ইৰাণ আৰু আমেৰিকাৰ মাজত দীৰ্ঘদিন ধৰি চলি থকা উত্তেজনা এতিয়া চৰম পৰ্যায়ত উপনীত হৈছে। শেহতীয়া খবৰ অনুসৰি, যিকোনো মুহূৰ্ততে দুয়োখন দেশৰ মাজত যুদ্ধ আৰম্ভ হোৱাৰ সম্ভাৱনা বৃদ্ধি পাইছে। আমেৰিকাৰ যুদ্ধজাহাজে ইতিমধ্যে ইৰাণ অভিমুখে যাত্ৰা কৰিছে বুলি জানিব পৰা গৈছে। এই স্পৰ্শকাতৰ পৰিস্থিতিৰ মাজতে আমেৰিকাৰ বিদেশ মন্ত্ৰালয়ৰ প্ৰাক্তন সহকাৰী সচিব চেলেষ্ট এ ৱালেণ্ডাৰে এক গুৰুতৰ সতৰ্কবাণী জাৰি কৰিছে। তেওঁৰ মতে, যদি কূটনৈতিক আলোচনাৰ জৰিয়তে ইৰাণৰ সৈতে থকা সংঘাত সমাধান নহয়, তেন্তে ৱাশ্বিংটনে সামৰিক শক্তি প্ৰয়োগ কৰিবলৈ কুণ্ঠাবোধ নকৰিব। এই উদ্দেশ্য আগত ৰাখিয়েই আমেৰিকাই ইৰাণৰ চাৰিওফালে নিজৰ সামৰিক উপস্থিতি বৃদ্ধি কৰিবলৈ আৰম্ভ কৰিছে।
জাৰ্মানীত অলপতে অনুষ্ঠিত হোৱা এখন গুৰুত্বপূৰ্ণ সন্মিলনত অংশগ্ৰহণ কৰি চেলেষ্টে এই বিস্ফোৰক মন্তব্য আগবঢ়ায়। উল্লেখযোগ্য যে এই সন্মিলনতে ভাৰতৰ বৈদেশিক মন্ত্ৰী এছ জয়শংকৰেও উপস্থিত আছিল আৰু তেওঁ আমেৰিকাৰ সৈতে বাণিজ্যিক চুক্তি তথা ৰাছিয়াৰ পৰা তেল আমদানিৰ দৰে বিষয়ত আলোচনা কৰিছিল। একেখন মঞ্চৰ পৰাই চেলেষ্টে স্পষ্টকৈ কয় যে ইৰাণৰ সীমান্তত আমেৰিকাৰ বৰ্ধিত সামৰিক কাৰ্যকলাপৰ পৰা এটা কথাই বুজা যায় যে আমেৰিকা যুদ্ধৰ বাবে সম্পূৰ্ণ সাজু। যদি আলোচনা ব্যৰ্থ হয়, তেন্তে আমেৰিকাই নিশ্চিতভাৱে আক্ৰমণৰ পথ বাছি ল’ব।
পৰিস্থিতিৰ গম্ভীৰতাৰ প্ৰমাণ দি যোৱা মাহতে প্ৰায় ৭৫০০ সৈন্যসহ আমেৰিকাৰ এটা কেৰিয়াৰ ষ্ট্ৰাইক গ্ৰুপ মধ্যপ্ৰাচ্যলৈ প্ৰেৰণ কৰা হৈছিল। ইয়াৰ পিছতে বিশ্বৰ আটাইতকৈ ডাঙৰ বিমানবাহী জাহাজ ইউ এছ এছ জেৰাল্ড আৰ ফৰ্ডকো ইৰাণৰ দিশে পঠিওৱা হৈছে। প্ৰাক্তন বিষয়াগৰাকীৰ মতে, আমেৰিকাই পূৰ্বতেও ইৰাণৰ ওপৰত চাপ সৃষ্টি কৰিছিল যদিও এইবাৰৰ পদক্ষেপ অতি বিশাল আৰু তাৎপৰ্যপূৰ্ণ। তেওঁ কয় যে আমেৰিকাই কেৱল শক্তি প্ৰদৰ্শন কৰিবলৈ এই জাহাজ পঠিওৱা নাই, বৰঞ্চ আলোচনা বিফল হ’লে এক দীৰ্ঘম্যাদী যুদ্ধৰ বাবেহে তেওঁলোকে প্রস্তুতি চলাইছে।
কিছুদিন আগলৈকে ধাৰণা কৰা হৈছিল যে ইৰাণৰ পৰা যুদ্ধৰ ক’লা ডাৱৰ আঁতৰিছে। বিশেষকৈ তেহৰান চৰকাৰে আন্দোলনকাৰীৰ মৃত্যুদণ্ডৰ দৰে কঠোৰ সিদ্ধান্ত বাতিল কৰাৰ পিছত আমেৰিকা শান্ত হ’ব বুলি বহুতৰে বিশ্বাস আছিল। কিন্তু শেহতীয়া সামৰিক গতিবিধিয়ে সেই ধাৰণা ভুল বুলি প্ৰমাণ কৰিছে। পশ্চিম এছিয়াৰ আকাশত এতিয়া যুদ্ধৰ ডংকা বাজি উঠিছে। আমেৰিকাই পশ্চিম এছিয়ালৈ নিজৰ বৃহৎ সৈন্যবাহিনী আৰু যুদ্ধজাহাজ প্ৰেৰণ কৰাৰ পিছত এতিয়া সমগ্ৰ বিশ্বৰ চকু এই সংঘাতৰ ওপৰত নিবদ্ধ হৈছে।





