নগাঁও জিলাৰ ডবকা অঞ্চলত পুনৰ এক নতুন উচ্ছেদ অভিযান চলোৱাৰ সম্ভাৱনাই দেখা দিছে। শেহতীয়াকৈ উচ্চ ন্যায়ালয়ে দিয়া এক নিৰ্দেশৰ পিছতে যমুনামৌদাঙা সংৰক্ষিত বনাঞ্চলত এই উচ্ছেদৰ খবৰ বিয়পি পৰিছে। ইয়াৰ ফলত সমগ্ৰ অঞ্চলটোতে এতিয়া তীব্ৰ উত্তেজনা আৰু আতংকৰ সৃষ্টি হোৱা দেখিবলৈ পোৱা গৈছে।
উল্লেখযোগ্য যে চলিত বৰ্ষৰ জানুৱাৰী মাহতে এই বনাঞ্চলখনত এক বৃহৎ উচ্ছেদ অভিযান চলোৱা হৈছিল। সেই সময়ত প্ৰশাসনে প্ৰায় ৭০০ হেক্টৰ ভূমি বেদখলমুক্ত কৰিছিল আৰু সংৰক্ষিত বনাঞ্চলখনৰ পৰা মুঠ ১,০৯৮ টা পৰিয়ালক উচ্ছেদ কৰা হৈছিল। কিন্তু তাৰ পিছতো বনাঞ্চলখনৰ কিছু অংশত কেইটামান পৰিয়াল বসবাস কৰি আছিল।
বনাঞ্চলখনত থাকি যোৱা তেনে ১৫২ টা পৰিয়ালে উচ্ছেদৰ পৰা ৰেহাই বিচাৰি উচ্চ ন্যায়ালয়ৰ কাষ চাপিছিল। তেওঁলোকৰ আবেদনৰ ভিত্তিত আদালতে তেতিয়া তেওঁলোকক সাময়িক সকাহ দিছিল। কিন্তু এতিয়া উচ্চ ন্যায়ালয়ে এই সন্দৰ্ভত এক নতুন নিৰ্দেশ জাৰি কৰিছে, যাৰ বাবে এই পৰিয়ালসমূহৰ মাজত এতিয়া ভয় আৰু অনিশ্চয়তাই গা কৰি উঠিছে। আদালতৰ নতুন নিৰ্দেশ অনুসৰি, এই পৰিয়ালকেইটাক অহা ৩০ দিনৰ ভিতৰত বনাঞ্চলৰ মাটি খালী কৰিবলৈ কোৱা হৈছে।
চৰকাৰী সূত্ৰৰ পৰা জানিব পৰা মতে, বনাঞ্চলখনৰ প্ৰায় ৭০ হেক্টৰ ভূমি এতিয়াও বেদখলকাৰীৰ হাতত আছে। আদালতৰ এই কঠোৰ নিৰ্দেশৰ পিছত একাংশ পৰিয়ালে ইতিমধ্যে ঠাইখন এৰি থৈ যাবলৈ প্ৰস্তুতি চলাইছে। আনহাতে, আন কিছুমান পৰিয়ালে তেওঁলোকক অলপ বেছি সময় দিবলৈ বা কোনো বিকল্প ব্যৱস্থা কৰি দিবলৈ পুনৰ বিবেচনাৰ বাবে আবেদন জনাইছে। বৰ্তমান সময়ত এই উচ্ছেদ অভিযানক লৈ সমগ্ৰ অঞ্চলটোৰ পৰিস্থিতি যথেষ্ট উত্তপ্ত হৈ পৰিছে আৰু প্ৰশাসনেও পৰৱৰ্তী পদক্ষেপৰ বাবে নিজৰ প্ৰস্তুতি চলাইছে।




