NORTHEAST NOW (Assamese)

চীনৰ পৰা আজি অসমলৈ আহিব ৫০ হাজাৰ পিপিই কিট্; বৰঝাৰত সংগ্ৰহ কৰিব স্বাস্থ্য মন্ত্ৰী হিমন্তই

April 15, 2020 8:41 pm · কল্পজ্যোতি শইকীয়া

চীনৰ পৰা আজি অসমলৈ আহিব ৫০ হাজাৰ পিপিই কিট্। চীনৰ ৱাংজাওৰ পৰা বিশেষ বিমান যোগে আহিব এই পিপিই কিট্।

আজি সন্ধ্যা ৮:৩০ ত আহি বৰঝাৰ বিমান বন্দৰত আহি উপস্থিত হ’বহি বিশেষ বিমানখন। সোণাপুৰ জিলা চিকিৎসালয়ত সন্ধ্যা ৭ বজাত এক সংবাদমেল সম্বোধন কৰি এই কথা ঘোষণা কৰে মন্ত্ৰীগৰাকীয়ে। চীনৰ ৱাংজাওত অৰ্ডাৰ দিছিল ৰাজ্য চৰকাৰে।

তেওঁ আৰু কয় “তিনি চাৰিদিন আহিম আহিম কৈ বিমানখন অহা নাছিল। যদি আজি আহি যায় তেন্তে ৪-৫ মাহলৈ চিকিৎসকে পিপিই কিটৰ বাবে চিন্তা কৰিব নালাগে।”

ৱাংজাওৰ পৰা পোনে পোনে বৰঝাৰ বিমান বন্দৰত আহি নামিবহি বুলি হিমন্তই জানিবলৈ দিয়ে।

ইতিপূৰ্বে ভাৰত চৰকাৰেও ৭০ হাজাৰ কিট চীনৰ পৰা আনিছিল বুলি মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে।

কিটসমূহ বিজ্ঞানসন্মত আৰু পৰীক্ষিত বুলি দাবী মন্ত্ৰীগৰাকীৰ।

মন্ত্ৰীগৰাকীয়ে নিজে বৰঝাৰ বিমান বন্দৰৰ পৰা কিটখিনি সংগ্ৰহ কৰিব বুলি সংবাদমেলত জনায়।

এই কিটসমূহ আহিলে ৰাজ্য চৰকাৰৰ হাতত মুঠ ১ লাখ ৫০ হাজাৰ কিট জমা হ’ব বুলি তেওঁ কয়।

Related News