• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Tuesday, March 2, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

গুৱাহাটীত ক’ভিড-১৯ৰ টীকাকৰণ অভিযানৰ শুভাৰম্ভ স্বাস্থ্য মন্ত্ৰীৰ; তিনি বিশিষ্ট চিকিৎসকে ল’লে ভেকচিন

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , January 16, 2021 8:41 pm

2 min read

WhatsApp Image 2021-01-16 at 6.46.28 PM
642
VIEWS
Share on FacebookShare on Twitter

কামৰূপ মহানগৰ জিলাৰ ৩ খন চিকিৎসালয়ত শনিবাৰৰ পৰা আৰম্ভ হ’ল ক’ভিড-১৯ৰ টীকাকৰণ অভিযান। গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ লগতে সোণাপুৰ জিলা চিকিৎসালয় আৰু মাৰোৱাৰী হাস্পতালত টীকাকৰণ অভিযান আৰম্ভ  কৰা হয়।

নতুন দিল্লীত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে বিশ্বৰ সৰ্ববৃহৎ টীকাকৰণ অভিযানৰ শুভাৰম্ভ কৰাৰ পাছতেই স্বাস্থ্য মন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত টীকাকৰণ অভিযানৰ শুভাৰম্ভ কৰে।

ইয়াৰ পূৰ্বে ভিডিঅ’ কনফাৰেন্সিংযোগে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে শুভাৰম্ভ কৰা ৰাষ্ট্ৰীয় টীকাকৰণ অভিযানৰ অনুষ্ঠানত অংশগ্ৰহণ কৰে স্বাস্থ্য মন্ত্ৰীৰ লগতে ৰাজ্যিক স্বাস্থ্য মন্ত্ৰী পীযুষ হাজৰিকা, স্বাস্থ্য বিভাগৰ জ্যেষ্ঠ  প্ৰধান সচিব সমীৰ সিনহা, প্ৰধান সচিব অনুৰাগ গোৱেল, ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযানৰ সঞ্চালক ডা° লক্ষ্মণন এছ, কামৰূপ মহানগৰৰ উপায়ুক্ত বিশ্বজিৎ পেগুকে ধৰি  স্বাস্থ্য বিভাগৰ উচ্চ পদস্থ বিষয়াসকল।

ৰাজ্যৰ প্ৰথম তিনিটা প্ৰতিষেধক প্ৰদান কৰা হয় বিশিষ্ট চিকিৎসক ডা° উমেশ চন্দ্ৰ শৰ্মা, ডা° ধ্ৰুৱজ্যোতি বৰা আৰু পদ্মশ্ৰী ডা° ইলিয়াছ আলীক।

প্ৰতিটো কেন্দ্ৰত দৈনিক ১০০ জনকৈ ব্যক্তিক প্ৰতিষেধক প্ৰদানৰ লক্ষ্য স্থিৰ কৰা হৈছে৷ প্ৰথম পৰ্যায়ত চিকিৎসক-চিকিৎসাকৰ্মী, দ্বিতীয় পৰ্যায়ত আৰক্ষী-নিৰাপত্তাৰক্ষীকে ধৰি ফ্ৰণ্টলাইন কৰ্মী সকল আৰু তৃতীয় পৰ্যায়ত পঞ্চাশ উৰ্ধৰ আৰু পঞ্চাশৰ তলৰ কিন্তু আন ৰোগত আক্ৰান্ত ব্যক্তিক প্ৰতিষেধক প্ৰদান কৰা হ’ব।

অহা ৩ মাহৰ ভিতৰত ৩ লাখ লোকক প্ৰতিষেধক প্ৰদান কৰা হ’ব বুলি প্ৰকাশ কৰে স্বাস্থ্য মন্ত্ৰী ডা° হিমন্ত বিশ্ব শৰ্মাই।

ক’ভিড ভেকচিনৰ দুয়োটা ড’জ একেটা কোম্পানীৰ হ’ব লাগিব। ১৮ বছৰৰ অনুৰ্ধৰ ব্যক্তি, গৰ্ভৱতী মহিলা আৰু প্ৰসূতি মাতৃক এই প্ৰতিষধক দিয়া নহ’ব। সেইদৰে, এলাৰ্জীৰ সমস্যা থকা লোককো ক’ভিড ভেকচিন দিয়া নহ’ব।

প্ৰথম প্ৰতিষেধক লোৱাৰ ২৮ দিনৰ ভিতৰত দ্বিতীয় প্ৰতিষেধক দিয়া হ’ব। দ্বিতীয়টো ড’জ লোৱাৰ ১৪ দিনৰ পাছত দেহত ক’ভিধ-প্ৰতিৰোধী এণ্টিবডী গঢ়ি উঠিব বুলি কোৱা হৈছে।

Recent News

index.jpg12

এসপ্তাহ ধৰি মৰিগাঁৱত দুই কলেজীয়া ছাত্ৰী নিৰুদ্দেশ : চাঞ্চল্যৰ সৃষ্টি সমগ্ৰ জিলাখনত

সাগৰত জাঁপ দিয়াৰ পাছত এইবাৰ ভাইৰেল হ’ল ৰাহুল গান্ধীৰ ‘পুশ্ব-আপ’ৰ ভিডিঅ’

সাগৰত জাঁপ দিয়াৰ পাছত এইবাৰ ভাইৰেল হ’ল ৰাহুল গান্ধীৰ ‘পুশ্ব-আপ’ৰ ভিডিঅ’

https _cdn.cnn.com_cnnnext_dam_assets_210226001020-palace-of-justice-malaysia-file

সমকামীৰ যৌনতা নিষিদ্ধকৰণৰ বিৰুদ্ধে শীৰ্ষ আদালতত এগৰাকী মুছলমান সমকামীৰ ঐতিসাহিক বিজয়

৭৮ সংখ্যক গ’ল্ডেন গ্ল’ব বঁটা ২০২১ : উজলিল ‘নমাডলেণ্ড’ আৰু ‘বৰাত’

৭৮ সংখ্যক গ’ল্ডেন গ্ল’ব বঁটা ২০২১ : উজলিল ‘নমাডলেণ্ড’ আৰু ‘বৰাত’

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd