• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Monday, July 7, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

ফিফা কাটাৰ বিশ্বকাপ, ২০২২ ৰ থীম চং মুকলি: ‘হায়া হায়া’- ৰাগত মোহাচ্ছন্ন হ’ব ফুটবল বিশ্ব

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
April 2, 2022 3:35 pm
FIFA World Cup 2022 theme song
256
VIEWS
Share on FacebookShare on Twitter

২০২০ চনৰ দক্ষিণ আফ্ৰিকা ফুটবল বিশ্বকাপৰ সমানে জনপ্ৰিয় হৈছিল এটা গান। পপ্ গায়িকা ছাকিৰাই কণ্ঠ নিগৰোৱা ‘ৱাকা ৱাকা’ নামৰ সেই ফিফা বিশ্বকাপৰ থীম চংটিয়ে বিশ্বজুৰি অপাৰ জনপ্ৰিয়তা লাভ কৰিছিল।

চলিত বৰ্ষৰ শেষৰফালে কাটাৰত অনুষ্ঠিত হ’বলগীয়া ফিফা বিশ্বকাপৰ থীম চংটি শুকুৰবাৰে মুকলি কৰা হয়। ফিফাই নিজৰ চ’চিয়েল মিডিয়া হেণ্ডল যোগে এই গানটি প্ৰচাৰ কৰিছে।

‘হায়া হায়া’ নামৰ এই গীতটোত কণ্ঠদান কৰিছে নাইজেৰিয়াৰ জনপ্ৰিয় গায়ক ডেভিদ এডিলেকে (ডেভিদো)ৰ লগতে আমেৰিকাৰ তাৰকা ত্ৰিনিদাদ কাৰ্ডোনা আৰু কাটাৰৰ তাৰকা গায়িকা আইশাই।

আমেৰিকা, আফ্ৰিকা আৰু আৰৱৰ এই সংগীত তাৰকাসকলক একত্ৰিত কৰি ফিফাই এক বিশেষ বাৰ্তা প্ৰেৰণ কৰিবলৈ চেষ্টা কৰিছে বুলি প্ৰকাশ কৰিছে।

ফিফাৰ মুখ্য বাণিজ্যিক বিষয়া কে মাদাতীয়ে কয় যে ফুটবল আৰু সংগীতে বিশ্বক একত্ৰিত কৰিব পাৰে। ‘হায়া হায়া’ৰ অৰ্থ হৈছে ‘বেটাৰ টুগেদাৰ’। গানটিৰ যোগেদি বৈচিত্ৰৰ মাজত একতা নীতিক প্ৰতিনিধিত্ব কৰিব বিচৰা হৈছে।

আনহাতে শুকুৰবাৰে নিশা লটাৰীযোগে ফিফা বিশ্বকাপৰ অফিচিয়েল ড্ৰ ঘোষণা কৰা হয়। মুঠ ৩২ খন দেশে ভাগ ল’বলগীয়া প্ৰতিযোগিতাখনত এটা গ্ৰুপত ৪ খনকৈ মুঠ ৮ টা গ্ৰুপ থাকিব।

ড্ৰ অনুসৰি গ্রুপ-‘এ’ত আছে কাটাৰ, ইকুৱেডৰ, নেদাৰলেণ্ড, ছেনেগাল। গ্রুপ-‘বি’ ৰ দলসমূহ হৈছে ইংলেণ্ড, ইৰান, আমেৰিকা আৰু স্কটলেণ্ড/ওৱেলস/ইউক্রেইনৰ মাজৰ যোগ্যতা অৰ্জন কৰিবলৈ সক্ষম হোৱা দল।

গ্রুপ-‘চি’ত আছে আর্জেন্টিনা, চৌদি আৰব, মেক্সিকো, পোলেণ্ড। গ্রুপ-ডি: ফ্রান্স, ডেনমার্ক, টিউনিছিয়া, আমিৰশ্বাহী/অষ্ট্ৰেলিয়া/পেৰুৰ মাজৰ যোগ্যতা অৰ্জনকাৰী দল। গ্রুপ-‘ই’ত থাকিব স্পেইন, কোষ্টাৰিকা/নিউজিলেণ্ড, জার্মানী, জাপান।

সেইদৰে গ্রুপ-‘এফ’ ত বেলজিয়াম, কানাডা, মৰক্কো, ক্রোৱেছিয়াই স্থান লাভ কৰিছে। গ্রুপ-‘জি’ত স্থান লাভ কৰা দেশ কেইখন হৈছে ব্রাজিল, চার্বিয়া, চুইজাৰলেণ্ড, কেমেৰুণ। আনহাতে গ্রুপ-‘এইচ’ত আছে পর্তুগাল, ঘানা, উৰুগুৱে, দক্ষিণ কোৰিয়া।

 

The #FIFAWorldCup groups are set 🤩

We can’t wait! 🏆#FinalDraw pic.twitter.com/uaDfdIvbaZ

— FIFA World Cup (@FIFAWorldCup) April 1, 2022

উল্লেখ্য যে যোৱা ৩০ মাৰ্চত বিশ্বকাপৰ বলটো মুকলি কৰা হৈছিল। কাটাৰ বিশ্বকাপৰ অফিচিয়েল মেচ বলটোক আল ৰিল্লা নাম দিয়া হৈছে। আৰবী শব্দ আল ৰিল্লাৰ অৰ্থ হৈছে ‘ভ্ৰমণ’।

ইবন বটুটাৰ ভ্ৰমণ কাহিনীৰ দ্বাৰা অনুপ্ৰাণিত হৈ বলটোৰ নাম আল-ৰিল্লা ৰখা হৈছে। বলৰ ডিজাইনৰ পৰা ৰঙলৈকে কাটাৰৰ সংস্কৃতিৰ ওপৰত আলোকপাত কৰা হৈছে। বিশ্বৰ শীৰ্ষস্থানীয় ক্ৰীড়া সামগ্ৰী নিৰ্মাতা এডিডাছে ফিফা বিশ্বকাপৰ এই অফিচিয়েল বলটো নিৰ্মাণ কৰিছে।

 

Al Rihla, the #OfficialMatchBall of the 2022 #FIFAWorldCup, means ‘the journey’

This is the journey to Qatar, starting now#Qatar2022 | @adidasFootball pic.twitter.com/w8Jwg6lFCS

— FIFA World Cup (@FIFAWorldCup) March 31, 2022

Recent News

দুই কন্যাৰ বিশেষ প্ৰয়োজনৰ বাবেই এৰিব পৰা নাই বাসভৱন; জনালে প্ৰাক্তন মুখ্য ন্যায়াধীশ চন্দ্ৰচুড়ে

দুই কন্যাৰ বিশেষ প্ৰয়োজনৰ বাবেই এৰিব পৰা নাই বাসভৱন; জনালে প্ৰাক্তন মুখ্য ন্যায়াধীশ চন্দ্ৰচুড়ে

বিহাৰত NDAত ভাঙোন? আইন-শৃংখলাক লৈ নীতিশক কটাক্ষ; সকলো আসনতে প্ৰতিদ্বন্দ্বিতা কৰাৰ ঘোষণা চিৰাগৰ

বিহাৰত NDAত ভাঙোন? আইন-শৃংখলাক লৈ নীতিশক কটাক্ষ; সকলো আসনতে প্ৰতিদ্বন্দ্বিতা কৰাৰ ঘোষণা চিৰাগৰ

বিশ্ব বেংকৰ দাবী- ভাৰতৰ প্ৰতি ৪জন লোকৰ ভিতৰত ১জন দৰিদ্ৰ; অন্ন-বস্ত্ৰ-বাসস্থানৰ পৰা বঞ্চিত ৩৫ কোটি ভাৰতীয়

বিশ্ব বেংকৰ দাবী- ভাৰতৰ প্ৰতি ৪জন লোকৰ ভিতৰত ১জন দৰিদ্ৰ; অন্ন-বস্ত্ৰ-বাসস্থানৰ পৰা বঞ্চিত ৩৫ কোটি ভাৰতীয়

ইংলেণ্ডৰ মাটিত কঁপনি তুলি নতুন টিম ইণ্ডিয়াৰ দপদপনি; এজবাষ্টনত ইতিহাস সলনি কৰি ছিৰিজত সমতা স্থাপন

ইংলেণ্ডৰ মাটিত কঁপনি তুলি নতুন টিম ইণ্ডিয়াৰ দপদপনি; এজবাষ্টনত ইতিহাস সলনি কৰি ছিৰিজত সমতা স্থাপন

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd