নাপায় হাৰ্ডিক নাপায়! দিল্লীৰ হাতত হাৰি সৰ্বাধিক ৰান কৰা বেটছমেনকে দোষাৰোপ কৰিলে অধিনায়কে

যদিও আনুষ্ঠানিক নহয়, তথাপিও চলি থকা আই পি এলত ৰয়েল চেলেঞ্জাৰ্ছ বাংগালুৰুৰ যাত্ৰা প্ৰায় শেষ। সেই তালিকাত এইবাৰ যোগ দিবলৈ আগবাঢ়িছে মুম্বাই ইণ্ডিয়ানছ। অৱশ্যে মুম্বাই ইণ্ডিয়ানছে আৰ চি বিতকৈ কিছু ভাল কামবেক কৰাৰ সম্ভাৱনা আছে। কাৰণ আৰ চি বিতকৈ মুম্বাইয়ে বেছি মেচ জিকিছে।

এসময়ত যিটো দলৰ সন্মুখত পৰিলে বিপক্ষ দলটোৱে শংকাত কঁপিছিল এতিয়া তেওঁলোকৰ সৈতেই দমনীয় হৈ খেলিছে। যিটো দেখা গৈছিল শনিবাৰে দিল্লী কেপিটেলছৰ বিৰুদ্ধে মুম্বাই ইণ্ডিয়ানছৰ খেলখনত।

দিল্লী কেপিটেলছৰ বিৰুদ্ধে শৃংখলাৰ নৱমখন খেলত মুম্বাই ১০ ৰানত পৰাস্ত হয়। দিল্লীয়ে প্ৰথমতে ২৫৭ ৰান সংগ্ৰহ কৰে। প্ৰত্যুত্তৰত হাৰ্দিক পাণ্ডিয়াৰ নেতৃত্বত মুম্বাই দলটোৱে মাত্ৰ ২৪৭ ৰানহে কৰিবলৈ সক্ষম হয়।

লগতে পঢ়কঃ IPL 2024: অধিনায়ক সঞ্জুৰ বেটিং বিক্ৰমত ধৰাশায়ী লক্ষ্ণৌ; প্লে অফৰ দৌৰত সবাতোকৈ আগত ৰাজস্থান

এই পৰাজয়ৰ পিছতে মুম্বাই ইণ্ডিয়ানছ দলৰ ভিতৰৰ বিবাদবোৰ অধিক স্পষ্ট হৈ পৰিল। নজৰলৈ আহিছে বিশেষকৈ হাৰ্দিক পাণ্ডিয়াৰ প্ৰদৰ্শন।

দিল্লীৰ বিৰুদ্ধে হাৰি কি ক’লে হাৰ্দিকে? হাৰ্দিক পাণ্ডিয়াৰ বিশ্বাস এই লক্ষ্য পূৰণ কৰি তেওঁৰ দলটোৱে মেচখনত জয়ী হ’ব পাৰিলেহেঁতেন। খেলৰ অন্তত মুম্বাই ইণ্ডিয়ানছৰ অধিনায়কে কয়, ‘এই মেচখন বৰ ৰোমাঞ্চকৰ হৈ আহিছিল। আগতে দুটা দলৰ মাজত পাৰ্থক্য আছিল কেইটামান অভাৰৰ। এতিয়া সেইটো কেইটামান বলৰ পাৰ্থক্যলৈ নামি আহিছে। এই ধৰণৰ মেচত বলাৰসকলৰ ওপৰত অধিক হেঁচা পৰে। কিন্তু আমি আমাৰ জয়ৰ ওপৰত আত্মবিশ্বাসী আছিলো।’

এই খেলখনত মুম্বাই ইণ্ডিয়ানছৰ হৈ সৰ্বাধিক ৰান সংগ্ৰহ কৰে তিলক ভাৰ্মাই। তেওঁ ওলাই অহাৰ লগে লগে দলটোৱে আশা হেৰুৱাই পেলায়। কিন্তু হাৰ্দিকে এই পৰাজয়ৰ বাবে তেওঁকে দোষাৰোপ কৰে। ৩২টা বলত ৬৩ ৰান সংগ্ৰহ কৰে তিলক। হাৰ্ডিকে কয় যে যদি আমি কিবা এটা কৰিব বিচাৰিলোহেঁতেন, তেন্তে আমি মিডল অভাৰত অলপ বেছি ৰিস্ক ল’ব পাৰিলোহেঁতেন। বিশেষকৈ বাওঁহতীয়া বেটাৰগৰাকীয়ে অক্ষৰক আক্ৰমণৰ লক্ষ্য কৰিব পাৰিলেহেঁতেন। এইটো অলপ ভুল হৈছিল।’

লগতে পঢ়কঃ প্ৰধানমন্ত্ৰী মোডীক ‘সমালোচনা’ কৰি ৰাজৰোষত সাংবাদিক; ভাৰত এৰি যাব লগা হ’ল গুচি!

দিল্লী কেপিটেলে মুম্বাই ইণ্ডিয়ানছক ১০ ৰানত পৰাস্ত কৰে। মুম্বাই ইণ্ডিয়ানছক ৯ উইকেটত ২৪৭ ৰানতে সীমাবদ্ধ কৰে। দিল্লীয়ে চাৰি উইকেটত ২৫৭ ৰান সংগ্ৰহ কৰিছিল। মাত্ৰ ২৭টা বলত জেক ফ্ৰেজাৰ মেকগাৰ্কে ৮৪ ৰান সংগ্ৰহ কৰি দিল্লীৰ হৈ বিস্ফোৰক আৰম্ভণি কৰে। ট্ৰিষ্টান ষ্টাবছে ২৫ বলত অপৰাজিত ৪৮ ৰান, ছাই হোপে ১৭ বলত ৪১ ৰান আৰু অভিষেক পড়েলে ২৭ বলত ৩৬ ৰান সংগ্ৰহ কৰে। মুম্বাইৰ হৈ তিলক ভাৰ্মাই সৰ্বাধিক ৬৩ ৰান সংগ্ৰহ কৰে। দিল্লীৰ হৈ ৰচিক চালাম ডাৰ আৰু মুকেশ কুমাৰে তিনিটাকৈ উইকেট দখল কৰে।