• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, September 29, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ৰাজ্যসভালৈ হিমন্ত বিশ্ব শৰ্মা! ২১’ৰ ৰণক্ষেত্ৰ এৰি পলায়ন কৰিব বিচাৰিছে নেকি হিমন্তই?

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
February 28, 2020 7:09 am
index

প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সৈতে হিমন্ত বিশ্ব শৰ্মা। ফাইল ফটো

5
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অচিৰেই খালী হ’ব ৰাজ্যসভাৰ তিনিখনকৈ আসন,গতিকে এই আসনকেইখন যিকোনো প্ৰকাৰে নিজৰ দখললৈ অনাৰ বাবে উঠি পৰি লাগিছে শাসক দলটোৱে।ইয়াৰ সমান্তৰালকৈ বিৰোধীয়েও এখন আসন নিজৰ হাতলৈ নিয়াৰ চেষ্টা চলাইছে।

দুখনকৈ আসনত শাসকীয় বিজেপি আৰু মিত্ৰজোঁট বিপিএফৰ প্ৰাৰ্থীৰ জয় প্ৰায় নিশ্চিত যদিও তৃতীয় আসনখনত বিৰোধী প্ৰাৰ্থীৰ বিজয়ৰ সম্ভাৱনা অধিক।

Apply Now

এতিয়া প্ৰশ্ন হয়, শাসকীয় বিজেপিয়ে এখন আসন বিপিএফৰ বিশ্বজিৎ দৈমাৰীক পুনৰবাৰ এৰি দিব বুলি প্ৰকাশ কৰিছে যদিও বিজেপিৰ নিজৰ আসনখনত প্ৰাৰ্থী কাক প্ৰক্ষেপ কৰিব তাক লৈ কিছু অৱকাশ থাকি গৈছে।

কিছুদিন আগলৈকে প্ৰাক্তন কংগ্ৰেছী তথা ন-বিজেপি ভুবনেশ্বৰ কলিতাক আসনখন দিয়া বুলি চিন্তা চৰ্চা চলিছিল যদিও শেহতীয়াকৈ প্ৰভাৱশালী মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নামটোহে অধিক চৰ্চিত হৈছে। অৱশ্যে প্ৰাক্তন সাংসদ কলিতাই আসনখনত তেওঁকেই প্ৰক্ষেপ কৰিব বুলি আশাবাদী।

বিজেপিৰ এক উচ্চস্তৰীয় সুত্ৰই আমাৰ সাংবাদিকক সদৰী কৰা মতে হিমন্ত বিশ্ব শৰ্মা ৰাজ্যসভালৈ নিৰ্বাচিত হৈ মোদী কেবিনেটত কেন্দ্ৰীয় মন্ত্ৰী হিচাপে নিজকে অন্তৰ্ভুক্ত কৰিব পাৰে।

এই কথাও নুই কৰিব নোৱাৰি যে প্ৰভাৱশালী মন্ত্ৰীগৰাকীয়ে লোকসভা নিৰ্বাচনৰ পূৰ্বে সংবাদমাধ্যমৰ আগত অথবা শেহতীয়াকৈ বিধানসভাৰ বিশেষ অধিৱেশনত ২০২১ ত ৰাজ্যৰ ৰাজনীতিত নাথাকো বুলি স্পষ্টকৈ ঘোষণা কৰিছিল।

আনকি এই বৰ্ষৰ ১ ফেব্ৰুৱাৰিতে তেওঁ ৰাজ্যিক বিজেপিৰ সভাপতি ৰঞ্জিত দাসলৈ পত্ৰ লিখি ২০২১ত ৰাজ্যৰ ৰাজনীতিত নাথাকো বুলি জনাই দিয়া হ’ব বুলি উল্লেখ কৰিছিল। অৱশ্যে তেওঁ ৰঞ্জিত দাসলৈ সেই পত্ৰ প্ৰেৰণ কৰিলে নে নাই সেই কথা প্ৰকাশ পোৱা নাই।

ইপিনে, ২০২১ ত বিজেপিৰ ৰাজ্যিক সভাপতি মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাকে ধৰি প্ৰায় সংখ্যক মন্ত্ৰী বিধায়কে ১০০ খন আসনতকৈও অধিক লক্ষ্য আগত লৈ ইতিমধ্যে কুচকাৱাজ আৰম্ভ কৰিছে। এই ক্ষেত্ৰত প্ৰভাৱশালী মন্ত্ৰী হিমন্ত বিশ্ব শর্মাই পূৰ্বৰে পৰা চাণক্যৰ ভূমিকা লৈ আহিছে।

তথাপি বিজেপিয়ে মিছন ১০০+ ল’লেও যেন কা বিৰোধী শক্তি বা প্ৰতিশ্ৰুতি ভংগ ইত্যাদি কিছুমান কাৰকে এই লক্ষ্যত উপনীত হোৱাত হেঙাৰ হিচাপে থিয় দিব।

তেনে সময়তে হিমন্ত বিশ্ব শৰ্মাইয়ো যেন ৰাজ্যৰ ৰাজনীতিৰ পৰা কেন্দ্ৰৰ ৰাজনীতিৰ বাবে মন মেলাৰ প্ৰসংগটোৱে বিশেষ তাৎপয্য বহন কৰিছে।

প্ৰশ্ন হয়, ‘ভবা মতে লক্ষ্যত উপনীত হ’ব নোৱাৰিব বুলি ভাবিয়েই আগতেই ২১’ৰ ৰণক্ষেত্ৰৰ পৰা পলায়ণ কৰিব খুজিছে নেকি মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই?

কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

আৱৰ্জনা পেলাই সাৰি নাযাব আপুনি! নিয়ম ভংগ কৰিলে সন্মুখীন হ’ব লাগিব কঠোৰ শাস্তিৰ

আৱৰ্জনা পেলাই সাৰি নাযাব আপুনি! নিয়ম ভংগ কৰিলে সন্মুখীন হ’ব লাগিব কঠোৰ শাস্তিৰ

September 29, 2026 2:57 pm
ৰাজ্যত SIR-ৰ পৰা বাদ ২ কোটিৰো অধিক লোক! আয়োগক কি আহ্বান মুখ্য কাৰ্যবাহী বিষয়াৰ?

ৰাজ্যত SIR-ৰ পৰা বাদ ২ কোটিৰো অধিক লোক! আয়োগক কি আহ্বান মুখ্য কাৰ্যবাহী বিষয়াৰ?

September 29, 2026 1:11 pm
সামাজিক মাধ্যমত ভিউজৰ অঘোষিত প্ৰতিযোগিতা: ৰাজনৈতিক সঁজুলিলৈ পৰিণত হৈছে নেকি কণ কণ শিশু?

সামাজিক মাধ্যমত ভিউজৰ অঘোষিত প্ৰতিযোগিতা: ৰাজনৈতিক সঁজুলিলৈ পৰিণত হৈছে নেকি কণ কণ শিশু?

September 29, 2026 1:03 pm
বিমানৰ পৰা বোমা পেলাই দেশৰ ৪৯ জন নিৰীহ লোকক হত্যা ম্যানমাৰ সেনাৰ; আহত ৫৮ জন

বিমানৰ পৰা বোমা পেলাই দেশৰ ৪৯ জন নিৰীহ লোকক হত্যা ম্যানমাৰ সেনাৰ; আহত ৫৮ জন

September 29, 2026 11:37 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

আৱৰ্জনা পেলাই সাৰি নাযাব আপুনি! নিয়ম ভংগ কৰিলে সন্মুখীন হ’ব লাগিব কঠোৰ শাস্তিৰ

আৱৰ্জনা পেলাই সাৰি নাযাব আপুনি! নিয়ম ভংগ কৰিলে সন্মুখীন হ’ব লাগিব কঠোৰ শাস্তিৰ

September 29, 2026 2:57 pm
ৰাজ্যত SIR-ৰ পৰা বাদ ২ কোটিৰো অধিক লোক! আয়োগক কি আহ্বান মুখ্য কাৰ্যবাহী বিষয়াৰ?

ৰাজ্যত SIR-ৰ পৰা বাদ ২ কোটিৰো অধিক লোক! আয়োগক কি আহ্বান মুখ্য কাৰ্যবাহী বিষয়াৰ?

September 29, 2026 1:11 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd