তুত কৰাৰ কথা আছে। এই কাপোৰসমূহ হৈছে খাদী, কপাহী, ঊল আৰু পাটকাপোৰ। ফ্লেগ ক’ৰ্ডৰ সংশোধনক লৈ সেয়ে লৈ তীব্ৰ বিতৰ্কও হৈছে। বহুতে কৈছে যে প্ৰয়োগৰ ফলত দেশৰ গ্ৰাম্যাঞ্চলত বাস কৰা লাখ লাখ শিপিনীৰ জীৱিকা নষ্ট হ’ব।

এই শিপিনীসকলেই মূলতঃ জাতীয় পতাকা প্ৰস্তুত কৰি আহিছে। জানিব পৰা মতে, প’লিষ্টাৰ কাপোৰৰ অনুমতি দিয়াৰ পাছতে খাদী পতাকাৰ বজাৰখন কমি আহিছে। কপাহী, খাদী পতাকাৰ সমাদৰ কমি আহিছে।

সমগ্ৰ বিষয়টোক লৈ সৰৱ হৈ পৰিছে তৃণমূল কংগ্ৰেছৰ ৰাষ্ট্ৰীয় মুখপাত্ৰ সকেত গোখলে। গোখলেই টুইটাৰত ধাৰাবাহিকযোগে চৰকাৰৰ এই সিদ্ধান্তৰ আঁৰৰ কথাবোৰ ফাঁচ কৰি আহিছে। তেওঁ লিখিছে যে নিজৰ কৰ্পৰেট বন্ধুসকলক সহায় কৰিবলৈকে প্ৰধানমন্ত্ৰীয়ে ফ্লেগ ক’ড সংশোধন কৰিছে। ইয়াক তেওঁ potential scam হিচাপেও আখ্যা দিছে।

উল্লেখযোগ্য যে ভাৰতত প’লিষ্টাৰ কাপোৰৰ বজাৰখন আছে মুকেশ আম্বানীৰ ৰিলায়েন্স ইণ্ড্ৰাষ্টিজৰ দখলত। ভাৰতৰ উপৰিও সমগ্ৰ বিশ্ব জুৰি ৰিলায়েন্সে প’লিষ্টাৰৰ বজাৰত তীব্ৰ প্ৰতিদ্বন্দিতাত অৱতীৰ্ণ হৈ আছে। বছৰি ৰিলায়েন্সে ২.৫ মিলিয়ন টন প’লিষ্টাৰ প্ৰস্তুত কৰি আহিছে।

তৃণমূল কংগ্ৰেছৰ গোখলেৰ টুইটটোৰ পৰা স্পষ্ট হৈ পৰিছে যে প্ৰকৃততে মোদী চৰকাৰে কাক সহায় কৰিবলৈ উলাইছে! মোদী চৰকাৰে বিচাৰিছে যে জাতীয় পতাকাসমূহ পলিষ্টাৰেৰে নিৰ্মাণ হওক আৰু ইয়াৰ লাভ পাওক আম্বানীয়ে। পলিষ্টাৰৰ বজাৰত যাতে আম্বানীৰ লাভ অটুত থাকক, সেইবাবেই মোদী চৰকাৰে ফ্লেগ ক’ডৰ দৰে এটা সাংবিধানিক নিয়মাৱলীকে সংশোধন কৰি পেলালে।

তদুপৰি ৰাষ্ট্ৰীয়তাবাদ, দেশপ্ৰেমৰ নামতো এইদৰে নিজৰ পুঁজিপতি বন্ধুসকলক মুনাফা লুটাত সহযোগী হৈ পৰিছে। ‘হৰ ঘৰ ত্ৰিৰংগা’ নিঃসন্দেহে এক ভাল পদক্ষেপ। দেশৰ জাতীয় পতাকাখনৰ এক নিজস্ব গৰিমা আছে। প্ৰতিজন ভাৰতীয়ৰ গৌৰৱ দেশৰ ত্ৰিৰংগা।

কিন্তু এই ত্ৰিৰংগাক লৈয়েই মোদী চৰকাৰে জনচক্ষুৰ আঁৰত এই খেলা খেলি প্ৰকৃততে জনতাক বুৰ্বক বনাব বিচাৰিছে। দেশপ্ৰেমৰ নামতো এইদৰে পুঁজিপতিৰ লাভ-লোকচানক জড়িত কৰি মোদী চৰকাৰে নিজৰ পৰিচয় দাঙি ধৰিছে। এতিয়া ভাবক, আপুনি মই প’লিষ্টাৰেৰে নিৰ্মিত ত্ৰিৰংগা পতাকা উত্তোলন কৰি ‘ভাৰত মাতা কী জয়’ চিঞৰি দেশপ্ৰেমত উদ্ধুদ্ধ হ’ম, কিন্তু ইয়াৰ ফলত কোন লাভান্বিত হ’ব।

পূৰ্বে জাতীয় পতাকা প্ৰস্তুত কৰি গ্ৰাম্যাঞ্চলৰ দৰিদ্ৰ শিপিনীসকলে দুটকা ঘটিবলৈ সুযোগ পাইছিল, এতিয়া দেশৰ মাতৃস্বৰূপা শিপিনীসকলৰ মুখৰ ভাতখিনিও কাঢ়িবলৈ পদক্ষেপ লোৱা হৈছে। দেশপ্ৰেমৰ নামত এইসমূহ বেপাৰ নহয়নে?

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

মদ খাবলৈ বাদ দিছে জেন জিয়ে? তেন্তে কিহৰ ‘নিচা’ত ডুবিছে নতুন প্ৰজন্ম, পোহৰলৈ আহিল আচল ৰহস্য!

মদ খাবলৈ বাদ দিছে জেন জিয়ে? তেন্তে কিহৰ ‘নিচা’ত ডুবিছে নতুন প্ৰজন্ম, পোহৰলৈ আহিল আচল ৰহস্য!

August 30, 2026 9:40 pm
ফুল-মিঠাই নহয়, দেৱতালৈ আগবঢ়োৱা হয় চিগাৰেট! গুজৰাটৰ এই মন্দিৰৰ ১৩০ বছৰীয়া অদ্ভুত পৰম্পৰা জানিলে আচৰিত হ’ব

ফুল-মিঠাই নহয়, দেৱতালৈ আগবঢ়োৱা হয় চিগাৰেট! গুজৰাটৰ এই মন্দিৰৰ ১৩০ বছৰীয়া অদ্ভুত পৰম্পৰা জানিলে আচৰিত হ’ব

August 30, 2026 9:10 pm
ৰাখে হৰি মাৰে কোন? ৩ দিন পিছত নেপালৰ ধ্বংসস্তুপৰ মাজত জীৱন্ত অৱস্থাত উদ্ধাৰ ৬ বছৰীয়া শিশুকন্যা

ৰাখে হৰি মাৰে কোন? ৩ দিন পিছত নেপালৰ ধ্বংসস্তুপৰ মাজত জীৱন্ত অৱস্থাত উদ্ধাৰ ৬ বছৰীয়া শিশুকন্যা

August 30, 2026 7:50 pm
আমেৰিকাত মানৱতাৰ পাঠ, অসমত নীৰৱতা! হিতেশ্বৰ চক্ৰৱৰ্তীৰ অনশনক লৈ চকু মুদা কুলিৰ ভূমিকাত আৰ এছ এছৰ নেতৃত্ব

আমেৰিকাত মানৱতাৰ পাঠ, অসমত নীৰৱতা! হিতেশ্বৰ চক্ৰৱৰ্তীৰ অনশনক লৈ চকু মুদা কুলিৰ ভূমিকাত আৰ এছ এছৰ নেতৃত্ব

August 30, 2026 6:56 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

মদ খাবলৈ বাদ দিছে জেন জিয়ে? তেন্তে কিহৰ ‘নিচা’ত ডুবিছে নতুন প্ৰজন্ম, পোহৰলৈ আহিল আচল ৰহস্য!

মদ খাবলৈ বাদ দিছে জেন জিয়ে? তেন্তে কিহৰ ‘নিচা’ত ডুবিছে নতুন প্ৰজন্ম, পোহৰলৈ আহিল আচল ৰহস্য!

August 30, 2026 9:40 pm
ফুল-মিঠাই নহয়, দেৱতালৈ আগবঢ়োৱা হয় চিগাৰেট! গুজৰাটৰ এই মন্দিৰৰ ১৩০ বছৰীয়া অদ্ভুত পৰম্পৰা জানিলে আচৰিত হ’ব

ফুল-মিঠাই নহয়, দেৱতালৈ আগবঢ়োৱা হয় চিগাৰেট! গুজৰাটৰ এই মন্দিৰৰ ১৩০ বছৰীয়া অদ্ভুত পৰম্পৰা জানিলে আচৰিত হ’ব

August 30, 2026 9:10 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd