NORTHEAST NOW (Assamese)

ধুমুহাত বিধ্বস্ত হিমাচল, ভূমিস্খলনৰ ফলত ক্ষতিগ্ৰস্ত জনজীৱন! গছ উভালি পৰাৰ ফলত ৬ জনৰ মৃত্যু, কেইবাজনো আহত

March 31, 2025 1:21 pm · এন ই নাও নিউজ, গুৱাহাটী

হিমাচল প্ৰদেশৰ কুল্লু মণিকাৰণত ভূমিস্খলন। গছ সৰি কমেও ৬ জন লোকৰ মৃত্যু হৈছে। এই পৰ্যন্ত ৫ জন লোক আহত হোৱাৰ খবৰ পোৱা গৈছে। দেওবাৰে ধুমুহাৰ সময়ত এখন যাত্ৰীবাহী বাহনৰ ওপৰত বাগৰি পৰে পথৰ কাষৰ এজোপা গছ। সেই সময়ত কিছুমান ঠাইত পুনৰ ভূমিস্খলন ঘটিছিল।

জানিব পৰা মতে, মৃত লোকসকলৰ ভিতৰত আছে পথৰ কাষৰ ব্যৱসায়ী, এজন বাহন আৰোহী, আৰু ঘটনাস্থলীত উপস্থিত তিনিজন পৰ্যটক।

ঘটনাস্থলীত এছ এইচ অ মণিকাৰণৰ নেতৃত্বত আৰক্ষীৰ এটা দল উপস্থিত থকা বুলি জানিব পৰা গৈছে। স্থানীয় লোকেও তেওঁলোকৰ সৈতে যৌথভাৱে পৰিস্থিতিৰ মোকাবিলা কৰিছে। অগ্নিনিৰ্বাপক বাহিনীৰ এটা দলো দুৰ্ঘটনাস্থলীলৈ ৰাওনা হৈছে। আৰক্ষীয়ে এতিয়াও মৃত লোকজনৰ পৰিচয় নিশ্চিত কৰা নাই।

স্থানীয় সূত্ৰৰ পৰা জানিব পৰা মতে, বিয়লি প্ৰায় ৫ বজাত সংঘটিত হয় এই ভূমিস্খলন। ৰাস্তাৰ কাষত বহি থকা দুই এজন লোকক ডাঙৰ গছ এজোপা থেতেলিয়াই ধ্বংসাৱশেষৰ তলত পুতি থোৱা অৱস্থাত। ইতিমধ্যে আহতসকলক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে।

উল্লেখ্য যে, চলিত মাহৰ আৰম্ভণিতে ধাৰাসাৰ বৰষুণ আৰু তুষাৰপাতৰ ফলত হিমাচল প্ৰদেশৰ কেইবাটাও স্থানত স্বাভাৱিক জীৱন ব্যাহত হৈ পৰে, ভূমিস্খলনে পথ অৱৰোধ কৰি পেলায়। বতৰ বিজ্ঞান বিভাগেও আগন্তুক কেইদিনমান হিমাচল প্ৰদেশত ঘণ্টাত ৪০ৰ পৰা ৫০ কিলোমিটাৰ বেগেৰে ধুমুহা আৰু ধুমুহা বতাহৰ সৈতে বৰষুণৰ পূৰ্বাভাস প্ৰকাশ কৰিছে।

Related News