NORTHEAST NOW (Assamese)

ওৰাং ৰাষ্ট্ৰীয় উদ্যানৰ সমীপত মণিপুৰৰ দুৰ্ধৰ্ষ চোৰাংচিকাৰী আটক

February 26, 2019 10:34 pm · ময়ূখ গোস্বামী

দৰং আৰক্ষীয়ে আজি চলোৱা এক সফল অভিযানত এটা .৩০৩ ৰাইফল আৰু কেইবাজাঁই গুলীসহ এগৰাকী দুৰ্ধৰ্ষ চোৰাংচিকাৰীক আটক কৰিবলৈ সক্ষম হয়। ধৃত চোৰাংচিকাৰীজনক মণিপুৰৰ চুৰাচান্দপুৰ জিলাৰ ছোলা গুইটে (৩০) বুলি চিনাক্ত কৰা হৈছে।

প্ৰাপ্ত তথ্য মতে এক নিৰ্ভৰযোগ্য সূত্ৰৰ পৰা পোৱা খবৰৰ ভিত্তিত দলগাঁও আৰক্ষী থানাৰ অন্তৰ্গত শিলবৰি আৰক্ষী চকিৰ এটা দলে ওৰাং ৰাষ্ট্ৰীয় উদ্যানৰ সমীপৰ ধনশিৰি নৈৰ দাঁতিৰ বেজিমাৰি গাঁৱত অভিযান চলাই  চোৰাংচিকাৰীজন আটক কৰে।

আৰক্ষীয়ে জানিবলৈ দিয়া মতে অভিযানকাৰী দলটোৱে এটা ৩ জনীয়া চোৰাংচিকাৰীৰ দলক আগভেটি ধৰে যদিও ইয়াৰে এজনক হে কৰায়ত্ত কৰিবলৈ সক্ষম হোৱাৰ বিপৰীতে আন্ধাৰৰ সুযোগ গ্ৰহণ কৰি আন দুজনে ঘটনাস্থলীৰ পৰা পলায়ন কৰে।

উল্লেখযোগ্য যে আৰক্ষীয়ে চলোৱা প্ৰাৰ্থমিক জেৰাত পোহৰলৈ অহা মতে ধৃত ছোলা গুইটে ইয়াৰ পূৰ্বে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত গঁড় হত্যাৰ সৈতে জড়িত আছিল। যোৱা কিছুদিন পূৰ্বে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ অগাৰাতলীত গঁড় হত্যাৰ চেষ্টা চলাইছিল বুলিও আৰক্ষীয়ে দাবী কৰে।

Related News