• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, September 27, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

বটদ্ৰৱা থানত গুৰুজনাৰ আশিস লৈ গছপুলি ৰোপণ স্বৰ্ণকন্যা হিমাৰ

মিণ্টু দাস by মিণ্টু দাস
September 11, 2018 11:11 pm
Hima in Batadraba.Photo

বটদ্ৰৱা থানত আশিস লোৱাৰ মুহূৰ্তত স্বৰ্ণকন্যা হিমা দাস। ফটো : নৰ্থইষ্ট নাও

2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

নগাঁও ক্ৰীড়া সংস্থা আৰু জিলা প্ৰশাসনৰ উদ্যোগত নগাঁৱৰ খগেন মহন্ত প্ৰেক্ষাগৃহত সম্বৰ্ধনা গ্ৰহণ কৰি স্ব-গৃহাভিমুখী হোৱা স্বৰ্ণকন্যা হিমা দাস বিয়লি উপস্থিত হয় বটদ্ৰৱা থানত। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ তিৰোভাৱ তিথিৰ পৱিত্ৰ দিনটোত বিয়লি প্ৰায় ৩:৩০ বজাত হিমা বটদ্ৰৱা থানত উপস্থিত হয়।

বটদ্ৰৱা থানত উপস্থিত হোৱাৰ লগে লগে গুৰু কীৰ্তন উপলক্ষে থানত সমবেত হাজাৰ হাজাৰ তীৰ্থযাত্ৰীয়ে আগুৰি ধৰি মৰম, আদৰ জনায় অসমী আইৰ সুযোগ্যা সন্তানগৰাকীক। ৰাইজৰ মৰম-আদৰ সাদৰেৰে গ্ৰহণ কৰি এথলেটগৰাকীয়ে কীৰ্তন ঘৰত মূৰ দোৱাই সেৱা জনাই আশীৰ্বাদ গ্ৰহণ কৰে।

Apply Now
Hima in Batadraba.Photo.jpg 2
বটদ্ৰৱা থানত গছপুলি ৰোৱাৰ মুহূৰ্তত হিমা দাস। ফটো : নৰ্থইষ্ট নাও

নৰোৱা সত্ৰৰ সত্ৰাধিকাৰ দেবানন্দ দেৱ গোস্বামীয়ে নিৰ্মালি প্ৰদান কৰি আশিস বাণী প্ৰদান কৰে। তাৰ পাছতে গুৰুজনাই ব্যৱহাৰ কৰা ঐতিহাসিক পাটনাদটোৰ কাষতে হিমা আৰু প্ৰশিক্ষকদ্বয়ে একোটিকৈ গছপুলি ৰোপণ কৰে। হিমাই ৰোপণ কৰে এটি বকুলৰ পুলি।

বটদ্ৰৱা থানত উপস্থিত হোৱা খেলুৱৈগৰাকীক পৰিচালনা সমিতিয়ে বাটচ’ৰাৰ পৰা আদৰি নিয়ে। কীৰ্তনঘৰত সেৱা জনোৱাৰ পিছত থান পৰিচালনা সমিতিৰ হৈ কাৰ্যকৰী সভাপতি, সাধাৰণ সম্পাদক সহিতে সদস্যসকলে গামোচা, শৰাই, কুঁহিলা কঠ, গ্ৰন্থৰ টোপোলা আদিৰে সম্বৰ্ধনা জনায়৷

ইয়াৰ উপৰি থান প্ৰাংগণৰ ভিতৰে-বাহিৰে বৃহত্তৰ বটদ্ৰৱা এলেকাৰ বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠান তথা ব্যক্তি বিশেষৰ লগতে বিভিন্ন স্থানৰ তীৰ্থযাত্ৰীসকলে স্বৰ্ণকন্যাক মৰমতে মূৰে-কপালে হাত বোলাই অনাগত দিনবোৰৰ বাবে আশীৰ্বাদ প্ৰদান কৰে।

নগাঁৱৰ পৰা বৰদোৱালৈকে সমগ্ৰ পথছোৱাত হুজগাঁও, চিলঙনি, ৰাইদঙীয়া, ভোমোৰাগুৰি, ভেটিয়নি, শান্তিজান পাৰ আদিটো গুণমুগ্ধসকলে ব্যাপক উৎসাহেৰে হিমাক বিপুল সম্বৰ্ধনা জনায়।

বটদ্ৰৱা থানৰ পৰা সমদলেৰে হিমা দাস গৃহভূমি ধিং অভিমুখে ৰাওঁনা হয়৷ বটদ্ৰৱাৰ পৰা ধিঙলৈকে পথছোৱাত জামতলা, কদমনি, ধূপগুৰি, চমুৱাগাঁও আদিতো বহু লোক সমবেত হৈ স্বৰ্ণকন্যা হিমা দাসক আদৰণি জনায়।

মিণ্টু দাস

মিণ্টু দাস

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

স্নাতকোত্তৰ ছাত্ৰ সন্থাৰ নিৰ্বাচন ন্যায়াধিকৰণৰ নিৰ্বাচন-সম্পৰ্কীয় অভিযোগ সন্দৰ্ভত সিদ্ধান্ত

স্নাতকোত্তৰ ছাত্ৰ সন্থাৰ নিৰ্বাচন ন্যায়াধিকৰণৰ নিৰ্বাচন-সম্পৰ্কীয় অভিযোগ সন্দৰ্ভত সিদ্ধান্ত

September 27, 2026 12:06 pm
গুৱাহাটী স্বেচ্ছাসেৱক বৈঠকৰ পূৰ্বে কেন্দ্ৰীয় মুখপাত্ৰ আশুতোষ ৰাংকাসহ কেইবাজনো চিজেপি কৰ্মীক আটক অসম আৰক্ষীৰ

গুৱাহাটী স্বেচ্ছাসেৱক বৈঠকৰ পূৰ্বে কেন্দ্ৰীয় মুখপাত্ৰ আশুতোষ ৰাংকাসহ কেইবাজনো চিজেপি কৰ্মীক আটক অসম আৰক্ষীৰ

September 27, 2026 11:44 am
ঘূৰ্ণীবতাহ অৰ্ণবৰ তাণ্ডৱ! ক্ষতিগ্ৰস্ত ১৪ খন ৰাজ্য, উত্তৰ প্ৰদেশত ১৩জনৰ মৃত্যু; শস্যৰ বিপুল ক্ষতি

ঘূৰ্ণীবতাহ অৰ্ণবৰ তাণ্ডৱ! ক্ষতিগ্ৰস্ত ১৪ খন ৰাজ্য, উত্তৰ প্ৰদেশত ১৩জনৰ মৃত্যু; শস্যৰ বিপুল ক্ষতি

September 27, 2026 10:20 am
অঘৈয়া হুলঃ নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুন

অঘৈয়া হুলঃ নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুন

September 27, 2026 9:02 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

স্নাতকোত্তৰ ছাত্ৰ সন্থাৰ নিৰ্বাচন ন্যায়াধিকৰণৰ নিৰ্বাচন-সম্পৰ্কীয় অভিযোগ সন্দৰ্ভত সিদ্ধান্ত

স্নাতকোত্তৰ ছাত্ৰ সন্থাৰ নিৰ্বাচন ন্যায়াধিকৰণৰ নিৰ্বাচন-সম্পৰ্কীয় অভিযোগ সন্দৰ্ভত সিদ্ধান্ত

September 27, 2026 12:06 pm
গুৱাহাটী স্বেচ্ছাসেৱক বৈঠকৰ পূৰ্বে কেন্দ্ৰীয় মুখপাত্ৰ আশুতোষ ৰাংকাসহ কেইবাজনো চিজেপি কৰ্মীক আটক অসম আৰক্ষীৰ

গুৱাহাটী স্বেচ্ছাসেৱক বৈঠকৰ পূৰ্বে কেন্দ্ৰীয় মুখপাত্ৰ আশুতোষ ৰাংকাসহ কেইবাজনো চিজেপি কৰ্মীক আটক অসম আৰক্ষীৰ

September 27, 2026 11:44 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd