• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Saturday, January 23, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

শিৱসাগৰৰ ৰাজপথত প্ৰাথমিক শিক্ষকৰ উত্তাল প্ৰতিবাদ

NE NOW NEWS পাৰ্শ্বজ্যোতি গগৈ
শিৱসাগৰ , February 26, 2019 10:20 pm

1 min read

শিৱসাগৰৰ ৰাজপথত প্ৰাথমিক শিক্ষকৰ উত্তাল প্ৰতিবাদ

শিৱসাগৰত শিক্ষকৰ উত্তাল প্ৰতিবাদ

286
VIEWS
Share on FacebookShare on Twitter

অসম ৰাজ্যিক প্ৰাথমিক শিক্ষক সন্মিলনীৰ আহ্বানত সমগ্ৰ অসমৰ লগতে শিৱসাগৰতো প্ৰতিবাদী শোভাযাত্ৰা আৰু জেলভৰো কাৰ্যসূচী ৰূপায়ণ কৰা হয়। শিৱসাগৰ মহকুমা প্ৰাথমিক শিক্ষক সন্মিলনীৰ কেইবা সহস্ৰাধিক প্ৰাথমিক শিক্ষকে মঙলবাৰে শিৱসাগৰ চহৰৰ ষ্টেচন চাৰিআলিত থকা শিক্ষক ভৱনৰ পৰা জিলা উপায়ুক্তৰ কাৰ্যালয়লৈ প্ৰতিবাদী সমদল উলিয়াই। প্ৰতিবাদী শিক্ষকসকলে জিলা উপায়ুক্তৰ জৰিয়তে মুখ্যমন্ত্ৰী, শিক্ষামন্ত্ৰীলৈ স্মাৰক পত্ৰ প্ৰেৰণ কৰে।

প্ৰতিখন বিদ্যালয়ত প্ৰধান শিক্ষকৰ পদ সৃষ্টি কৰি সপ্তম দৰমহা আয়োগে নিৰ্ধাৰণ কৰা গ্ৰেড পে আদায় দিয়া, কৰ্মৰত প্ৰশিক্ষণপ্ৰাপ্ত স্নাতক শিক্ষকৰ পৰা কাঢ়ি নিয়া ৮৭০০ টকাৰ গ্ৰেড পে ঘূৰাই দিয়া, কৰ্মৰত সকলো ঠিকা ভিত্তিক শিক্ষকৰ পদসমূহ বিনাচৰ্তে নিয়মীয়াকৰণ কৰা, চাকৰিৰ নিৰাপত্তা সুনিশ্চিত কৰা, বেতন বঞ্চিত শিক্ষকৰ চাকৰি নিয়মীয়াকৰণ কৰি প্ৰাপ্ত দৰমহা আদায় দিয়া, ২০১৭ চনৰ বৃত্তি পৰীক্ষাৰ ফলাফল ঘোষণা কৰা, শিক্ষা আয়োগ গঠন কৰা আৰু পুৰণা পেঞ্চন নীতি বাহাল ৰখাকে ধৰি মুঠ ১২ টা দাবীত প্ৰতিবাদী শোভাযাত্ৰা আৰু জেল ভৰো কাৰ্যসূচী ৰূপায়ণ কৰে।

অসমৰ প্ৰতিখন জিলাতে আজি হাজাৰ হাজাৰ শিক্ষকে চৰকাৰৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে। আনহাতে,  এই প্ৰতিবাদৰ পাছতো চৰাকাৰে গা এৰা মনোভাৱ গ্ৰহণ কৰিলে অনিৰ্দিষ্ট কাললৈ শিক্ষক সকলে বিদ্যালয় তলাবন্ধ কাৰ্য্যসূচী হাতত ল’বলৈ বাধ্য হ’ব বুলি হুংকাৰ দিয়ে।

 

Recent News

পোনপ্ৰথমবাৰলৈ আছুৰ শ্বহীদ ন্যাসৰ সন্মুখত বিজেপি চৰকাৰৰ আৰক্ষীয়ে লগালে প্ৰকাণ্ড বেৰিকেড

পোনপ্ৰথমবাৰলৈ আছুৰ শ্বহীদ ন্যাসৰ সন্মুখত বিজেপি চৰকাৰৰ আৰক্ষীয়ে লগালে প্ৰকাণ্ড বেৰিকেড

Modi-speech-696

প্ৰধানমন্ত্ৰী মোদীৰ শিৱসাগৰ ভ্ৰমণ আৰু কিছু প্ৰাসংগিক কথা…

জোঁৰ সমদলত বাধা দিয়া আৰক্ষীৰ উচ্চপদস্থ বিষয়াক জবাবদিহি কৰিলে সমুজ্জ্বল ভট্টাচাৰ্য্যই

জোঁৰ সমদলত বাধা দিয়া আৰক্ষীৰ উচ্চপদস্থ বিষয়াক জবাবদিহি কৰিলে সমুজ্জ্বল ভট্টাচাৰ্য্যই

বোকাখাতত কৃষি আৰু উদ্যান শস্য মেলা, ভাৰ্চুৱেল আলোচনাত অংশগ্ৰহণ বিদেশী বিশেষজ্ঞৰ

বোকাখাতত কৃষি আৰু উদ্যান শস্য মেলা, ভাৰ্চুৱেল আলোচনাত অংশগ্ৰহণ বিদেশী বিশেষজ্ঞৰ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd