• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 31, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ৰাষ্ট্ৰীয় নাগৰিক পঞ্জী ‘জিন্না’সকলক খেদিবৰ বাবে কৰা হৈছে : হিমন্ত বিশ্ব শৰ্মা

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
January 6, 2019 9:53 pm
06-01-19 Guwahati- Himanta Biswa Sarma press conference (1)

গুৱাহাটীত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ সংবাদমেল। ফটো : নৰ্থইষ্ট নাও

2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশনাত ১৯৭১ চনক ভিত্তি বৰ্ষ হিচাপে লৈ প্ৰকৃত বিদেশী চিনাক্তকৰণৰ উদ্দেশ্যে ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ উন্নীতকৰণৰ কাম চলি থকাৰ সময়তে বিজেপিৰ দক্ষ মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এক সংবাদমেলযোগে  এক বিস্ফোৰক মন্তব্য আগবঢ়ায়।

‘’এনআৰচি ‘জিন্না’সকলক খেদিবৰ কাৰণে কৰা হৈছে, এইটো পূৰ্বৰে পৰা স্পষ্ট হৈ আছে।‘’ গুৱাহাটী আৱৰ্ত ভৱনত এই ‘স্পষ্ট’ ঘোষণা হিমন্ত বিশ্ব শৰ্মাৰ।

Apply Now

তেওঁ লগতে কয়, ‘’দাস, কলিতা বৰুৱাক খেদিবৰ বাবে ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী কৰা হোৱা নাই।‘’

ইপিনে, উক্ত সংবাদমেলতে এজন সাংবাদিকে ‘’নাগৰিকত্ব সংশোধনী বিধেয়ক গৃহীত হ’লে ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ কাম নাইকিয়া হৈ যাব নেকি?’’ বুলি প্ৰশ্ন কৰাত শৰ্মাই কয়, ‘’কেনেকৈ কাম নাইকিয়া হ’ব? বৰঞ্চ আমাৰ লাভ হ’ব। এনআৰচিৰ জৰিয়তে ‘জিন্না’সকলক চিনাক্ত কৰিব পাৰিম, বৰক্ষেত্ৰীৰ আসনখন অসমীয়াৰ হাতলৈ আহিব।‘’

‘’মই জিন্নাৰ বিৰোধী, আপুনি এতিয়া জিন্নাক বিৰোধিতা কৰিবও পাৰে, নকৰিবও পাৰে।‘’ প্ৰশ্নকৰ্তা সাংবাদিকক উদ্দেশ্যি হিমন্তৰ উত্তৰ।

ইপিনে, আন এজন সাংবাদিকে ‘’নাগৰিকত্ব সংশোধনী বিধেয়কে সংবিধানৰ ধৰ্ম নিৰপেক্ষতাত আঘাত হানিব নেকি? বুলি সোধাত হিমন্তৰ উত্তৰ আছিল, ‘’আপোনালোকৰ দৰে মই ‘চেকুলাৰ’ নহয়। মোৰ মূল দায়িত্ব এইটো নহয় যে সংবিধানত কি উল্লেখ আছে। মোৰ প্ৰথম দায়িত্ব হ’ব ‘জাতি-মাটি-ভেটি ৰক্ষা কৰা।আইএমডিটি আইন বাতিল হোৱা সময়ত হিন্দু আৰু মুছলমানৰ জনগাঁথনি পৰিৱৰ্তন হোৱাটো দেখুৱাইয়ে ৰায় দিছিল উচ্চতম ন্যায়ালয়ে। আপুনি তেতিয়া উচ্চতম ন্যায়ালয়ক সুধিব লাগিছিল যে চেকুলাৰ হৈ তেওঁলোকে কিয় এনে ৰায় দিলে?’’

আনহাতে, যোৱা ২৬ ডিচেম্বৰত মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱাল, হিমন্ত বিশ্ব শৰ্মা আৰু প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীৰ মাজত ৬ জনগোষ্ঠীক জনজাতিকৰণ সন্দৰ্ভত এখন আলোচনা অনুষ্ঠিত হৈছিল বুলি সংবাদমেলত সদৰী কৰে হিমন্তই।

তাত হোৱা আলোচনা সম্পৰ্কত উক্ত সংবাদমেলৰ জৰিয়তে হিমন্ত বিশ্ব শৰ্মাই কয়, ‘’বৰ্তমান জনজাতীয় লোকসকলৰ যি অধিকাৰ, সেই অধিকাৰৰ হনন নকৰাকৈ ৬ জনগোষ্ঠীক জনজাতিকৰণ কৰিব লাগে। তেতিয়া প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে নিৰ্বাচনৰ পূৰ্বে এই প্ৰতিশ্ৰুতি দি অহা বুলি উল্লেখ কৰাৰ লগতে এই বিষয়টো চালি-জাৰি চাই অধ্যয়ন কৰি থকা বুলি কয়।‘’

অহা এসপ্তাহৰ ভিতৰত প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীৰ পৰা ৬ জনগোষ্ঠীক জনজাতিকৰণৰ ক্ষেত্ৰত কিবা এটা ইতিবাচক ঘোষণা লাভ কৰিব বুলি সংবাদমেলৰ জৰিয়তে মন্ত্ৰী শৰ্মাই আশা প্ৰকাশ কৰে।

প্ৰসংগক্ৰমে উল্লেখ কৰিব পাৰি, ৬ জনগোষ্ঠীক জনজাতিকৰণৰ নামত কেন্দ্ৰীয় চৰকাৰে চৰম প্ৰতাৰণা কৰি অহাৰ প্ৰতিবাদেৰে অহা ৮ জানুৱাৰীত ১২ ঘন্টীয়া অসম বন্ধ ঘোষণা কৰিছে কোচ ৰাজবংশী ছাত্ৰ সন্থাই।

আনহাতে, সেই একেখন সংবাদমেলতে উচ্চস্তৰীয় কমিটিখনত সদৌ অসম ছাত্ৰ সন্থাই নথকাৰ সিদ্ধান্তক কেন্দ্ৰ কৰি প্ৰতিক্ৰিয়া প্ৰকাশ কৰে শৰ্মাই।

‘’সদৌ অসম ছাত্ৰ সন্থাৰ কাৰণে এইটো এটা ঐতিহাসিক সুযোগ, মই তেওঁলোকক বিনম্ৰতাৰে ক’ম মানকাচৰ পৌৰ নিগমত অসমীয়া লোকে নিৰ্বাচনত প্ৰতিদ্বন্দিতাৰ বাবে সংৰক্ষিত আসন পাব। এটা ঐতিহাসিক সুযোগ নৰেন্দ্ৰ মোদীয়ে অসমীয়া ৰাইজৰ ওচৰত আনি দিছে। ঐতিহাসিক ভুল আগতে হৈ গৈছে, আৰু ভুল কৰাৰ সময় নাই। অন্য ইছ্যুত মতবিৰোধ থকিলেও এইক্ষেত্ৰত তেওঁলোকে সহযোগিতা কৰিব লাগে।‘’ আছুৰ প্ৰতি এইদৰে আহ্বান জনায় মন্ত্ৰীগৰাকীয়ে।

অৱশ্যে সদৌ অসম ছাত্ৰ সন্থাৰ উপদেষ্টা ড০ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য্যই কেন্দ্ৰীয় চৰকাৰে অসম চুক্তিৰ ৬ নং দফা  ৰূপায়ণ কৰাৰ বাবে সমিতি গঠন কৰাৰ কথা কোৱাৰ বিপৰীতে নাগৰিকত্ব  সংশোধনী বিধেয়কৰ জৰিয়তে  ৫ নং দফা উলংঘা কৰিব বিচাৰিছে বুলি নৰ্থ ইষ্ট নাওৰ আগত মন্তব্য কৰাৰ লগতে সমিতিখনো অৰ্থহীন বুলি উল্লেখ কৰিছিল।

কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

July 30, 2026 8:30 pm
২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

July 30, 2026 7:56 pm
গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

July 30, 2026 7:27 pm
নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

July 30, 2026 6:46 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

July 30, 2026 8:30 pm
২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

July 30, 2026 7:56 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd