• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Monday, January 25, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

ঐতিহ্য সংৰক্ষণ সমিতিৰ পদক্ষেপ : ডিজিটেলি সংৰক্ষণ কৰিব ৰাজ্যৰ বহুমূলীয়া পাণ্ডুলিপিবোৰ

NE NOW NEWS ভৱেশ মেধি
গুৱাহাটী , September 24, 2018 8:32 pm

3 min read

kirtana2
333
VIEWS
Share on FacebookShare on Twitter

ৰাজ্যত ঐতিহ্য সংৰক্ষণ আৰু অধ্যয়নৰ ক্ষেত্ৰত বিভিন্ন ধৰণে কাম কৰি থকা ঐতিহ্য সংৰক্ষণ সমিতি, অসমে পুৰণি পাণ্ডুলিপি বিজ্ঞানসন্মতভাৱে সংৰক্ষণ কৰা আৰু ডিজিটাইজ কৰাৰ ব্যৱস্থা গ্ৰহণ কৰিছে।

বিভিন্ন লিখা তথা তথ্য-সম্বলিত পুৰণি পাণ্ডুলিপি সংৰক্ষণ আৰু কম্পিউটাৰ আদি প্ৰযুক্তিৰ জৰিয়তে ডিজিটেল ব্যৱস্থাৰে সংৰক্ষণ কৰাৰ বাবে নতুন দিল্লীৰ ৰাষ্ট্ৰীয় পাণ্ডুলিপি মিশ্যনৰ লগত সমিতিয়ে ইতিমধ্যে এক বুজাবুজিৰ চুক্তি সম্পন্ন কৰিছে। কিন্তু এই বুজাবুজিৰ চুক্তি সম্পন্ন হোৱাৰ মাহ পাৰ হোৱাৰ পিছতো পাণ্ডুলিপি মিশ্যনৰ তৎপৰতাৰ অভাৱত ঐতিহ্য সংৰক্ষণ সমিতিয়ে কাম আৰম্ভ কৰিব পৰা নাই।

মন কৰিব লগীয়া যে অসমত পুৰণি পাণ্ডুলিপিসমূহত লিখাৰ পৰম্পৰা অতিকৈ পুৰণি আৰু সমৃদ্ধ। পুৰণি পাণ্ডুলিপিৰ সংজ্ঞা দি ৰাষ্ট্ৰীয় পাণ্ডুলিপি মিশ্যনে কৈছে যে এই পুথিসমূহ কাগজ, বাকলি, কাপোৰ, ধাতুৰ পাট, তালপাত অথবা তেনে কোনো সামগ্ৰীৰ লিখা আৰু কমপক্ষেও পঁইসত্তৰ বছৰ পুৰণি হ’ব লাগিব, যাৰ উল্লেখযোগ্যভাৱে বৈজ্ঞানিক,  ঐতিহাসিক অথবা নান্দনিক মূল্য থাকে।

লগতে এই কথাও স্পষ্টকৈ কোৱা হৈছে যে পুৰণি পাণ্ডুলিপিসমূহ ঐতিহাসিক তথ্য, যেনে– শিলত খোদিত উক্তি, অধ্যাদেশ, (ৰাজহৰ তথ্য নহয়), যিবোৰে পোনপটীয়াকৈ তথ্য বা ঘটনা বা ইতিহাসৰ প্ৰক্ৰিয়াৰ কথা কয়।

পুৰণি পাণ্ডুলিপিসমূহৰ বিষয়বস্তু প্ৰজ্ঞামূলক। ইতিমধ্যে শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰই আৰু গুৱাহাটী বিশ্ববিদ্যালয়ৰ কৃষ্ণকান্ত সন্দিকৈ গ্ৰন্থাগাৰৰ অভিলেখাগাৰ আৰু পাণ্ডুলিপি শাখাই ৰাষ্ট্ৰীয় পাণ্ডুলিপি মিশ্যনৰ সহায়ত পুৰণি পাণ্ডুলিপি ডিজিটেল পদ্ধতিৰে সংৰক্ষণৰ ব্যৱস্থা কৰিছে।

পাণ্ডুলিপি মিশ্যনৰ ৱেবছাইটৰ তথ্য মতে, শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰই ২,২৮৬টা পুৰণি পাণ্ডুলিপিৰ ১,৫৮,৬৯৬টা পৃষ্ঠা ডিজিটেল পদ্ধতিৰে সংৰক্ষণ কৰিছে। আকৌ বিশ্ববিদ্যালয়ৰ গ্ৰন্থাগাৰত পাণ্ডুলিপি শাখাই ২,০৯১টা পুৰণি পাণ্ডুলিপিৰ ১,৫৬,১৭৩টা পৃষ্ঠা ডিজিটেল পদ্ধতিৰে সংৰক্ষণ কৰিছে। বৰ্তমান শংকৰদেৱ কলাক্ষেত্ৰত আৰু বিশ্ববিদ্যালয়ৰ গ্ৰন্থাগাৰৰ পাণ্ডুলিপি শাখাত এই কাম যোৱা কিছু বছৰৰ পৰা বন্ধ হৈ আছে।

এতিয়াও ৰাজ্যৰ বিভিন্ন সত্ৰ, নামঘৰ তথা মানুহৰ ঘৰ আদিত বহু পুৰণি পাণ্ডুলিপি বিজ্ঞানসন্মতভাৱে অসংৰক্ষিত অৱস্থাত থকাৰ লগতে ডিজিটেল পদ্ধতিৰ আওতাৰ বাহিৰত আছে। সেয়ে পাণ্ডুলিপি মিশ্যনে ৰাজ্যত এতিয়াও অসংৰক্ষিত অৱস্থাত থকা পাণ্ডুলিপিবোৰ বিজ্ঞানসন্মতভাৱে সংৰক্ষণ কৰা আৰু ডিজিটেল পদ্ধতিৰে সংৰক্ষণৰ কামখিনি আগ বঢ়াই নিয়াৰ বাবে ঐতিহ্য সংৰক্ষণ সমিতি, অসমক দায়িত্ব দিছে। ইতিমধ্যে এই কামখিনি কৰাৰ বাবে যোৱা ১ এপ্ৰিলত পাণ্ডুলিপি মিশ্যনে ঐতিহ্য সংৰক্ষণ সমিতিৰ লগত এখন বুজাবুজিৰ চুক্তি সম্পাদন কৰিছে।

Manuscript

এই বুজাবুজিৰ চুক্তিৰ ম্যাদ ২০২০ চনৰ ৩১ মাৰ্চলৈ অৰ্থাৎ দুবছৰলৈ নিৰ্ধাৰণ কৰা হৈছে। পাণ্ডুলিপি মিশ্যনৰ নিৰ্দেশাৱলী আৰু বুজাবুজিৰ চুক্তিমতে,  সমিতিয়ে কাম সম্পন্ন কৰিলে চুক্তিৰ ম্যাদ সময়ে সময়ে বৃদ্ধি কৰা হ’ব। ইতিমধ্যে চুক্তি মৰ্মে পাণ্ডুলিপি মিশ্যনে ঐতিহ্য সংৰক্ষণ সমিতিক ৭ লাখ টকাৰ অনুমোদন জনাইছে। সমিতিৰ নিৰ্ধাৰিত কাম অনুযায়ী পাণ্ডুলিপি মিশ্যনে এই অনুমোদিত ধন তিনিটা কিস্তিত আদায় দিব। এই সন্দৰ্ভত ঐতিহ্য সংৰক্ষণ সমিতিৰ সম্পাদক জয়ন্ত শৰ্মাই জনায় যে পুৰণি পাণ্ডুলিপি সংগ্ৰহ কৰি গুৱাহাটীৰ জালুকবাৰীত থকা কৃষ্ণকান্ত সন্দিকৈ সংস্কৃত মহাবিদ্যালয়ত পাণ্ডুলিপিবোৰ ডিজিটেল পদ্ধতিৰে সংৰক্ষণ কৰা হ’ব। তেওঁ কয়, “যিবোৰ পাণ্ডুলিপি এতিয়ালৈকে অসংৰক্ষিত অৱস্থাত আছে, সেইবোৰহে সংগ্ৰহ কৰি ডিজিটেল পদ্ধতিৰে সংৰক্ষণ কৰা হ’ব। ইতিমধ্যে সংস্কৃত মহাবিদ্যালয়ত পাণ্ডুলিপি সংৰক্ষণ কেন্দ্ৰ স্থাপন কৰাৰ বাবে মহাবিদ্যালয় কৰ্তৃপক্ষ আৰু সমিতিৰ লগতো এখন বুজাবুজিৰ চুক্তি সম্পাদন হৈছে।

কেন্দ্ৰ স্থাপনৰ বাবে যিখিনি সা-সুবিধা লাগে সেইবোৰ যোগান ধৰাৰ বাবে মহাবিদ্যালয় কৰ্তৃপক্ষই সন্মতি দিছে। কিন্তু পাণ্ডুলিপি মিশ্যনৰ তৎপৰতাৰ অভাৱত ঐতিহ্য সংৰক্ষণ সমিতিয়ে কাম আৰম্ভ কৰিব পৰা নাই। জয়ন্ত শৰ্মাই লগতে জনায় যে সকলো ধৰণৰ আধুনিক সা-সৰঞ্জাম থকা ম’বাইল ভেনেৰেও বিভিন্ন ঠাইত অসংৰক্ষিত অৱস্থাত থকা পুৰণি পাণ্ডুলিপি সংগ্ৰহ কৰি ঠাইতে পাণ্ডুলিপিবোৰ ডিজিটেল পদ্ধতিৰে সংৰক্ষণ কৰা হ’ব।

Recent News

Biswanath

বিশ্বনাথত উত্তৰ পূৰ্বাঞ্চলৰ দ্বিতীয়টো চাৰ্জিং ষ্টেচনৰ লগতে দুখনকৈ ইলেকট্ৰিক বাছৰ শুভ উদ্বোধন

IMG_20210125_131908

নগাঁৱত ৰাষ্ট্ৰীয় ভোটাৰ দিৱস উদযাপন

a cong

কোন বেছি সাম্প্ৰদায়িক—বিজেপি নে কংগ্ৰেছ? সংবাদমেলত অমিত শ্বাহক প্ৰশ্ন ৰিপুন বৰাৰ

India-China border in sikkim

ছিকিমৰ নাকু লা সীমান্তত সংঘৰ্ষত ভাৰতীয় সেনাৰ হাতত আহত ২০জন চীনা সৈন্য

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd