• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 10, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

‘৮০০ৰো অধিক ৰোগী বাঢ়িলে গুৱাহাটীত বাঢ়িব মৃতকৰ সংখ্যা’ : ক্ষোভিত হিমন্তৰ কিয় এই মন্তব্য?

মহানগৰীৰ কৰ্মকাণ্ডৰ বাবেই অনিশ্চাস্বত্বেও লকডাউন ঘোষণা মন্ত্ৰী হিমন্তৰ!

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
June 26, 2020 8:26 pm
94355452_10157511895548983_6137327993321684992_o
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

মহানগৰ গুৱাহাটীত ক’ৰ’নাৰ ভয়ংকৰ গণ সংক্ৰমণ হোৱা আৰম্ভ কৰিছে। যোৱা ১৫ জুনৰ পৰা ৭৬২ গৰাকী লোক কামৰূপ মেট্ৰ’ত আক্ৰান্ত হোৱাৰ বিপৰীতে কেৱল গুৱাহাটীতে ৬৭৬ গৰাকী লোক ক’ৰ’নাত আক্ৰান্ত হৈছে।

যাৰ ফলত ভয়ংকৰ গণ সংক্ৰমণৰ দিশে অগ্ৰসৰ হৈছে মহানগৰ গুৱাহাটী। কিন্তু এই কথা অনুধাৱন নকৰি গুৱাহাটীবাসীয়ে মুখত মাস্ক পৰিধান নকৰি বা সামাজিক দূৰত্ব বৰ্তাই বজাৰ সমাৰ নকৰাত ক্ষোভিত হৈ পৰিছে মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা। যেন ক’ৰ’নালৈ কেৰেপেই নকৰে গুৱাহাটীবাসীয়ে।

Apply Now

এই প্ৰসংগ উত্থাপন কৰি আজি ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযানৰ কাৰ্যালয়ত সম্বোধন কৰা এক সংবাদমেলত ভাৰতৰ অন্য মহানগৰৰ পৰিবেশৰ অৱস্থাৰ উদাহৰণ দিয়ে।

সংবাদমেলত মন্ত্ৰীগৰাকীয়ে কয় ‘পৰহি দিনা দিল্লীত আছিলো, তেতিয়া দেখা পাইছিলো যে সকলো মানুহে মাস্ক ব্যৱহাৰ কৰি চলা-ফুৰা কৰি আছিল। তাত ৰাস্তা-ঘাটলৈ প্ৰয়োজন নহ’লে মানুহ ওলাই নাহে।‘

‘আমি মোবাইলত কাৰোবালৈ ফোন কৰিলেই মাস্ক ব্যৱহাৰ কৰিব, ২ মিটাৰ ব্যৱধান মানি চলিব বুলি শুনিবলৈ পাওঁ। কিন্তু তাৰ পাছতো কাৰ্যতঃ গুৱাহাটী মহানগৰীৰ ১০ শতাংশ লোকেও মাস্ক ব্যৱহাৰ কৰা নাই আৰু সামাজিক ব্যৱধান মানি চলা নাই।‘ ক্ষোভ প্ৰকাশ কৰি মন্ত্ৰী হিমন্তই এইদৰে কয়।

ইপিনে, গুৱাহাটীত যি পৰিবেশ চলি আছে সেয়া ভাৰতৰ কোনো মহানগৰীতে চলি থকা নাই বুলি দাবী কৰি মন্ত্ৰীয়ে কয় ‘বাংগালুৰু, মুম্বাই আৰু দিল্লী ইত্যাদি কোনো চিটীতে এই অৱস্থা হোৱা নাই। মহানগৰীৰ জিএছ ৰোডতো খুল্লম খুল্লা মাস্ক নিপিন্ধাকৈ খোজ কাঢ়ি আছে। আনকি ইজনে আনজনক নকয় মাস্কখন পিন্ধি লওঁক বুলি।‘

‘বহুতক মাস্ক কিয় পিন্ধা নাই বুলি মই সুধিলে মোকে ওলোটাই কয় ছাৰ আপুনি আছে নহয় সেইকাৰণে মাস্ক পিন্ধা নাই।‘হিমন্তই এইদৰে কয়।

ইয়াৰোপৰি মহানগৰীলৈ সন্ধিয়াৰ আড্ডাৰ পৰিবেশ ঘূৰি অহা বুলি উল্লেখ কৰি লগতে কয়, ‘পূৰ্বৰ যি মহানগৰীৰ স্বৰূপ ১০ গৰাকী লোকে একেলগে বহি আড্ডা মাৰে বা হোটেলত বহি থকাৰ পৰম্পৰা সেয়া মহানগৰীলৈ পুনৰ লাহে লাহে উভটি আহিছে।এইবিলাকে মহানগৰীৰ পৰিবেশ অত্যন্ত ভয়াবহ কৰি তুলিলে।‘

তেওঁ আৰু কয়, ‘ৰাইজে এটা কথা অনুভৱ কৰিব লাগিব মহানগৰীত হস্পিতালসমূহত মুঠ ৮৯০ খন বিচনা আছে। আৰু গড়ে ২০০ ৰ অধিক কেচ পালে চাৰিদিনত হস্পিতাল বেড পৰিপূৰ্ণ হৈ যাব।‘ এইদৰে কয় হিমন্তই।

ইপিনে, ল’কডাউনৰ ফলত আৰ্থিক সংকটে দেখা দিলেও সৰহসংখ্যক ব্যৱসায়ীয়েও নিজৰ সামাজিক দায়িত্ব পালনত ব্যৰ্থ হৈছে বুলি সদৰী কৰি মন্ত্ৰীগৰাকীয়ে লগতে কয় ‘প্ৰতিষ্ঠানৰ সন্মুখত চেনিটাইজাৰ নাৰাখে।‘

মন্ত্ৰীগৰাকীৰ মতে, ‘এনে ৰূপত গুৱাহাটীত ক’ৰ’না আক্ৰান্তৰ সংখ্যা বৃদ্ধি পাই গৈ থাকিলে নগাঁও, তেজপুৰ বা তাতকৈ দূৰ-দুৰণিলৈ ৰোগীসকলক চিকিৎসাৰ বাবে নিব লাগিব। তেতিয়া মানুহৰ মত প্ৰশ্ন আহিব গুৱাহাটীৰ পৰা কোভিড১৯ ৰোগীসকলক কিয় লৈ আহিছে?’

যদি জনসাধাৰণে কোভিডৰ ভয়াৱহতাৰ কথা পাহৰি যায় তেন্তে চৰকাৰে ইয়াৰ ব্যৱস্থা ল’বই লাগিব বা দায়িত্ব পালন কৰিব লাগিব বুলি হিমন্তই মত পোষণ কৰে।

‘কিয়নো ৮০০ ৰ ওপৰত ৰোগীৰ সংখ্যা বাঢ়ি যোৱাৰ লগে লগে ঘৰৰ পৰা ৰোগীসকলক আনিব নোৱাৰা হ’ম। তেতিয়া সেই সংক্ৰমণে ভয়াৱহ ৰূপ ধাৰণ কৰিব তথা মৃতকৰ সংখ্যা বৃদ্ধি পাব আৰু সমস্যা অধিক জটিল হৈ পৰিব।‘ জনসাধাৰণলৈ সতৰ্কবাণী শুনাই হিমন্তই কয়।

এইবোৰ সমস্যাৰ পৰিপ্ৰেক্ষিততে অত্যন্ত অনিচ্ছাস্বত্তেও চৰকাৰে ল’কডাউন দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰিবলগীয়া হ’ল বুলি তেওঁ সংবাদমেলত সদৰী কৰে।

Tags: COVID-19
কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

উচ্চতম ন্যায়ালয়ত উত্তপ্ত পৰিস্থিতি: ন্যায়াধীশৰ ফালে কাগজ দলিয়ালে আবেদনকাৰীয়ে, মুখ্য ন্যায়াধীশক অসভ্য আচৰণ

উচ্চতম ন্যায়ালয়ত উত্তপ্ত পৰিস্থিতি: ন্যায়াধীশৰ ফালে কাগজ দলিয়ালে আবেদনকাৰীয়ে, মুখ্য ন্যায়াধীশক অসভ্য আচৰণ

July 10, 2026 5:29 pm
মৃত্যুৰ ভয় নাই, ডিচেম্বৰত বাংলাদেশলৈ উভতি গৈ আদালতত আত্মসমৰ্পণ কৰিব শ্বেখ হাছিনাই

মৃত্যুৰ ভয় নাই, ডিচেম্বৰত বাংলাদেশলৈ উভতি গৈ আদালতত আত্মসমৰ্পণ কৰিব শ্বেখ হাছিনাই

July 10, 2026 4:56 pm
প্ৰথমে এগৰাকী নিপুণ মাতৃ হওক তাৰ পিছত আইএএছ-ৰ সপোন দেখক: উত্তৰ প্ৰদেশৰ ৰাজ্যপালৰ পৰামৰ্শ

প্ৰথমে এগৰাকী নিপুণ মাতৃ হওক তাৰ পিছত আইএএছ-ৰ সপোন দেখক: উত্তৰ প্ৰদেশৰ ৰাজ্যপালৰ পৰামৰ্শ

July 10, 2026 4:06 pm
অসম বাজেট ২০২৬-২৭: লাচিত বৰফুকন, কুশল কোঁৱৰৰ ওপৰত চলচ্চিত্ৰ নিৰ্মাণৰ বাবে ধন আগবঢ়াব চৰকাৰে

অসম বাজেট ২০২৬-২৭: লাচিত বৰফুকন, কুশল কোঁৱৰৰ ওপৰত চলচ্চিত্ৰ নিৰ্মাণৰ বাবে ধন আগবঢ়াব চৰকাৰে

July 10, 2026 3:38 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

উচ্চতম ন্যায়ালয়ত উত্তপ্ত পৰিস্থিতি: ন্যায়াধীশৰ ফালে কাগজ দলিয়ালে আবেদনকাৰীয়ে, মুখ্য ন্যায়াধীশক অসভ্য আচৰণ

উচ্চতম ন্যায়ালয়ত উত্তপ্ত পৰিস্থিতি: ন্যায়াধীশৰ ফালে কাগজ দলিয়ালে আবেদনকাৰীয়ে, মুখ্য ন্যায়াধীশক অসভ্য আচৰণ

July 10, 2026 5:29 pm
মৃত্যুৰ ভয় নাই, ডিচেম্বৰত বাংলাদেশলৈ উভতি গৈ আদালতত আত্মসমৰ্পণ কৰিব শ্বেখ হাছিনাই

মৃত্যুৰ ভয় নাই, ডিচেম্বৰত বাংলাদেশলৈ উভতি গৈ আদালতত আত্মসমৰ্পণ কৰিব শ্বেখ হাছিনাই

July 10, 2026 4:56 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd