NORTHEAST NOW (Assamese)

মিজোৰামত মেগা ফুড পাৰ্ক উদ্বোধন কেন্দ্ৰীয় মন্ত্ৰী হৰচিমৰৎ কৌৰ বাদলৰ

July 20, 2020 6:44 pm · এন ই নাও নিউজ
উৎস-ইণ্টাৰনেট

কেন্দ্ৰীয় খাদ্য সংসাধন মন্ত্ৰী হৰচিমৰৎ কৌৰ বাদলে সোমবাৰে ভিডিঅ’ কনফাৰেন্সিঙৰ মাধ্যমেৰে মিজোৰামৰ কোলাচিবত জোৰাম মেগা ফুড পাৰ্ক উদ্বোধন কৰে।

মিজোৰামৰ কোলাচিবত স্থাপন কৰা জোৰমা মেগা ফুড পাৰ্কখন ৭৫ কোটি টকা ব্যয় সাপেক্ষে মুঠ ৫৫ একৰ ভূমিত নিৰ্মাণ কৰি উলিওৱা হৈছে আৰু ইয়াৰ ফলত ৰাজ্যখনৰ ২৫,০০০ অধিক খেতিয়ক লাভান্বিত হ’ব বুলি হৰচিমৰৎ কৌৰ বাদলে কয়।

আনহাতে, নতুনকৈ স্থাপন কৰা মেগা ফুড পাৰ্কখনে মিজোৰামত ৫,০০০ অধিক নতুন নিয়োগৰ সৃষ্টি কৰিব বুলিও কেন্দ্ৰীয় মন্ত্ৰী গৰাকীয়ে লগতে কয়।

মেগা ফুড পাৰ্কখন উদ্বোধনী অনুষ্ঠানত কেন্দ্ৰীয় খাদ্য সংসাধনৰ ৰাজ্যিক মন্ত্ৰী তথা অসমৰ সাংসদ ৰামেশ্বৰ তেলীয়ো অংশগ্ৰহণ কৰে।

তদুপৰি, উদ্বোধনী অনুষ্ঠানত অংশগ্ৰহণ কৰি ড’নাৰ মন্ত্ৰী জিতেন্দ্ৰ সিঙে ফুড পাৰ্কখনে ৰাজ্যৰ খেতিয়ক সকলৰ আয় দুগুণ বৃদ্ধি কৰাত সহায় কৰিব বুলিও কয়।

৫৪ নং ৰাষ্ট্ৰীয় ঘাইপথৰ ওচৰত স্থাপন কৰা জোৰাম মেগা ফুড পাৰ্কখনে ৰাজ্যখনত উৎপন্ন হোৱা বিভিন্ন ফল-মূল আৰু পাচলিৰ সংৰক্ষণ আৰু সংসাধনৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব বুলিও বিভাগীয় কৰ্তৃপক্ষয় জানিবলৈ দিয়ে।

ভাৰ্চুৱেল উদ্বোধনী অনুষ্ঠানত কেন্দ্ৰীয় মন্ত্ৰী তিনিগৰাকীৰ লগতে মিজোৰামৰ মুখ্য মন্ত্ৰীকে ধৰি অন্যান্য বিষয়ববীয়া সকল উপস্থিত থাকে।

Related News