DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Wednesday, August 10, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

মোদীৰ ‘১৫ লাখ’ নোপোৱা ভোটাৰলৈ ৰাহুল গান্ধীৰ নিম্নতম আয়ৰ প্ৰতিশ্ৰুতি

প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু বিজেপি চৰকাৰক তুলাধুনা ৰাহুল গান্ধীৰ

এন ই নাও নিউজ by এন ই নাও নিউজ
February 27, 2019 12:23 am
Rahul Gandhi public rally

২৬ ফেব্ৰুৱাৰিৰ খানাপাৰাত ৰাহুল গান্ধীৰ সমাৱেশৰ দৃশ্য। ফটো : য়ু বি।

435
VIEWS
Share on FacebookShare on Twitter

কংগ্ৰেছ চৰকাৰ শাসনলৈ আহিলে দেশৰ সকলো দুখীয়া মানুহক এটা নিম্নতম আয়ৰ নিশ্চিতি দিয়া হ’ব। এই নিম্নতম আয় হিতাধিকাৰীৰ একাউণ্টত পোনপটীয়াকৈ জমা হ’ব। আজি গুৱাহাটীৰ খানাপাৰাত কংগ্ৰেছৰ বুথ কৰ্মীসকলৰ এখন সভাত উপস্থিত প্ৰায় ৫০ হাজাৰ লোকক সম্বোধন কৰি ৰাহুল গান্ধীয়ে এই আশ্বাস দোহাৰে। পূৰ্বেও দেশৰ আন ঠাইত কংগ্ৰেছৰ সভাপতিজনে এই প্ৰতিশ্ৰুতি দি আহিছে।।

ইপিনে ৰাহুল গান্ধীয়ে প্ৰধান মন্ত্ৰী মোদীক তীব্ৰ কটাক্ষ কৰে। ২০১৪ চনৰ লোকসভা নিৰ্বাচনৰ প্ৰচাৰ সভাত নৰেন্দ্ৰ মোদীয়ে দিয়া এটা প্ৰতিশ্ৰুতিৰ প্ৰসংগ টানি কংগ্ৰেছৰ সভাপতি জনে মোদীক তুলাধুনা দিয়ে।

“মই আপোনালোকক এই প্ৰতিশ্ৰুতি নিদিওঁ যে একাউণ্টত ১৫ লাখকৈ টকা ভৰাই দিম। কংগ্ৰেছ চৰকাৰ আহিলে মিনিমান ইনকাম গেৰাণ্টি লাগু কৰা হ’ব। প্ৰতিজন ব্যক্তিক চাৰে তিনি টকা নহয়। প্ৰতিজন ব্যক্তিৰ একাউণ্টত পোনপটীয়াকৈ এই নিম্নতম আয়ৰ টকা জমা হ’ব।”, মোদীক ইতিকিং কৰি গান্ধীৰ এই মন্তব্য।

উল্লেখযোগ্য যে ২০১৪ চনৰ লোকসভা নিৰ্বাচনৰ প্ৰচাৰ সভাত নৰেন্দ্ৰ মোদীয়ে বিজেপি শাসনলৈ আহিলে ক’লা ধন আনি তাৰে প্ৰতিজন ভাৰতীয়ৰ একাউণ্টত ১৫ লাখকৈ টকা ভৰাই দিয়া হ’ব বুলি প্ৰতিশ্ৰুতি দিছিল।

গান্ধীয়ে প্ৰধান মন্ত্ৰী মোদীৰ লগতে তেওঁৰ চৰকাৰখনকো সমালোচনা কৰে। গান্ধীয়ে কয় যে যিখন চৰকাৰে দেশৰ কৃষকৰ ঋণ মাফ কৰি দিবলৈ টকা নাই বুলি কয় সেই চৰকাৰখনে অনিল আম্বানি, নীৰৱ মোদী, ললিত মোদীকে ধৰি ১৫জন পুঁজিপতিক ৩ লাখ ৫০ হাজাৰ কোটি টকাৰ ঋণ ৰেহাই দিছে।

২৬ ফেব্ৰুৱাৰিৰ খানাপাৰাত ৰাহুল গান্ধীৰ সমাৱেশৰ দুটা মুহূৰ্ত। ফটো : য়ু বি।

কংগ্ৰেছৰ সভাপতিজনে কয় যে পুঁজিপতিক ৩ লাখ ৫০ হাজাৰ কোটি টকাৰ ঋণ ৰেহাই দিয়া চৰকাৰখনে দেশৰ কৃষকসকলক দৈনিক ১৭ টকাকৈ দিয়াৰ কথা ঘোষণা কৰি মহা ফূৰ্তি কৰি দেখুৱাইছে। তেওঁ যোৱা বাজেট অধিৱেশনৰ অন্তিম দিনটোৰ বৰ্ণনা দি কয়, “বাজেট অধিৱেশনৰ অন্তিম দিনটোত মন্ত্ৰী পীয়ুষ গোৱেলে ভাষণ দি আছিল। বিজেপিৰ সাংসদসকলে ধৰা ধৰ ধৰা ধৰ পাঁচ মিনিট তালি বজাবলৈ লাগিছিল। মই ভাবিছিলো, কিবা ডাঙৰ কাম কৰিলে হ’বলা। মই খৰ্গেজীক সুধিলো, এওঁলোকে কি কৰিছে? তেওঁ ক’লে, প্ৰতিজন কৃষকক, আচলতে প্ৰতিজন কৃষকৰ পৰিয়ালক দৈনিক ১৭ টকাকৈ দিব বোলে।”

গান্ধীয়ে আকৌ কয়, “অনিল আম্বানিক ৪৫ হাজাৰ কোটি টকা, নীৰৱ মোদীক ৩৫ হাজাৰ কোটি টকা, আৰু হিন্দুস্তানৰ কৃষকক দৈনিক ১৭ টকা। অৰ্থাৎ কৃষকৰ পৰিয়ালৰ প্ৰতিজন ব্যক্তিৰ নামত ৩.৫০ টকা দিব। আৰু তাতে বিজেপিৰ সাংসদসকলে ধৰা ধৰ ধৰা ধৰ পাঁচ মিনিট তালি বজালে। চাৰে তিনি লাখ কোটি মাফ কৰি দিলে। তেতিয়া তালি নবজালে। কৃষকক ৩.৫০ টাক দৈনিক দি তালি বজালে।”

গান্ধীয়ে তেওঁ দিয়া নিৰ্বাচনী প্ৰতিশ্ৰুতিৰ বিশ্বাসযোগ্যতা পৰীক্ষা কৰিবলৈ হ’লে ৰাজস্থান, মধ্য প্ৰদেশ, ছত্তিছগড়ৰ উদাহৰণ চাবলৈ কয়। তেওঁ এই ৰাজ্যকেইখনত নিৰ্বাচনৰ পূৰ্বে দিয়া তেওঁৰ ভাষণ ঘূৰি চাবলৈও আহ্বান জনায়। তেওঁ কয়, “ৰাজস্থান, মধ্য প্ৰদেশ আৰু ছত্তিছগড়ত কংগ্ৰেছ শাসনলৈ আহিলে চৰকাৰ গঠন কৰা ১০ দিনৰ ভিতৰত কৃষকৰ ঋণ মাফ দিয়া হ’ব বুলি কৈছিলো। কিন্তু দহ দিন নল’লো। দুদিনত সেয়া আৰম্ভ কৰিলো।”

 

Recent News

Akhilesh Yadav on Bihar Politics

বিহাৰৰ পৰা আৰম্ভ হৈছে ‘বিজেপি ভগাও’ শ্ল’গান: নীতিশ কুমাৰৰ সিদ্ধান্তক আদৰণি অখিলেশ যাদৱৰ

Assam

চেৰফাংগুৰিত আৰক্ষীৰ অভিযান: নাগালেণ্ডৰ লটাৰী টিকটসহ চাৰিজনক গ্ৰেপ্তাৰ

Sunil Chhetri AIFF Footballers Of Year

সপ্তমবাৰৰ বাবে ভাৰতীয় ফুটবলৰ বৰ্ষশ্ৰেষ্ঠ ফুটবলাৰৰ সন্মান সুনীল ছেত্ৰীলৈ; মনীষা কল্যাণলৈ মহিলাৰ শ্ৰেষ্ঠ ফুটবলাৰৰ সন্মান

Chess Olympiad

দবা অলিম্পিয়াডত সাফল্য ভাৰতৰ: ব্ৰঞ্জ জিনিলে ভাৰতৰ ‘বি’ দল আৰু মহিলা ‘এ’ দলে

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd