NORTHEAST NOW (Assamese)

ৰক্তচাপ নিয়ন্ত্ৰণৰ বাবে নিমখ খাবলৈ বাদ দিছে নেকি? সাৱধান! একেবাৰে নাখালেও হ’ব পাৰে বিপদ

October 10, 2025 6:44 am · এন ই নাও নিউজ, গুৱাহাটী
Updated: October 9, 2025 9:08 pm

উচ্চ ৰক্তচাপত ভোগা লোক সকলক নিমখ কমাই খাবলৈ পৰামৰ্শ দিয়ে চিকিৎসকে। গতিকে, যেতিয়া উচ্চ ৰক্তচাপ বৃদ্ধি পায় তেতিয়া ৰোগী সকলে নিমখ খাবলৈ একেবাৰে বাদ দিয়া দেখা যায়। কিন্তু পৰ্যাপ্ত পৰিমাণৰ নিমখ নাখালে বিভিন্ন শাৰীৰিক সমস্যাৰ সৃষ্টি হ’ব পাৰে। বহুতৰে এই বিষয়ে সঠিক ধাৰণা নাথাকে।

চিকিৎসকে কয় যে নিমখে আমাৰ শৰীৰৰ তৰল পদাৰ্থৰ ভাৰসাম্য ৰক্ষা কৰে। স্নায়ুতন্ত্ৰৰ পৰা আৰম্ভ কৰি পেশীৰ কাৰ্যকলাপলৈকে সকলোতে নিমখৰ অপৰিহাৰ্য ভূমিকা। শেহতীয়াকৈ ভাৰতীয় চিকিৎসক সৌৰভ শেট্টীয়ে এটা ভিডিঅ পোষ্ট কৰি কয় যে এচামুচতকৈ কম নিমখ খালে ৰক্তচাপৰ উঠা-নমা লক্ষ্য কৰাটো স্বাভাৱিক। আনকি বিভিন্ন জটিল স্বাস্থ্যজনিত সমস্যাৰো সৃষ্টি হব পাৰে।

নিমখ বাদ দিলে কি হব?

(১) শৰীৰত পৰ্যাপ্ত পৰিমাণৰ নিমখ বা ছডিয়াম নাথাকিলে বিপাকীয় ক্ৰিয়াত ব্যাঘাত জন্মিব পাৰে। কাৰণ নিমখে শৰীৰৰ বিভিন্ন ৰাসায়নিক বিক্ৰিয়া আৰু হৰমন নিয়ন্ত্ৰণ কৰে। সঠিক বিপাকীয় ক্ৰিয়াৰ বাবে ই অতি প্ৰয়োজনীয়। নিমখৰ অভাৱে শৰীৰৰ তৰল পদাৰ্থৰ ভাৰসাম্য বিঘ্নিত কৰাৰ লগতে গুৰুত্বপূৰ্ণ এনজাইম আৰু হৰমনৰ কাৰ্য্যক্ষমতা হ্ৰাস কৰে। ইয়াৰ ফলত বিপাকীয় ক্ৰিয়াৰ গতি লেহেমীয়া হয়। ফলত বিপাকীয় ক্ৰিয়াৰ লগত জড়িত সকলো ৰোগৰ সম্ভাৱনা বাঢ়ি যায়।

(২) খাদ্য আৰু তৰল পদাৰ্থৰ পৰা পোৱা ইলেক্ট্ৰ’লাইট (ছডিয়াম, পটাছিয়াম, কেলচিয়াম ইত্যাদি)এ শৰীৰত পানীৰ ভাৰসাম্য ৰক্ষা কৰাত সহায় কৰে। একে সময়তে ইহঁতে পুষ্টিকৰ পদাৰ্থ কঢ়িয়াই নিয়াৰ লগতে শৰীৰৰ বিষাক্ত পদাৰ্থ আঁতৰোৱাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। ফলত কোষবোৰে নিজৰ কাম সঠিকভাৱে কৰিব পাৰে। ইলেক্ট্ৰ’লাইটৰ অভাৱ হলে শৰীৰে নিজৰ কাম সঠিকভাৱে কৰিব নোৱাৰে। ইয়াৰ ফলত বিভিন্ন জটিল শাৰীৰিক সমস্যাৰ সৃষ্টি হয়।

(৩) পেশী আৰু স্নায়ুতন্ত্ৰৰ সঠিক কাম-কাজৰ বাবে নিমখ বা ছডিয়াম এক গুৰুত্বপূৰ্ণ উপাদান। যদি আপুনি নিমখ খোৱা সম্পূৰ্ণৰূপে বন্ধ কৰে তেন্তে পেশীৰ দুৰ্বলতা, ক্ৰেম্প আৰু স্নায়ুতন্ত্ৰৰ সমস্যাৰ সৃষ্টি হয়।(৪) শৰীৰত পানী ধৰি ৰখাত নিমখৰ অপৰিহাৰ্য ভূমিকা আছে। নিমখ নাখালে শৰীৰৰ পৰা অতিৰিক্ত পানী ওলাই যাব পাৰে। ফলত শৰীৰত পানীৰ অভাৱ হ’ব পৰে। ইয়াৰ ফলত বৃক্ক, হৃদযন্ত্ৰ, আনকি অন্যান্য অংগৰো ক্ষতি হয়।

Related News