DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Friday, January 27, 2023
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home Popular Stories

“Kind Attention মুখ্যমন্ত্ৰী মহোদয়! : বিস্ফোৰক বাক্যৰে পুনৰ মুখ্য মন্ত্ৰীলৈ চিঠি অভিজিত শৰ্মাৰ

কোভিড উৎসৱ নে কোনো পক্ষৰ ধন ঘটা আহিলা! নৰ্থ ইষ্ট নাওৰ হাতত শৰ্মাৰ বিস্ফোৰক পত্ৰ

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
July 19, 2020 9:13 pm
index.jpgkk
12k
VIEWS
Share on FacebookShare on Twitter

বহু কেইটা বিস্ফোৰক অভিযোগৰে ভৰপূৰ বাক্যৰে মুখ্যমন্ত্ৰীলৈ দ্বিতীয়খন পত্ৰ প্ৰেৰণ কৰিছে APW ৰ সভাপতি অভিজিত শৰ্মাই।

নৰ্থ ইষ্ট নাওৰ হাতত আহি পৰিছে সেই বিস্ফোৰক পত্ৰ।

চিঠিখনৰ আৰম্ভণি “Kind Attention মূখ্যমন্ত্ৰী মহোদয়!” ৰে কৰিছে শৰ্মাই।

“মহাশয়,  সন্মানসহকাৰে আপোনাক জনাও যে ৰাজ্যত কোভিডৰ নামত একাংশ ঠিকাদাৰে বিভিন্ন বিভাগত চলাই থকা মুকলি লুণ্ঠনৰ বিষয়টো দৃষ্টিগোচৰ কৰি ইয়াৰ পূৰ্বেও এখন মুকলি চিঠি আমি আপোনালৈ লিখিছিলো। আপোনাৰ তৰফৰ পৰা এই বিষয়ত কোনো সুদুত্তৰ নাপায় আজি এইখন দ্বিতীয় চিঠি আপোনালৈ লিখিবলৈ ওলাইছো।” চিঠিখনত উল্লেখ।

চৰকাৰৰ তৰফৰ পৰা ইমানবোৰ ব্যৱস্থা লোৱাৰ পাচতো ৰাজ্যত নৱজাতকৰ মৃত্যুৰ হাৰ অন্য ৰাজ্যতকৈ বেছি বুলি উল্লেখ কৰি চিঠিখনত শৰ্মাই লিখি কয় “ইয়াৰ আৰত আছে দুই নম্বৰী ঔষধৰ ৰমৰমীয়া ব্যৱসায় চলোৱা এজন ঔষধ মাফিয়া। এই মাফিয়াজনৰ স’তে ৰাজ্যৰ স্বাস্থ্য বিভাগৰ বৰমুৰীয়াসকলৰ থকা সনা পিটিকাৰ বাবেই যাৱতীয় সকলো ব্যৱস্থা গ্ৰহণ কৰাৰ পাছতো নৱজাতকৰ মৃত্যুৰ হাৰ কমোৱাত আপোনাৰ চৰকাৰ বাৰে বাৰে বিফল হৈছে।”

ইয়াৰুপৰি দেওৰা উপাধিৰ এজন একেই মানবতাহীন মাফিয়াই যোগান ধৰা বেক্টেৰিয়া লাগি থকা প্ৰসূতি ডেলিভাৰী কীটৰ প্ৰভাব নৱজাতকৰ মৃত্যুৰ সতে জড়িত আছে বুলি অভিযোগ আছে বুলি চিঠিত তেওঁ উল্লেখ কৰে।

“এইটো এটা এনেকুৱা ঠিকাদাৰৰ দল যাৰ লুণ্ঠন বিগত কংগ্রেছৰ আমোলতো সেই একেই মাত্ৰাত চলিছিল যি মাত্ৰাত আপোনাৰ দিনতো চলি আছে, তথা ইয়াৰ আৰত আপোনাৰ চৰকাৰক শলঠেকত পেলোৱাৰ এক ষড়যন্ত্ৰও লুকাই আছে।” চিঠিত উল্লেখ।

তেওঁ আৰু কয়  “জনৈক “ধানুকা” উপাধিৰ একেজন মাফিয়াৰ ছত্রছায়াত কেইজন মান মানৱতাহীন এটি মাফিয়াৰ দলে বিভাগীয় মন্ত্ৰীৰ অগোচৰে কোভিডৰ মোকাবিলাৰ বিভিন্ন ঠিকা ঠাকুলিৰ এক বৃহৎ ছিণ্ডিকেট গা কৰি উঠিছে। এই ছিণ্ডিকেটত বিভাগীয় বৰমুৰীয়া সকল এনে ভাবে জড়িত হৈ পৰিছে।”

ইপিনে কোভিডৰ নামত অসমখনকেই যেন দুভাগ কৰি পেলাইছে বুলি উল্লেখ কৰি তেওঁ লগতে কয়  “এভাগত আছে কোভিডৰ আতংকত আতংকিত সকলো ৰাইজ আৰু আন ভাগত আছে মুষ্টিমেয় এন এইচ এম ৰ বিষয়া আৰু সেই ড্ৰাগ মাফিয়াকেইজনৰ ছিণ্ডিকেট।”

শৰ্মাৰ মতে “এই চিণ্ডিকেটৰ বাবে  কোভিড এক উৎসৱ আৰু কোভিডৰ বিভিন্ন ঠিকা উক্ত মাফিয়াকেইজনৰ যিকোনো প্রকাৰে আদায় দিয়াটো দুই পক্ষৰ ধন ঘটাৰ আহিলা।”

“মহাশয়,  এয়া এক কৌটি দুই কৌটি টকাৰ কাৰবাৰ নহয়!  উক্ত ঠিকাদাৰকেইজনৰ বাবে কোভিড হৈ পৰিছে এক দীর্ঘম্যদী ধন লুটাৰ আঁচনি।  কোভিডে আমাৰ দৰে খাতিখোৱা জনতাক যিমানেই দুৰ্ভোগ ভুগাইছে সিমানেই উক্ত মাফিয়াজনৰ বাবে কোভিড বাৰেৰহণীয়া উৎসৱ হৈ পৰিছে।” শৰ্মাই গুৰুতৰ অভিযোগ তুলি চিঠিত উল্লেখ কৰে।

তেওঁ লগতে লিখি কয় “অৱশ্য এনে নহয় যে অকল সেইজন মাফিয়াৰ বাবেই কোভিড উৎসৱ হৈ পৰিছে। একেটা দলৰে আশীষধন্য কেইজনমান মুষ্টিমেয় ঠিকাদাৰৰ বাবেও কোভিড এক উৎসৱত পৰিণত হৈছে। প্রতিজন এনে মাফিয়াৰ প্রতিটো তথ্য এজন এজনকৈ আমি ফাদিল কৰিম।  যদি এনে তেজপিয়া সকলৰ বিৰূদ্ধে বিহীত ব্যৱস্থা ল’বলৈ আপুনি অপাৰগ তেন্তে আমি মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াক আনুষ্ঠানিকভাৱে সকলো তথ্য প্রদান কৰিবলৈ বাধ্য হ’ম।”

তদুপৰি  তেওঁলোকে “শূণ্যত গদা ঘুৰাই সস্তীয়া জনপ্ৰিয়তা অৰ্জন কৰাৰ দৌৰত নাই” বুলি দাবী কৰি পত্ৰত লিখি কয় “মাত্র দুখন মান এনে ফার্মৰ নাম অতীত আৰু বর্তমানৰ কাম কাজৰ এক বিশ্লেষণ এক নির্ভৰযোগ্য সংস্থাৰ হতুৱাই কৰিলেই বহু কথা পোহৰলৈ আহিব!”

“মহাশয়,  আপুনি তদন্ত কৰক,  পি পি ই কীট, ট্রিপল লেয়াৰ এন ৯৫ মাক্সকে ধৰি ছটা আইটেমৰ প্ৰায় এসত্তৰ কৌটি টকীয়া ঠিকাত দুশ পচানব্বৈ টা পাৰ্টিয়ে অংশ ল’লে য’ত মফটলাল, এপল’ ইণ্টাৰনে্শ্যনেলৰ দৰে আন্তৰাষ্ট্ৰীয় পার্টিয়ে অংশ লোৱাৰ পাচতো চিভিচি গাইডলাইন আৰু জি এফ আৰ গাইডলাইন অমান্য কৰি কাক ৱর্ক অর্ডাৰ দিয়া হ’ল সেয়া অনলাইন আপলোড নকৰিলে যাৰ বাবে সাধাৰণ জনতাই গমেই নাপালে কাম কাক দিয়া হল, যিটোত কেগৰ নিয়ম ৰাজহুৱা ক্ৰয় প্রক্রিয়া দেখ দেখ অমান্য কৰা হৈছে। কিয়? কোন ঠিকাদাৰৰ বাবে?” চিঠিত শৰ্মাই উল্লেখ কৰে।

ইপিনে, মেলাথিন ৫০% ঘনত্বৰ যোগানৰ নিবিদাত কি কি অনিয়ম হৈছে এবাৰ তদন্ত কৰিবলৈ আহ্বান জনাই শৰ্মাই লগতে কয় “উক্ত ৰাসায়নিক পদাৰ্থ বিধ ৫০ % ঘনত্ব আৰু ৯৫% শতাংশ বিশুদ্ধতাত ক’ত উৎপন্ন হয় তদন্ত কৰাওক। লগতে এইবিধ সামগ্রীৰ ঠিকা কাক দিয়া হ’ল কি প্রক্রিয়াৰ দ্বাৰা দিয়া হ’ল তদন্ত কৰিলেই সকলো ওলাব। লগতে এইটোও তদন্ত কৰক, এই নিবিদাৰ ৱর্ক অর্ডাৰ কপি আজিলৈ কিয় অনলাইনত উপলব্ধ নহল, যিটো চি ভি চি গাইডলাইনৰ লগতে জি এফ আৰ গাইডলাইনৰ দেখ দেখ অৱমাননা।”

তেওঁ লগতে কয় “মহাশয়,  এই প্ৰায় দুই কৌটি উনত্রিশ লাখৰ ১০% ছডিয়াম হাইপক্লৰাইড চলুশ্যন আৰু মেলাথিয়ন ৫০-৫৫% ঘনত্ব যোগানৰ নিবিদা আহ্বান কৰা হৈছে য’ত এই সমীকৰণৰ ঔষধৰ বিতৰণ পৃথিৱী বহু দেশত বাধা প্ৰদান কৰি থোৱা হৈছে ( দিল্লী,  মধ্যপ্ৰদেশকে ধৰি), এই নিবিদাত চক্রান্তমুলক চর্ত আৰোপ কৰিয়েই অন্য পার্টিক নিবিদাত অংশ গ্রহণৰ পৰা বিৰত ৰাখি সেই একেটা ড্ৰাগ মাফিয়াক ৰঙা দলিছা পাৰি দিয়া হৈছে। আমাৰ সন্দেহ এই প্রক্রিয়াটোতো জালিয়াতি আছে।”

“লগতে আমি ইয়াকো কওঁ এই সম্পর্কত বিভাগীয় স্পষ্টীকৰণ দিলেই আপোনাক ৰাজহুৱাকৈ এই কাৰচাজিত জড়িত এন এইচ এমৰ বিষয়ববীয়াৰ নাম পৰৱর্তী সময়ত জনাই দিম। বজৰং, আগাম, প্ৰগ্ৰেছিভ আৰু ঘনশ্যাম নামৰ এই ফার্ম বোৰে এইবোৰ নিবিদাত কি ভুমিকা লৈছে, বিভাগে এখনৰ পিছত আনখন কৰিগেণ্ডাম কিয় জাৰী কৰিব লগীয়া হ’ল, সেয়া তদন্ত কৰক মূখ্যমন্ত্ৰী মহোদয়।” চিঠিত উল্লেখ কৰি শৰ্মাই কয়।

ইপিনে  Essential Drugs,  consumables,  hand rubs আদি যোগানৰ প্ৰায় বিশ কৌটি সাতানব্বৈ লাখৰ নিবিদাত একেজন মানুহৰ দুখন ফাৰ্ম ভাগ লৈ কেনেকৈ নিজেই নিজৰ প্ৰতিযোগী হ’ব পাৰে বুলি প্ৰশ্ন কৰি তেওঁ লগতে কয়, “যিটো চিভিচি গাইডলাইনৰ প্ৰত্যক্ষ পৰিপন্থী,  তাকো ৰাজহুৱা কৰা দৰকাৰ। তাতোকৈ ডাঙৰ কথা, এই নিবিদা আহ্বান কৰোতেই চর্তাবলীৰ ক্ষেত্রত ওপৰত উল্লেখ কৰা ড্রাগ মাফিয়াজনৰ পক্ষত সম্ভব হোৱাকৈ সকলো ব্যৱস্থা কৰা হৈছে, বিভাগীয় বিষয়ববীয়াৰ সনা পিটিকা অবিহনে এয়া অসম্ভৱ। প্রয়োজন হ’লে আপোনাক এই সম্পৰ্কে বিষদভাৱে তথ্য প্রমাণসহ বুজাই দিম জালিয়াতি কেনেকৈ ক’ত কোনে কৰিছে।”

“মহাশয়, আটাইতকৈ ডাঙৰ কথা,  এই সমুহ ৱর্ক অর্ডাৰ বিভাগীয় ৱেবচাইটত আৰু অসম চৰকাৰৰ ই টেণ্ডাৰিং পৰ্টেলত আজিলৈ কিয় আপলোড নহল সেয়া ডাঙৰ প্ৰশ্নবোধক। বিভাগীয় মন্ত্রীক অন্ধকাৰত ৰাখি বৰমুৰীয়া আৰু ঠিকাদাৰৰ হাতোৰাত এইবোৰ চলি আছে। এইবোৰৰ আঁৰত আনকি কোভিড দীর্ঘম্যদী হ’লে দীর্ঘম্যদী ঠিকাৰ অংক জড়িত আছে। লগতে যদি এতিয়ালৈ ওপৰত উল্লেখ কৰা সামগ্ৰীবোৰৰ ৱর্ক অর্ডাৰ দিয়া হোৱাই নাই তেন্তে বর্তমান ৰোগীৰ চিকিৎসাত বা অন্যন্য কামত এইসমূহ সামগ্রী যে ব্যৱহাৰ হৈ আছে সেইবোৰ কোনে যোগান ধৰি আছে? নে ইয়াৰ আৰত বেক ডেটেড অর্ডাৰ ইছ্যু কৰাৰ ষড়যন্ত্ৰ চলিছে আমি আপোনাক সুধিছো মহোদয়।” ভয়ংকৰ অভিযোগ তুলি মুখ্যমন্ত্ৰীলৈ প্ৰশ্ন অভিজিত শৰ্মাৰ।

তেওঁ আৰু প্ৰশ্ন কৰি কয় “মহাশয়, লাখ লাখ মানুহক অন্ধকাৰত ৰাখি এনেকৈ কোনো জনৈক ধানুকা, কি কি, জৈন, দেওৰা, যাযোদিয়া, বাৰ্মা, কংগ্রেছৰ দিনৰ জনসংযোগ কেলেংকাৰীৰ নায়ক বৰা, এজন বহু বিতর্কিত এ চি এছ  বিষয়াৰ পত্নী , জি আৰ দি,  ঘনশ্যাম আদিৰ বাবে বিধে বিধে কৌটি কৌটি টকাৰ দুই নম্বৰী অংক কৰি কোভিডৰ নামত বেপাৰ চলোৱা অংকক আমি গৰিহণা দিছো লগতে ইনকাম টেক্সত সকাহ পোৱাৰ অংকত কৌটি কৌটি টকা আৰোগ্য নিধিত দান দি বিভাগীয় ঠিকা ঠাকুলিত ছিণ্ডিকেট চলাই কোভিডৰ ৰণ জিকিবলৈ বা জীয়াই ৰাখিবলৈ চলি থকা ষড়যন্ত্ৰক আমি গৰিহণা দিছো লগতে উচ্চ পর্যায়ৰ তদন্তৰ দাবী জনাইছো।”

“এইক্ষেত্রত এই পৰ্যন্ত কেন্দ্ৰীয় চৰকাৰে আদায় দিয়া প্ৰায় ৬৩০ কৌটি টকা আৰু ভৱিষ্যতে দিবলগীয়া তেনে বিয়াগোম ৰাশিক লৈ সর্বসাধাৰণৰ মূৰৰ ওপৰেদি যোৱা কোভিডৰ এক ভয়ানক অংক ও সকলো খেলিমেলিৰ আৰত কেলেংকাৰীৰ কাৰক হৈ আছে।” চিঠিত উল্লেখ।

শৰ্মাৰ অন্য এক বিস্ফোৰক প্ৰশ্ন “মহোদয়, আপুনি আনৰ ভৰি চুই সেৱা কৰাটোকে অন্য অৰ্থত প্রকাশৰ উদ্দেশ্যে আগৰ এজন মুখ্যমন্ত্ৰীৰ লগত লগ লাগি হৰ্ডিং বনোৱাৰ অংক কৰি তথা আগৰ চৰকাৰৰ দিনত জনসংযোগৰ বিয়াগোম কেলেংকাৰীত জড়িত জনৈক ৰাজীৱৰ নিচিনা এজন দাগী মানুহক আপোনাৰ আমোলত এন এইচ এমত ৰঙা দলিচা পৰাৰ আঁৰত কি আছে? খাদ্য টেণ্টৰ যোগানত জড়িত এজন ব্যৱসায়ী কি কি কেলেংকাৰীত কেনেকৈ জড়িত হৈ কিমান লুণ্ঠন চলাইছিল আৰু আপোনাৰ দিনতো কেনেকৈ কত কত কি কি কৰি আছে সেই “কি কি”ৰ বিশদ তথ্য আপুনি বিচাৰিলেই আমি দিবলৈ সাজু হৈ আছো।”

চিঠিৰ শেষত শৰ্মাই উল্লেখ কৰি কয় “মহাশয়, কোভিডৰ আঁৰৰ অনিয়ম সংক্ৰান্তত এইখন আপোনালৈ আমাৰ দ্বিতীয় চিঠি। ইয়াৰ পাচতো আমি আমাৰ সামর্থ্যৰে যুজ চলাই যাম। আশাকৰো তাৰ আগতেই আপোনাৰ পৰা আমি বিচৰা সূদুত্তৰ লাভ কৰিম।”

Tags: COVID-19

Recent News

Sanjay Dutt

প্ৰিয় অভিনেতালৈ মৰমৰ চিন! সঞ্জয় দত্তৰ নামত অনুৰাগী মহিলাই উইল কৰি গ’ল ৭২ কোটি টকাৰ সম্পত্তি

Hath se Hath Jodo campaign

ভাৰত জোড়ো যাত্ৰাই দিছে মনোবল! এইবাৰ দেশজোৰা ‘হাথ ছে হাত জোড়ো’ অভিযান কংগ্ৰেছৰ

Bindaas Mudasir Ahmed Sheikh

শৌৰ্য চক্ৰৰে সন্মানিত শ্বহীদ ‘বিন্দাছ’: কোন এই ‘বিন্দাছ’ মুদাছিৰ আহমেদ শ্বেখ!

India invites Pak foreign minister

উদ্দেশ্য SCO বৈঠক: ১২ বছৰৰ পিছত ভাৰত ভ্ৰমণলৈ আমন্ত্ৰণ পাকিস্তানৰ বৈদেশিক মন্ত্ৰীক

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd