NORTHEAST NOW (Assamese)

শিৱসাগৰত ক’ভিড-১৯ৰ সংক্ৰমণ এতিয়াও নিয়ন্ত্ৰণত আছে : স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা

July 19, 2020 9:21 pm · পাৰ্শ্বজ্যোতি গগৈ
Updated: July 19, 2020 9:22 pm
ফটো : নৰ্থ-ইষ্ট নাও

আজি বিয়লি শিৱসাগৰত উপস্থিত হয় স্বাস্থ্য মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা। মন্ত্ৰীজনে শিৱসাগৰ জিলা উপায়ুক্ত কাৰ্যালয়ৰ চ্যুকাফা সভাকক্ষত এখন বিভাগীয় পৰ্যলোচনা সভাত অংশ গ্ৰহণ কৰে।

স্বাস্থ্য মন্ত্ৰী জনে সংবাদ মাধ্যমৰ আগত কয় যে শিৱসাগৰত ক’ভিড-১৯ ৰ সংক্ৰমণ এতিয়াও নিয়ন্ত্ৰণত আছে। তেওঁ শিৱসাগৰ জিলা প্ৰশাসন আৰু স্বাস্থ্য বিভাগক শিৱসাগৰত ক’ভিড টেষ্ট বৃদ্ধি কৰিবলৈ পৰামৰ্শ আগবঢ়ায় বুলি জানিবলৈ দিয়ে।

শিৱসাগৰৰ ক’ভিড-১৯ৰ চিকিৎসাৰ যি ক’ভিড কেয়াৰ চেন্টাৰ আছে তাত আৰু ১০০ খন বিচনা বঢ়াবলৈ প্ৰশাসনক তথা স্বাস্থ্য বিভাগক আহ্বান জনায়।

শিৱসাগৰ নগৰৰ চাৰিটা স্থানত স্থায়ী ক’ভিড স্কিনিং চেন্টাৰ স্থাপন কৰিবলৈ স্বাস্থ্য মন্ত্ৰী গৰাকীয়ে পৰামৰ্শ আগবঢ়ায়।

লগতে তেওঁ অহা ২২ জুলাইৰ পৰা সমগ্ৰ অসমত বলৱৎ হবলগীয়া আন্তঃ জিলা পৰিবহন ব্যৱস্থাৰ ক্ষেত্ৰত যি  নিয়ম চৰকাৰে বান্ধি দিছে, সেই ক্ষেত্ৰত শিৱসাগৰ জিলা প্ৰশাসনক কঠোৰ হ’বলৈ আহ্বান জনায়।

ড০ হিমন্ত বিশ্ব শৰ্মাৰ সৈতে পৰ্যালোচনা সভাত উপস্থিত থাকে কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ তেলী, যোৰহাট লোকসভা সমষ্টিৰ সাংসদ তপন কুমাৰ গগৈ, ৰাজ্যসভাৰ সাংসদ কামাখ্যা প্ৰসাদ তাচা, মন্ত্ৰী যোগেন মহন আৰু থাওৰাৰ বিধায়ক কুশল দুৱৰী।

স্বাস্থ্য মন্ত্ৰী গৰাকীয়ে আজি ডিব্ৰুগড়, তিনিচুকীয়া আৰু  চৰাইদেউ জিলা পৰিভ্ৰমণ কৰি শিৱসাগৰত উপস্থিত হয়।

বিভাগীয় পৰ্যালোচনা সভাৰ পিছত স্বাস্থ্য মন্ত্ৰী গৰাকীয়ে শিৱসাগৰ অসামৰিক চিকিৎসালয় পৰিদৰ্শন কৰি কাজিৰঙা অভিমুখে ৰাওনা হয়।

Related News