• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, October 14, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ঐতিহ্য সংৰক্ষণ সমিতিৰ পদক্ষেপ : ডিজিটেলি সংৰক্ষণ কৰিব ৰাজ্যৰ বহুমূলীয়া পাণ্ডুলিপিবোৰ

ভৱেশ মেধি by ভৱেশ মেধি
September 24, 2018 5:44 pm
kirtana2
20
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ৰাজ্যত ঐতিহ্য সংৰক্ষণ আৰু অধ্যয়নৰ ক্ষেত্ৰত বিভিন্ন ধৰণে কাম কৰি থকা ঐতিহ্য সংৰক্ষণ সমিতি, অসমে পুৰণি পাণ্ডুলিপি বিজ্ঞানসন্মতভাৱে সংৰক্ষণ কৰা আৰু ডিজিটাইজ কৰাৰ ব্যৱস্থা গ্ৰহণ কৰিছে।

বিভিন্ন লিখা তথা তথ্য-সম্বলিত পুৰণি পাণ্ডুলিপি সংৰক্ষণ আৰু কম্পিউটাৰ আদি প্ৰযুক্তিৰ জৰিয়তে ডিজিটেল ব্যৱস্থাৰে সংৰক্ষণ কৰাৰ বাবে নতুন দিল্লীৰ ৰাষ্ট্ৰীয় পাণ্ডুলিপি মিশ্যনৰ লগত সমিতিয়ে ইতিমধ্যে এক বুজাবুজিৰ চুক্তি সম্পন্ন কৰিছে। কিন্তু এই বুজাবুজিৰ চুক্তি সম্পন্ন হোৱাৰ মাহ পাৰ হোৱাৰ পিছতো পাণ্ডুলিপি মিশ্যনৰ তৎপৰতাৰ অভাৱত ঐতিহ্য সংৰক্ষণ সমিতিয়ে কাম আৰম্ভ কৰিব পৰা নাই।

Apply Now

মন কৰিব লগীয়া যে অসমত পুৰণি পাণ্ডুলিপিসমূহত লিখাৰ পৰম্পৰা অতিকৈ পুৰণি আৰু সমৃদ্ধ। পুৰণি পাণ্ডুলিপিৰ সংজ্ঞা দি ৰাষ্ট্ৰীয় পাণ্ডুলিপি মিশ্যনে কৈছে যে এই পুথিসমূহ কাগজ, বাকলি, কাপোৰ, ধাতুৰ পাট, তালপাত অথবা তেনে কোনো সামগ্ৰীৰ লিখা আৰু কমপক্ষেও পঁইসত্তৰ বছৰ পুৰণি হ’ব লাগিব, যাৰ উল্লেখযোগ্যভাৱে বৈজ্ঞানিক,  ঐতিহাসিক অথবা নান্দনিক মূল্য থাকে।

লগতে এই কথাও স্পষ্টকৈ কোৱা হৈছে যে পুৰণি পাণ্ডুলিপিসমূহ ঐতিহাসিক তথ্য, যেনে– শিলত খোদিত উক্তি, অধ্যাদেশ, (ৰাজহৰ তথ্য নহয়), যিবোৰে পোনপটীয়াকৈ তথ্য বা ঘটনা বা ইতিহাসৰ প্ৰক্ৰিয়াৰ কথা কয়।

পুৰণি পাণ্ডুলিপিসমূহৰ বিষয়বস্তু প্ৰজ্ঞামূলক। ইতিমধ্যে শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰই আৰু গুৱাহাটী বিশ্ববিদ্যালয়ৰ কৃষ্ণকান্ত সন্দিকৈ গ্ৰন্থাগাৰৰ অভিলেখাগাৰ আৰু পাণ্ডুলিপি শাখাই ৰাষ্ট্ৰীয় পাণ্ডুলিপি মিশ্যনৰ সহায়ত পুৰণি পাণ্ডুলিপি ডিজিটেল পদ্ধতিৰে সংৰক্ষণৰ ব্যৱস্থা কৰিছে।

পাণ্ডুলিপি মিশ্যনৰ ৱেবছাইটৰ তথ্য মতে, শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰই ২,২৮৬টা পুৰণি পাণ্ডুলিপিৰ ১,৫৮,৬৯৬টা পৃষ্ঠা ডিজিটেল পদ্ধতিৰে সংৰক্ষণ কৰিছে। আকৌ বিশ্ববিদ্যালয়ৰ গ্ৰন্থাগাৰত পাণ্ডুলিপি শাখাই ২,০৯১টা পুৰণি পাণ্ডুলিপিৰ ১,৫৬,১৭৩টা পৃষ্ঠা ডিজিটেল পদ্ধতিৰে সংৰক্ষণ কৰিছে। বৰ্তমান শংকৰদেৱ কলাক্ষেত্ৰত আৰু বিশ্ববিদ্যালয়ৰ গ্ৰন্থাগাৰৰ পাণ্ডুলিপি শাখাত এই কাম যোৱা কিছু বছৰৰ পৰা বন্ধ হৈ আছে।

এতিয়াও ৰাজ্যৰ বিভিন্ন সত্ৰ, নামঘৰ তথা মানুহৰ ঘৰ আদিত বহু পুৰণি পাণ্ডুলিপি বিজ্ঞানসন্মতভাৱে অসংৰক্ষিত অৱস্থাত থকাৰ লগতে ডিজিটেল পদ্ধতিৰ আওতাৰ বাহিৰত আছে। সেয়ে পাণ্ডুলিপি মিশ্যনে ৰাজ্যত এতিয়াও অসংৰক্ষিত অৱস্থাত থকা পাণ্ডুলিপিবোৰ বিজ্ঞানসন্মতভাৱে সংৰক্ষণ কৰা আৰু ডিজিটেল পদ্ধতিৰে সংৰক্ষণৰ কামখিনি আগ বঢ়াই নিয়াৰ বাবে ঐতিহ্য সংৰক্ষণ সমিতি, অসমক দায়িত্ব দিছে। ইতিমধ্যে এই কামখিনি কৰাৰ বাবে যোৱা ১ এপ্ৰিলত পাণ্ডুলিপি মিশ্যনে ঐতিহ্য সংৰক্ষণ সমিতিৰ লগত এখন বুজাবুজিৰ চুক্তি সম্পাদন কৰিছে।

Manuscript

এই বুজাবুজিৰ চুক্তিৰ ম্যাদ ২০২০ চনৰ ৩১ মাৰ্চলৈ অৰ্থাৎ দুবছৰলৈ নিৰ্ধাৰণ কৰা হৈছে। পাণ্ডুলিপি মিশ্যনৰ নিৰ্দেশাৱলী আৰু বুজাবুজিৰ চুক্তিমতে,  সমিতিয়ে কাম সম্পন্ন কৰিলে চুক্তিৰ ম্যাদ সময়ে সময়ে বৃদ্ধি কৰা হ’ব। ইতিমধ্যে চুক্তি মৰ্মে পাণ্ডুলিপি মিশ্যনে ঐতিহ্য সংৰক্ষণ সমিতিক ৭ লাখ টকাৰ অনুমোদন জনাইছে। সমিতিৰ নিৰ্ধাৰিত কাম অনুযায়ী পাণ্ডুলিপি মিশ্যনে এই অনুমোদিত ধন তিনিটা কিস্তিত আদায় দিব। এই সন্দৰ্ভত ঐতিহ্য সংৰক্ষণ সমিতিৰ সম্পাদক জয়ন্ত শৰ্মাই জনায় যে পুৰণি পাণ্ডুলিপি সংগ্ৰহ কৰি গুৱাহাটীৰ জালুকবাৰীত থকা কৃষ্ণকান্ত সন্দিকৈ সংস্কৃত মহাবিদ্যালয়ত পাণ্ডুলিপিবোৰ ডিজিটেল পদ্ধতিৰে সংৰক্ষণ কৰা হ’ব। তেওঁ কয়, “যিবোৰ পাণ্ডুলিপি এতিয়ালৈকে অসংৰক্ষিত অৱস্থাত আছে, সেইবোৰহে সংগ্ৰহ কৰি ডিজিটেল পদ্ধতিৰে সংৰক্ষণ কৰা হ’ব। ইতিমধ্যে সংস্কৃত মহাবিদ্যালয়ত পাণ্ডুলিপি সংৰক্ষণ কেন্দ্ৰ স্থাপন কৰাৰ বাবে মহাবিদ্যালয় কৰ্তৃপক্ষ আৰু সমিতিৰ লগতো এখন বুজাবুজিৰ চুক্তি সম্পাদন হৈছে।

কেন্দ্ৰ স্থাপনৰ বাবে যিখিনি সা-সুবিধা লাগে সেইবোৰ যোগান ধৰাৰ বাবে মহাবিদ্যালয় কৰ্তৃপক্ষই সন্মতি দিছে। কিন্তু পাণ্ডুলিপি মিশ্যনৰ তৎপৰতাৰ অভাৱত ঐতিহ্য সংৰক্ষণ সমিতিয়ে কাম আৰম্ভ কৰিব পৰা নাই। জয়ন্ত শৰ্মাই লগতে জনায় যে সকলো ধৰণৰ আধুনিক সা-সৰঞ্জাম থকা ম’বাইল ভেনেৰেও বিভিন্ন ঠাইত অসংৰক্ষিত অৱস্থাত থকা পুৰণি পাণ্ডুলিপি সংগ্ৰহ কৰি ঠাইতে পাণ্ডুলিপিবোৰ ডিজিটেল পদ্ধতিৰে সংৰক্ষণ কৰা হ’ব।

ভৱেশ মেধি

ভৱেশ মেধি

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

দুৰ্গাপূজা : অতীতৰ পৰম্পৰা আৰু বৰ্তমানৰ জাকজমকতা

দুৰ্গাপূজা : অতীতৰ পৰম্পৰা আৰু বৰ্তমানৰ জাকজমকতা

October 14, 2026 8:10 pm
পাঁচ বছৰ পূৰ্বে আবেদন, তথাপি নাই অনুমতি! ষ্টাৰলিংকৰ সৈতে একে শাৰীত এয়াৰটেল; কেন্দ্ৰক কটাক্ষ সুনীল মিত্তলৰ

পাঁচ বছৰ পূৰ্বে আবেদন, তথাপি নাই অনুমতি! ষ্টাৰলিংকৰ সৈতে একে শাৰীত এয়াৰটেল; কেন্দ্ৰক কটাক্ষ সুনীল মিত্তলৰ

October 14, 2026 7:07 pm
অৱশেষত মুখ্যমন্ত্ৰীয়ে দিলে আশ্বাস! কাইলৈ প্ৰতিবাদ সামৰিব অখিল গগৈয়ে

অৱশেষত মুখ্যমন্ত্ৰীয়ে দিলে আশ্বাস! কাইলৈ প্ৰতিবাদ সামৰিব অখিল গগৈয়ে

October 14, 2026 6:04 pm
এখন চৰকাৰী চিকিৎসালয়ত ছমাহত ৮০ নৱজাতকৰ মৃত্যু : তদন্তৰ দাবী বিজেপি বিধায়কৰ

এখন চৰকাৰী চিকিৎসালয়ত ছমাহত ৮০ নৱজাতকৰ মৃত্যু : তদন্তৰ দাবী বিজেপি বিধায়কৰ

October 14, 2026 4:58 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

দুৰ্গাপূজা : অতীতৰ পৰম্পৰা আৰু বৰ্তমানৰ জাকজমকতা

দুৰ্গাপূজা : অতীতৰ পৰম্পৰা আৰু বৰ্তমানৰ জাকজমকতা

October 14, 2026 8:10 pm
পাঁচ বছৰ পূৰ্বে আবেদন, তথাপি নাই অনুমতি! ষ্টাৰলিংকৰ সৈতে একে শাৰীত এয়াৰটেল; কেন্দ্ৰক কটাক্ষ সুনীল মিত্তলৰ

পাঁচ বছৰ পূৰ্বে আবেদন, তথাপি নাই অনুমতি! ষ্টাৰলিংকৰ সৈতে একে শাৰীত এয়াৰটেল; কেন্দ্ৰক কটাক্ষ সুনীল মিত্তলৰ

October 14, 2026 7:07 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd