• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, August 26, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

হিমালয়ত বৰফৰ আকাল! পিয়াহত আতুৰ হ’ব পাৰে ২০০ কোটি জনতা; আহি আছে নেকি ভয়ংকৰ জল-সংকট?

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
May 21, 2026 10:46 am
39
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

গোলকীয় উষ্ণতা বৃদ্ধিৰ ভয়াৱহ পৰিণতি স্বৰূপ হিন্দু-কুশ হিমালয় অঞ্চলত তুষাৰপাতৰ মাত্ৰা আশংকাজনকভাৱে হ্ৰাস পোৱাৰ এক তথ্য শেহতীয়াকৈ পোহৰলৈ আহিছে। কাঠমাণ্ডুস্থিত আন্তঃৰাষ্ট্ৰীয় সংহত পৰ্বত উন্নয়ন কেন্দ্ৰৰ এক শেহতীয়া অধ্যয়নত প্ৰকাশ পাইছে যে হিমালয়ৰ পৰ্বতমালাত বৰফৰ আৱৰণ অভূতপূৰ্ব হাৰত সংকুচিত হৈছে। এই পৰিৱৰ্তনে এছিয়াৰ প্ৰায় ২০০ কোটি লোকৰ জল-সুৰক্ষাৰ প্ৰতি তীব্ৰ ভাবুকি কঢ়িয়াই অনাৰ সম্ভাৱনাই এতিয়া বিশ্বজুৰি উদ্বেগৰ সৃষ্টি কৰিছে।

প্ৰতিবেদনখনত উল্লেখ কৰা অনুসৰি, এই বছৰ হিন্দু-কুশ হিমালয় অঞ্চলত তুষাৰ স্থায়িত্বৰ হাৰ স্বাভাৱিকতকৈ বহু পৰিমাণে হ্ৰাস পাইছে। হিমালয়ৰ পৰা বৈ অহা সিন্ধু, গংগা আৰু ব্ৰহ্মপুত্ৰৰ দৰে ১০ খনকৈ প্ৰধান নদীৰ জলস্তৰ এই তুষাৰপাতৰ ওপৰতে নিৰ্ভৰশীল। গ্ৰীষ্মকালত যেতিয়া বৰফ গলে, তেতিয়াই এই নদীসমূহে উপত্যকাত বসবাস কৰা কোটি কোটি মানুহক পানী যোগান ধৰে। কিন্তু তুষাৰপাতৰ নাটনিৰ ফলত নদীসমূহৰ জলপ্ৰবাহ হ্ৰাস পোৱাৰ ফলত অনাগত দিনত কৃষি, খোৱা পানী আৰু জলবিদ্যুৎ প্ৰকল্পসমূহ পোনপটীয়াভাৱে প্ৰভাৱিত হোৱাৰ পূৰ্ণ সম্ভাৱনা আছে।

Apply Now

বিশেষজ্ঞসকলৰ মতে, জলবায়ু পৰিৱৰ্তনৰ বাবে পশ্চিমীয়া বায়ুৰ প্ৰবাহৰ ধৰণ সলনি হোৱাটোৱে এই তুষাৰহীনতাৰ মুখ্য কাৰণ। ইয়াৰ ফলত কেৱল পৰ্বতৰ শিখৰতে নহয়, বৰঞ্চ নামনিৰ সমভূমি অঞ্চলতো ইয়াৰ প্ৰভাৱ পৰিলক্ষিত হৈছে। বৰফৰ অভাৱত ভূ-গৰ্ভস্থ জলস্তৰ পুনৰুদ্ধাৰ হোৱাত বাধাৰ সৃষ্টি হৈছে, যাৰ ফলত পাহাৰীয়া অঞ্চলৰ প্ৰাকৃতিক ঝৰণাসমূহ শুকাই যোৱাৰ উপক্ৰম ঘটিছে। এই অঞ্চলটোৰ ৮ খন দেশৰ ওপৰত কৰা গৱেষণাত দেখা গৈছে যে কেইবাটাও স্থানত তুষাৰপাতৰ পৰিমাণ ২০ শতাংশ পৰ্যন্ত হ্ৰাস পাইছে।

পৰিৱেশ বিজ্ঞানীসকলে সতৰ্ক কৰি দিছে যে হিমালয়ৰ এই পৰিৱৰ্তনে কেৱল জল-সংকটেই নহয়, বৰঞ্চ জৈৱ-বৈচিত্ৰ্যৰ ক্ষেত্ৰতো অপূৰণীয় ক্ষতি কৰিব। নদীৰ পাৰৰ সভ্যতা আৰু অৰ্থনীতিৰ বাবে ই এক ডাঙৰ প্ৰত্যাহ্বান হিচাপে থিয় দিছে। বিশেষকৈ ব্ৰহ্মপুত্ৰ উপত্যকাৰ দৰে কৃষি নিৰ্ভৰ অঞ্চলসমূহৰ বাবে এই পৰিস্থিতি অত্যন্ত ভয়াবহ হ’ব পাৰে। যদিহে সময় থাকোঁতে কাৰ্বন নিৰ্গমন হ্ৰাস কৰাৰ বাবে গোলকীয় পৰ্যায়ত কোনো ফলপ্ৰসূ ব্যৱস্থা গ্ৰহণ কৰা নহয়, তেন্তে হিমালয়ৰ এই বগা বৰফৰ আৱৰণ ইতিহাসৰ পাতত বিলীন হৈ যোৱাৰ আশংকাই দেখা দিছে।

বৰ্তমান এই ভয়াৱহ পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত দক্ষিণ এছিয়াৰ দেশসমূহক একগোট হৈ জল-সংৰক্ষণ আৰু পৰিৱেশ সুৰক্ষাৰ বাবে দীৰ্ঘম্যাদী আঁচনি প্ৰস্তুত কৰিবলৈ আই চি আই এম অ’ ডি-ৰ তৰফৰ পৰা আহ্বান জনোৱা হৈছে। গোলকীয় উষ্ণতা নিয়ন্ত্ৰণৰ বাবে আন্তঃৰাষ্ট্ৰীয় সন্ধিসমূহৰ সঠিক ৰূপায়ণৰ ওপৰত এতিয়া বিজ্ঞানীসকলে সৰ্বাধিক গুৰুত্ব আৰোপ কৰিছে। বৰ্তমানৰ বাবে বিশেষজ্ঞসকলে এই তুষাৰ নাটনিৰ চুটি আৰু দীৰ্ঘম্যাদী প্ৰভাৱসমূহ নিৰীক্ষণ কৰি আছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

মহাকাল মন্দিৰলৈ যোৱাৰ পথত ভয়ংকৰ পথ দুৰ্ঘটনা : জনপ্ৰিয় ইউটিউবাৰ আৰু মাতৃৰ মৃত্যু

মহাকাল মন্দিৰলৈ যোৱাৰ পথত ভয়ংকৰ পথ দুৰ্ঘটনা : জনপ্ৰিয় ইউটিউবাৰ আৰু মাতৃৰ মৃত্যু

August 26, 2026 8:45 pm
বান সাহায্য বিতৰণক লৈ ৰাজনৈতিক সংঘাত! অখিল গগৈৰ বিৰুদ্ধে দাখিল ৮ খনকৈ এজাহাৰ

বান সাহায্য বিতৰণক লৈ ৰাজনৈতিক সংঘাত! অখিল গগৈৰ বিৰুদ্ধে দাখিল ৮ খনকৈ এজাহাৰ

August 26, 2026 7:44 pm
পোছাকক লৈ বিতৰ্ক! গিভাই আঁতৰালে কৃতি শেননৰ ৰক্ষা বন্ধনৰ বিজ্ঞাপন

পোছাকক লৈ বিতৰ্ক! গিভাই আঁতৰালে কৃতি শেননৰ ৰক্ষা বন্ধনৰ বিজ্ঞাপন

August 26, 2026 7:21 pm
মানসজ্যোতি চেতিয়াৰ ৰহস্যজনক মৃত্যুক লৈ দণ্ডাশীল পৰ্যায়ৰ তদন্ত ঘোষণা : ঘটনাস্থলীলৈ যাত্ৰা আৰক্ষীৰ শীৰ্ষ বিষয়াৰ

মানসজ্যোতি চেতিয়াৰ ৰহস্যজনক মৃত্যুক লৈ দণ্ডাশীল পৰ্যায়ৰ তদন্ত ঘোষণা : ঘটনাস্থলীলৈ যাত্ৰা আৰক্ষীৰ শীৰ্ষ বিষয়াৰ

August 26, 2026 6:30 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

মহাকাল মন্দিৰলৈ যোৱাৰ পথত ভয়ংকৰ পথ দুৰ্ঘটনা : জনপ্ৰিয় ইউটিউবাৰ আৰু মাতৃৰ মৃত্যু

মহাকাল মন্দিৰলৈ যোৱাৰ পথত ভয়ংকৰ পথ দুৰ্ঘটনা : জনপ্ৰিয় ইউটিউবাৰ আৰু মাতৃৰ মৃত্যু

August 26, 2026 8:45 pm
বান সাহায্য বিতৰণক লৈ ৰাজনৈতিক সংঘাত! অখিল গগৈৰ বিৰুদ্ধে দাখিল ৮ খনকৈ এজাহাৰ

বান সাহায্য বিতৰণক লৈ ৰাজনৈতিক সংঘাত! অখিল গগৈৰ বিৰুদ্ধে দাখিল ৮ খনকৈ এজাহাৰ

August 26, 2026 7:44 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd