NORTHEAST NOW (Assamese)

বিনা মেকআপত কেনে লাগে বলীউডৰ নায়িকাসকলক? কেইখনমান ছবি দেখিলেই চকু খোল খাব আপোনাৰ

May 28, 2025 7:49 am · নৰ্থ-ইষ্ট নাও ডেস্ক, গুৱাহাটী

বলীউড মানেই গ্লেমাৰ। লাইমলাইটত জিলিকি উঠে বলীউডৰ সুন্দৰী। কেমেৰাৰ সন্মুখত তেওঁলোকৰ মুখত এটাও খুঁত বিচাৰি নাপায়। কিন্তু গধুৰ মেকআপৰ অবিহনে তেওঁলোকক চিনি পাবলৈও দিগদাৰ হ’ব পাৰে আপোনাৰ।

মেকআপ অবিহনে বলীউডৰ সুন্দৰী সকলক কেনেকুৱা দেখি চাওকচোন –

কৰীনা কাপুৰ খান

এইগৰাকী ধুনীয়া বলীউডৰ অভিনেত্ৰীয়ে মাজে মাজে ছচিয়েল মিডিয়াত মেকআপ নকৰাকৈ ছবি শ্বেয়াৰ কৰা দেখা যায়। মেকআপ কৰাৰ পিছত কৰীনাক কিমান ধুনীয়া দেখি সেয়া কোৱাৰ প্ৰয়োজন নাই। অৱশ্যে মেকআপ অবিহনেও সৌন্দৰ্যৰ ম্লান নপৰে কৰীনা কাপুৰৰ। শেহতীয়াকৈ লণ্ডনৰ পৰা তেওঁ এই ফটোখন পোষ্ট কৰিছিল।

আলিয়া ভাট

কেমেৰাৰ সন্মুখত ভাল দেখাবলৈ মেকআপৰ প্ৰয়োজন নাই বলীউডৰ সুন্দৰী আলিয়া ভাটক। মেকআপে আলিয়াৰ সৌন্দৰ্য্য বৃদ্ধি কৰে যদিও ভূৱন ভোলৱা হাঁহিটোৱে সকলো মেকআপক অতিক্ৰম কৰে।

শ্ৰদ্ধা কাপুৰ

শ্ৰদ্ধা কাপুৰে মেকআপ নোহোৱাকৈ থাকি বেছি ভাল পায়। শ্ৰদ্ধাক প্ৰায়ে মেকআপ নকৰাকৈ দেখা যায়। মেকআপ নকৰাকৈও শ্ৰদ্ধাৰ মুখখনে এক সুন্দৰ জিলিকনি বিকিৰণ কৰে।

কেটৰিনা কাইফ

কেটৰিনাৰ বিদেশী সৌন্দৰ্য্যক উজ্জ্বলাই তুলিবলৈ মেকআপৰ প্ৰয়োজন নাই। শেহতীয়াকৈ মালদ্বীপলৈ যোৱাৰ সময়ত তেওঁৰ মেকআপ ফ্ৰী চেহেৰা শ্বেয়াৰ কৰিছিল।

দীপিকা পাডুকন

চিনেমা আৰু বঁটা প্ৰদান অনুষ্ঠান বা পাৰ্টিৰ বাহিৰে দীপিকাই মেকআপ কৰি ভাল নাপায়। দীপিকাৰ মেকআপবিহীন ছবিও ছচিয়েল মিডিয়াত ভাইৰেল হৈ পৰে।

মালাইকা অৰোৰা

মালাইকাবয়স ৫০ বছৰকিন্তু এতিয়াও গাভৰুৱে পাত্তা নাপাব মালাইকাৰ লগত। কম বয়সীয়া যুৱতীয়েও ঈৰ্ষা কৰে মালাইকাক। মালাইকাই এতিয়াও মেকআপ নকৰাকৈয়ে জিলিকি থাকে।

জেকলিন ফাৰ্নাণ্ডেছ

শ্ৰীলংকাৰ এইগৰাকী সুন্দৰীয়েও ছচিয়েল মিডিয়াত মেকআপ নকৰাকৈ থকা ছবি শ্বেয়াৰ কৰে।

Related News