কিয় উত্থাপন কৰা হ’ল কংগনা ৰানাৱটৰ সংসদ পদ বাতিলৰ দাবী? উচ্চ ন্যায়ালয়ে জাৰি কৰিলে জাননী

কংগনা ৰানাৱট। ফটোঃ সংগ্ৰহীত।

বলীউডৰ অভিনেত্ৰী তথা হিমাচলৰ মাণ্ডীৰ বিজেপি সাংসদ কংগনা ৰানাৱটৰ সংসদ পদৰ বিৰুদ্ধে হিমাচল উচ্চ ন্যায়ালয়ত এখন আৱেদন দাখিল কৰা হৈছে। এই আৱেদনত কংগনাৰ সংসদৰ সদস্যপদ বাতিলৰ দাবী উত্থাপন কৰা হৈছে। এই আবেদন সন্দৰ্ভত কংগনাক উচ্চ ন্যায়ালয়ে জাননী জাৰি কৰিছে। উচ্চ ন্যায়ালয়ে কংগনাক ২১ আগষ্টৰ ভিতৰত উত্তৰ দাখিল কৰিবলৈ নিৰ্দেশ দিছে।

কংগনাৰ বিৰুদ্ধে আৱেদন দাখিল কৰিছে আবেদনকাৰী লায়ক ৰাম নেগীয়ে। ইয়াত তেওঁ কংগনাৰ নিৰ্বাচন বাতিল কৰিবলৈ আদালতক দাবী জনাইছে। নায়ক বন বিভাগৰ প্ৰাক্তন কৰ্মচাৰী। সময়ৰ আগতেই তেওঁৰ ভি আৰ এছ লৈছিল। নেগীয়ে কয় যে তেওঁ নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিব বিচাৰিছিল যদিও তেওঁৰ মনোনয়ন পত্ৰ মাণ্ডী নিৰ্বাচনী বিষয়াই ভুলকৈ নাকচ কৰিছিল।

লগতে পঢ়কঃ ক্ষুব্ধ মেছি; দুঘণ্টা পিছত বাতিল কৰা হ’ল গ’ল! অলিম্পিকত মৰক্কোৰ হাতত পৰাস্ত আৰ্জেণ্টিনা

নেগীয়ে যুক্তি আগবঢ়ায় যে তেওঁৰ মনোনয়ন পত্ৰ গ্ৰহণ কৰা হ’লে তেওঁ জয়ী হ’লহেঁতেন। এই আৱেদনত লায়ক ৰাম নেগীয়ে আদালতত আবেদন জনাইছে যে কংগনাৰ নিৰ্বাচন বাতিল কৰিব লাগে। মাণ্ডীৰ আসনত পুনৰ নিৰ্বাচনৰ দাবী জনোৱা নেগীৰ এই আৱেদনত ন্যায়াধীশ জ্যোৎস্না ৰেৱালে কংগনাক জাননী জাৰি কৰি ২১ আগষ্টৰ ভিতৰত তেওঁৰ উত্তৰ বিচাৰিছে।

নেগীয়ে লগতে কয় যে মনোনয়নৰ সময়ত তেওঁক কোৱা হৈছিল যে চৰকাৰী আৱাসত থকাৰ ব্যৱস্থাৰ বাবে প্ৰদান কৰা বিদ্যুৎ, পানী আৰু টেলিফোনৰ বাবে ন’ ডিউজ চাৰ্টিফিকেটও দিব লাগিব। এই প্ৰমাণ পত্ৰ দিবলৈ তেওঁক পিছদিনালৈকে সময় দিয়া হৈছিল। পিছদিনা ৰিটাৰ্নিং অফিচাৰৰ হাতত কাগজ-পত্ৰ গতাই দিওঁতে তেওঁ গ্ৰহণ কৰিবলৈ অস্বীকাৰ কৰি মনোনয়ন নাকচ কৰে।

লগতে পঢ়কঃ সংসদত থিয় হৈ ‘অসংসদীয়’ কটুক্তি; কংগ্ৰেছ সাংসদ গৌৰৱক লক্ষ্য কৰি বিতৰ্কত অভিজিৎ গংগোপাধ্যায়

উল্লেখ্য যে কংগনাই হিমাচলৰ মাণ্ডীৰ পৰা লোকসভা নিৰ্বাচনত জয়ী হৈছিল। তেওঁ  কংগ্ৰেছ প্ৰাৰ্থী বিক্ৰমাদিত্য সিঙক ৭৪,৭৫৫ ভোটত পৰাস্ত কৰে। তৃতীয় স্থানত থাকে বহুজন সমাজবাদী পাৰ্টিৰ ড° প্ৰকাশ চন্দ্ৰ ভৰদ্বাজ। ভৰদ্বাজে লাভ কৰে ৪৩৯৩টা ভোট।