• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, October 7, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

জছ বাটলাৰৰ যোগ্য উত্তৰাধিকাৰী! অধিনায়কৰ দায়িত্বলৈয়ে টি-২০ত বিশ্ব অভিলেখ গঢ়িলে হেৰী ব্ৰুকে

ফেব্ৰুৱাৰী মাহত পাকিস্তানৰ বিৰুদ্ধে প্ৰথমটো শতক অৰ্জন কৰাৰ পাছত মঙলবাৰে ছাউথাম্পটনত শ্ৰীলংকাৰ বিৰুদ্ধে অপৰাজিত ১১৪ ৰানৰ ইনিংছ খেলি এই অভিলেখ গঢ়ে ব্ৰুকে

এন ই নাও  নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
September 16, 2026 8:35 am
শ্ৰীলংকাৰ বিৰুদ্ধে অনুষ্ঠিত প্ৰথমখন টি-২০ মেচত হেৰী ব্ৰুকে অপৰাজিত ১১৪ ৰানৰ এক অনবদ্য ইনিংছ খেলে (সৌজন্য: এপি)

শ্ৰীলংকাৰ বিৰুদ্ধে অনুষ্ঠিত প্ৰথমখন টি-২০ মেচত হেৰী ব্ৰুকে অপৰাজিত ১১৪ ৰানৰ এক অনবদ্য ইনিংছ খেলে (সৌজন্য: এপি)

49
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ইংলেণ্ড ক্ৰিকেট দলৰ অধিনায়ক হেৰী ব্ৰুকে ১৫ ছেপ্টেম্বৰ, মঙলবাৰে এক ইতিহাস ৰচনা কৰে। ছাউথাম্পটনত শ্ৰীলংকাৰ বিৰুদ্ধে অনুষ্ঠিত টি-২০ মেচত এক শতক অৰ্জন কৰি তেওঁ আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট পৰিষদৰ পূৰ্ণ সদস্য ৰাষ্ট্ৰৰ প্ৰথমগৰাকী অধিনায়ক হিচাপে একেটা বৰ্ষতে একাধিক টি-২০ শতক অৰ্জন কৰাৰ গৌৰৱ অৰ্জন কৰে। ২০২৫ চনত জছ বাটলাৰৰ স্থানত ইংলেণ্ডৰ সীমিত অভাৰৰ অধিনায়ক হিচাপে দায়িত্ব গ্ৰহণ কৰা ব্ৰুকে মঙলবাৰে শ্ৰীলংকাৰ বিৰুদ্ধে অপৰাজিত ১১৪ ৰানৰ এক ইনিংছ উপহাৰ দিয়ে।

 

Apply Now

শ্ৰীলংকাৰ বিৰুদ্ধে মঙলবাৰে অনুষ্ঠিত উদ্বোধনী টি-২০ মেচখনত হেৰী ব্ৰুকে মাত্ৰ ৪৯ টা বলত দহটা চাৰি আৰু ছটা ছয়ৰে অপৰাজিত ১১৪ ৰানৰ এক বিস্ফোৰক ইনিংছ উপহাৰ দিয়ে। মেচখনত তেওঁ দ্বিতীয় উইকেটত জছ বাটলাৰৰ  সৈতে (৪৪ বলত ৮০ ৰান) ৬০ বলত ১২৮ ৰান সংগ্ৰহ কৰে। পৰৱৰ্তী পৰ্যায়ত ব্ৰুকে টম বেণ্টনৰ (১০ বলত ১০ ৰান) সৈতে তৃতীয় উইকেটত ৩৬ ৰান আৰু উইল জেকছৰ (১২ বলত ২১ ৰান) সৈতে চতুৰ্থ উইকেটত ৫৯ ৰানৰ গুৰুত্বপূৰ্ণ অংশীদাৰিত্বৰে ইনিংছটো আগবঢ়াই নিয়ে।

 

ইয়াৰ পূৰ্বে ২০২৬ চনৰ ২৪ ফেব্ৰুৱাৰীত পালেকেলেত অনুষ্ঠিত আইচিচি পুৰুষৰ টি-২০ বিশ্বকাপত পাকিস্তানৰ বিৰুদ্ধে অধিনায়ক হিচাপে ব্ৰুকে নিজৰ প্ৰথমটো টি-২০ শতক অৰ্জন কৰিছিল। সেই শতকটোৰ জৰিয়তে তেওঁ টি-২০ আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত শতক অৰ্জন কৰা ইংলেণ্ডৰ প্ৰথম আৰু একমাত্ৰ অধিনায়ক হিচাপে পৰিগণিত হৈছিল। এটা বৰ্ষত একাধিক শতক অৰ্জন কৰাৰ ক্ষেত্ৰত ব্ৰুকৰ পূৰ্বে কেৱল আইচিচিৰ সহযোগী সদস্য ৰাষ্ট্ৰৰ দুগৰাকী অধিনায়কেহে এই অভিলেখ গঢ়িবলৈ সক্ষম হৈছিল। ইশ্বাতিনিৰ অধিনায়ক আদিল বাটে ২০২৬ চনত তিনিটা আৰু ছুইজাৰলেণ্ডৰ ফাহিম নাজিৰে ২০২২ চনত দুটা শতক অৰ্জন কৰিছিল।

 

সামগ্ৰিকভাৱে টি-২০ আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত একাধিক শতক অৰ্জন কৰা অধিনায়কৰ তালিকাত হেৰী ব্ৰুক বৰ্তমান ষষ্ঠগৰাকী খেলুৱৈ। পূৰ্ণ সদস্য ৰাষ্ট্ৰৰ অধিনায়ক হিচাপে কেৱল পাকিস্তানৰ বাবৰ আজম আৰু ভাৰতৰ ৰোহিত শৰ্মাৰহে একাধিক টি-২০ শতক অৰ্জন কৰাৰ অভিলেখ আছে, য’ত দুয়োগৰাকীয়ে নিজৰ দলক নেতৃত্ব দি তিনিটাকৈ শতক অৰ্জন কৰিছে। আনহাতে, সহযোগী ৰাষ্ট্ৰৰ খেলুৱৈ জাপানৰ কেণ্ডেল কাড’ৱাকি-ফ্লেমিঙৰো দুটা শতকৰ অভিলেখ আছে।

 

এই অভিলেখৰ লগতে ব্ৰুকে ২০২৬ বৰ্ষত ১৭ খন টি-২০ মেচ খেলি ৬৩৪ ৰান সংগ্ৰহ কৰিছে, যিটো কোনো ইংলেণ্ডৰ অধিনায়কৰ বাবে এটা কেলেণ্ডাৰ বৰ্ষত সৰ্বাধিক ৰান। অৱশ্যে, অধিনায়ক হিচাপে এটা বৰ্ষত সৰ্বাধিক টি-২০ ৰান সংগ্ৰহৰ বিশ্ব অভিলেখ বৰ্তমানো পাকিস্তানৰ বাবৰ আজমৰ নামতেই আছে, যিয়ে ২০২১ চনত ২৯ খন মেচত দলক নেতৃত্ব দি ৯৩৯ ৰান সংগ্ৰহ কৰিছিল।

এন ই নাও  নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

নিৰ্বাচন আয়ুক্ত নিযুক্তি গোচৰত নতুন পাক: ন্যায়াধীশৰ বিৰুদ্ধে পক্ষপাতিত্বৰ অভিযোগ

নিৰ্বাচন আয়ুক্ত নিযুক্তি গোচৰত নতুন পাক: ন্যায়াধীশৰ বিৰুদ্ধে পক্ষপাতিত্বৰ অভিযোগ

October 7, 2026 3:36 pm
ড্ৰোন আক্ৰমণত দাউদাউকৈ জ্বলি উঠিল লাইবেৰিয়াৰ জাহাজ! কথমপি প্ৰাণ ৰক্ষা ২৩ গৰাকী ভাৰতীয়ৰ

ড্ৰোন আক্ৰমণত দাউদাউকৈ জ্বলি উঠিল লাইবেৰিয়াৰ জাহাজ! কথমপি প্ৰাণ ৰক্ষা ২৩ গৰাকী ভাৰতীয়ৰ

October 7, 2026 1:15 pm
প্ৰতিৰক্ষাৰ গোপন তথ্য পাকিস্তানৰ হাতত! দেশজুৰি ‘অপাৰেচন ফায়াৰৱাল ২০২৬’

প্ৰতিৰক্ষাৰ গোপন তথ্য পাকিস্তানৰ হাতত! দেশজুৰি ‘অপাৰেচন ফায়াৰৱাল ২০২৬’

October 7, 2026 11:52 am
বিধায়িনী সংখ্যাগৰিষ্ঠতাৰ ভিত্তিত প্ৰতীক আৱণ্টন কিমান নিৰাপদ? শিৱসেনা গোচৰত উচ্চতম ন্যায়ালয়ৰ গুৰুত্বপূৰ্ণ প্ৰশ্ন

বিধায়িনী সংখ্যাগৰিষ্ঠতাৰ ভিত্তিত প্ৰতীক আৱণ্টন কিমান নিৰাপদ? শিৱসেনা গোচৰত উচ্চতম ন্যায়ালয়ৰ গুৰুত্বপূৰ্ণ প্ৰশ্ন

October 7, 2026 10:07 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

নিৰ্বাচন আয়ুক্ত নিযুক্তি গোচৰত নতুন পাক: ন্যায়াধীশৰ বিৰুদ্ধে পক্ষপাতিত্বৰ অভিযোগ

নিৰ্বাচন আয়ুক্ত নিযুক্তি গোচৰত নতুন পাক: ন্যায়াধীশৰ বিৰুদ্ধে পক্ষপাতিত্বৰ অভিযোগ

October 7, 2026 3:36 pm
ড্ৰোন আক্ৰমণত দাউদাউকৈ জ্বলি উঠিল লাইবেৰিয়াৰ জাহাজ! কথমপি প্ৰাণ ৰক্ষা ২৩ গৰাকী ভাৰতীয়ৰ

ড্ৰোন আক্ৰমণত দাউদাউকৈ জ্বলি উঠিল লাইবেৰিয়াৰ জাহাজ! কথমপি প্ৰাণ ৰক্ষা ২৩ গৰাকী ভাৰতীয়ৰ

October 7, 2026 1:15 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd