• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Wednesday, January 27, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

মুখ্যমন্ত্রী সোণোৱালক কাৰ্যালয়ত সাক্ষাৎ কৰিলে স্বৰ্ণকন্যা হিমা দাসে

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , September 21, 2018 6:25 am

2 min read

Sonowal-with-Hima-Das-750x375

বৃহস্পতিবাৰে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালক কাৰ্যালয়ত সাক্ষাৎ কৰাৰ মুহূৰ্তত হিমা দাস। ফটো : টুইটাৰ

170
VIEWS
Share on FacebookShare on Twitter

মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালক বৃহস্পতিবাৰে সন্ধিয়া সাক্ষাৎ কৰে স্বৰ্ণকন্যা হিমা দাসে। মুখ্যমন্ত্ৰীৰ কাৰ্যালয়ত প্ৰশিক্ষক নিপন দাসৰ সৈতে হিমা উপস্থিত হয়।

হিমাই ভৱিষ্যতৰ পৰিকল্পনা তথা সম্ভাৱনাৰ সন্দৰ্ভত মুখ্যমন্ত্ৰীৰ সৈতে আলোচনা কৰে। মুখ্যমন্ত্ৰীয়ে হিমাক অৰ্জুন বঁটাৰ বাবে নিৰ্বাচিত হোৱাৰ বাবে অভিনন্দন জনায়। হিমাই মুখ্যমন্ত্ৰীক সাক্ষাৎকালত সমাজ কল্যাণ মন্ত্ৰী প্ৰমিলাৰাণী ব্ৰহ্ম উপস্থিত থাকে।

মুখ্যমন্ত্ৰীক সাক্ষাতৰ পিছতে হিমায়ো টুইটাৰ যোগে তেওঁক আগবঢ়োৱা সমৰ্থনৰ বাবে মুখ্যমন্ত্ৰীক ধন্যবাদ জনাইছে।

হিমাই তেওঁৰ টুইটত লিখিছে, ‘’আজি সাক্ষাতৰ বাবে মোক মূল্যবান সময় দিয়াৰ বাবে সৰ্বানন্দ সোণোৱাল চাৰক ধন্যবাদ জনাইছো। লগতে আপুনি যোগোৱা প্ৰেৰণা আৰু সমৰ্থনৰ বাবেও ধন্যবাদ জনাইছো।‘’

জানিব পৰা মতে মুখ্যমন্ত্ৰী সোমোৱালে বৃহস্পতিবাৰে নিশা ৯ বজালৈ কাৰ্যালয়ত কামত ব্যস্ত থাকে।

উল্লেযোগ্য যে ২০১৮ বৰ্ষৰ অৰ্জুন বঁটাৰ বাবে নিৰ্বাচিত হৈছে অসমৰ হিমা দাস। দেশৰ নৱতম ট্ৰেকৰাণী তথা ক্ৰীড়াক্ষেত্ৰত এই বছৰটোতে দেশৰ হৈ কেইবাটাও বিৰল সন্মান কঢ়িয়াই অনা ২০ বছৰীয়া হিমাকে ধৰি জেভলিন থ্ৰ’ৱাৰ নীৰজ চোপ্ৰাসহ ২০গৰাকী ক্ৰীড়াবিদৰ নাম এই বঁটাৰ বাবে অনুমোদন জনোৱা হৈছে।

উল্লেখ্য যে সংশ্লিষ্ট খেলবোৰৰ ৰাষ্ট্ৰীয় সংস্থাই প্ৰেৰণ কৰা অনুমোদনত কেন্দ্ৰীয় ক্ৰীড়া মন্ত্ৰীয়ে ‘মোহৰ’ লগোৱাৰ পাছতে এতিয়া মনোনীত খেলুৱৈসকলে অহা ২৫ ছেপ্টেম্বৰত ৰাষ্ট্ৰপতি ভৱনত হ’বলগীয়া অনুষ্ঠানত ৰাষ্ট্ৰপতিৰ পৰা বঁটাসমূহ গ্ৰহণ কৰিব।

দেশৰ ক্ৰীড়াবিদৰ বাবে আগ বঢ়োৱা এই গৌৰৱ মুকুট নিশ্চিত হোৱাৰ খবৰে স্বাভাৱিকতে হিমাৰ লগতে আপ্লুত কৰি তুলিছে সমগ্ৰ ৰাজ্যবাসীক।

ইফালে এইবাৰ ৰাজীৱ গান্ধী খেল ৰত্ন বঁটাৰ বাবে ভাৰতীয় ক্ৰিকেট দলৰ অধিনায়ক বিৰাট কোহলী আৰু বিশ্ব চেম্পিয়ন মণিপুৰী ভাৰোত্তোলক মীৰাবাই চানুৰ নাম যৌথভাৱে অনুমোদন জনোৱা হৈছে।

Recent News

Ulfa

অৰুণাচল প্ৰদেশৰ ভাৰত-ম্যানমাৰ সীমান্তত ভাৰতীয় সেনাৰ জালত পৰিল আলফা (স্বা)ৰ ৩ কেডাৰ

Sivasagar

শিৱসাগৰত মন্ত্ৰী হিমন্ত বিশ্বৰ নিৰ্বাচনী টোপ! : বিবেকানন্দ যুৱ সৱলীকৰণ যোজনাৰ স্বয়ম আঁচনিৰ অনুমোদন পত্ৰ বিতৰণ

a mori

এইবাৰ অসমৰ ল’ৰাই পাব বুলেট! শিৱসাগৰত এই মন্তব্য কৰিলে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই

ৰাজ্যিক বিজেপিৰ সভাপতি ৰঞ্জিত দাসে ক’লে, ‘Who is সত্যৰঞ্জন? বিজেপিত কোনো সত্যৰঞ্জন নাই!’

ৰাজ্যিক বিজেপিৰ সভাপতি ৰঞ্জিত দাসে ক’লে, ‘Who is সত্যৰঞ্জন? বিজেপিত কোনো সত্যৰঞ্জন নাই!’

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd