বিৰোধী আৰু সমালোচকৰ প্ৰতি সদায়ে ইতিকিংসূচক আৰু গৰল সদৃশ মন্তব্য আগ বঢ়াই অহা মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক ৰাজনৈতিক সন্ত্ৰাসবাদী আখ্যা দিছে কংগ্ৰেছ নেতা দুৰ্গাদাস বড়োৱে। কামৰূপৰ শিঙীমাৰিত হোৱা এখন নিৰ্বাচনী সভাত বড়োৱে হিমন্ত বিশ্ব শৰ্মাক ক্ষুৰধাৰ সমালোচনাৰে থকাসৰকা কৰে।
হিমন্ত বিশ্ব শৰ্মাৰ বিভিন্ন সময়ৰ স্ববিৰোধ স্থিতি আৰু মন্তব্যবোৰৰ যথাৰ্থতাৰ ওপৰতো প্ৰশ্ন কৰে বড়োৱে। তেওঁ দল আৰু স্থিতি সলনি হ’লেই মন্তব্যবোৰ সলনি হয় আৰু আক্ৰমণৰ লক্ষ্য সলনি হয় বুলি কয়।
“হিমন্তই আজি কোৱা কথাবোৰ সত্য নে তিনি বছৰ আগতে কোৱা কথাবোৰ সত্য?” দুৰ্গাদাস বড়োৰ প্ৰশ্ন।
হিমন্তৰ ভিন্ন সময়ৰ ভিন্ন অৱস্থান সন্দৰ্ভত দুৰ্গাদাস বড়োৱে প্ৰশ্ন তুলি কয় “কোনজন হিমন্ত বিশ্ব শৰ্মা সত্য?”
“সদৌ অসম ছাত্ৰ সন্থাত থকা হিমন্ত বিশ্ব সত্য নে গণ সংগ্ৰাম পৰিষদত প্ৰফুল্ল মহন্ত আৰু ভৃগু কুমাৰ ফুকনৰ সৈতে থকা হিমন্ত বিশ্ব সত্য নে তিনি বছৰ আগলৈকে কংগ্ৰেছত থকা হিমন্ত সত্য?” বড়োৱে আকৌ কয়, “এতিয়াৰ বিজেপিত থকা হিমন্ত সত্য নে আলফাৰ মিডলমেন হৈ থকা সময়ৰ হিমন্ত সত্য?”
আনহাতে কংগ্ৰেছ নেতাজনে হিমন্তক ৰাজনৈতিক সন্ত্ৰাসবাদী বুলি স্পষ্টকৈ অভিহিত কৰে।
“উগ্ৰবাদীসকলক যেনেকৈ ইংৰাজীত টেৰৰিষ্ট বুলি কোৱা হয়, সেইদৰে হিমন্ত বিশ্ব হৈছে অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ ‘পলিটিকেল টেৰৰিষ্ট’ অৰ্থাৎ ৰাজনৈতিক সন্ত্ৰাসবাদী।” দুৰ্গা বড়োৱে কয়।
ইয়াৰ উদাহৰণ দাঙি ধৰি দুৰ্গা বড়োৱে কয়, “হিমন্তই কংগ্ৰেছত থাকোতে যেনেকৈ ৰাজনৈতিক সন্ত্ৰাস সৃষ্টি কৰিছিল, মোদীৰ ৰাজ্যত পানীৰ পাইপেৰে তেজৰ সোঁত বয় বুলি কৈছিল, একেদৰে এতিয়া পঞ্চায়ত নিৰ্বাচনৰ প্ৰচাৰসভাত অগপই ১৯৫১ চনৰ পৰা ১৯৭১ চনলৈ ১ কোটি বাংলাদেশীক স্বদেশী কৰিছিল বুলি প্ৰচাৰ চলাইছে।”
উল্লেখযোগ্য যে যোৱা বিধানসভা নিৰ্বাচনৰ আগে আগে অগপ এৰি বিজেপিত যোগদান কৰা দুৰ্গাদাস বড়োৱে আজি দলটোৰ হৈ কামৰূপৰ শিঙীমাৰিত পঞ্চায়ত নিৰ্বাচনৰ প্ৰচাৰ চলাইছিল। বড়োৱে প্ৰচাৰসভাত উপস্থিতসকলক উদ্দেশ্যি উদাত্ত ভাষণ দিয়ে।