কৰ্ণাটক চৰকাৰে লৈছে এটা ডাঙৰ সিদ্ধান্ত। এতিয়াৰ পৰা ৰাজ্যৰ মহিলা শ্ৰমিকসকলে প্ৰতিমাহে এদিনৰ দৰমহাযুক্ত ঋতুস্ৰাৱৰ ছুটী লাভ কৰিব। এই প্ৰস্তাৱ (Menstrual Leave Policy, 2025) বৃহস্পতিবাৰে কৰ্ণাটকৰ মন্ত্ৰীসভাত গৃহীত হয়।
এই নিয়ম কৰ্ণাটকৰ সকলো চৰকাৰী, ব্যক্তিগত কাৰ্যালয়, বহুজাতিক সংস্থা, আৰু আই টি কোম্পানীৰ কৰ্মচাৰীৰ ক্ষেত্ৰত প্ৰযোজ্য হ’ব।
প্ৰথমবাৰৰ বাবে ২০২৪ চনত মহিলা শ্ৰমিকৰ বাবে ঋতুস্ৰাৱৰ ছুটীৰ প্ৰস্তাৱ দিয়া হৈছিল। সেই সময়ত ৬ দিনৰ দৰমহাযুক্ত ছুটীৰ প্ৰস্তাৱ দিয়া হৈছিল। কিন্তু বৃহস্পতিবাৰে কৰ্ণাটকৰ কেবিনেটে বছৰি বাৰ দিনৰ দৰমহাযুক্ত ছুটীৰ প্ৰস্তাৱ গৃহীত কৰে।
কৰ্ণাটক চৰকাৰে কয় যে চৰকাৰৰ এই নতুন সিদ্ধান্তই নিশ্চিত কৰিব যে কৰ্মৰ সময়ত মহিলাসকলৰ শাৰীৰিক আৰু মানসিক স্বাস্থ্যৰ ওপৰত কোনো প্ৰভাৱ নপৰে।
কৰ্ণাটক চৰকাৰে কয় যে প্ৰতিমাহে এদিনীয়া ঋতুস্ৰাৱৰ ছুটী দিলেও কৰ্মক্ষেত্ৰত মহিলাৰ ঋতুস্ৰাৱ সম্পৰ্কে সজাগতা বৃদ্ধি পাব।





