• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, June 5, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home অভিমত

হিমন্ত বিশ্বৰ ‘মামা ৰাজনীতি’: মৰম, নিয়ন্ত্ৰণ আৰু গণতন্ত্ৰৰ অৱক্ষয়

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
October 23, 2025 8:30 pm
131
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

মূলঃ এনী হাৰালু, ভাৱানুবাদ- অঞ্জুমান ভৰদ্বাজ

তেওঁলোকে তেওঁক মামা বুলি কয়৷ এটা নিৰপৰাধী মিঠা শব্দ৷ কিন্তু অসমৰ ৰাজনৈতিক পৰিভাষাত এই শব্দটোৱে ব্যাপক অৰ্থ বহন কৰিছে৷ শাসক যেন পৰিয়ালৰ এজনহে হৈ পৰিছে৷ এইটো হঠাতে হোৱা কথা নহয়৷ জনসমাৱেশত সৃষ্টি হোৱা এই শব্দটো ইচ্ছাকৃতভাৱে বিয়পাই দিয়া হৈছে৷ স্কুলীয়া ছোৱালীয়ে তেওঁক মামা বুলি সম্বোধন কৰি তেওঁক সাৱটি ধৰা ফটোবোৰৰ বহুল প্ৰচাৰ কৰা হৈছে৷ জনকল্যাণমূলক আঁচনিৰ হিতাধিকাৰীসকলেও তেওঁক মামা বুলিয়েই সম্বোধন কৰে৷ আনকি সেই নামত এখন ৰাষ্ট্ৰীয় পৰ্যায়ৰ প্ৰশ্নোত্তৰ প্ৰতিযোগিতাত প্ৰশ্নও সোধা হৈছিল৷ গতিকে এই সম্বোধনটো এনেই মানুহে কোৱা কথা নহয়৷ ই পৰিকল্পিতভাৱে গঢ়ি তোলা এটা সম্বোধনহে৷

Apply Now

মুখ্যমন্ত্ৰীক নিজৰ সম্পৰ্কীয় বুলি সম্বোধন কৰিবলৈ কৈ প্ৰশাসন আৰু নাগৰিকৰ মাজৰ যি সম্পৰ্ক সেই সম্পৰ্কটো ধুৱলী-কুঁৱলী কৰি দিয়া হৈছে৷ যিটো গণতান্ত্ৰিক মূল্যবোধৰ বিপৰীত৷

এই পদ্ধতিটোৰ তিনিটা উল্লেখযোগ্য দিশ: এটা হ’ল তেওঁলোকৰ লগত সম্পৰ্ক স্থাপন৷ যেনে নিজৰ সম্পৰ্কীয় মানুহৰ দৰে মামাই তেওঁলোকৰ খবৰ লয়, ফোনত কথা পাতে, যত্ন লয়৷ দ্বিতীয়টো হৈছে নিজৰ পৰিয়ালৰ দৰে মুখ্যমন্ত্ৰীয়ে তেওঁলোকক সান্তনা দিয়ে, কেতিয়াবা গালিও পাৰে, কেতিয়াবা কিবা এটা উপহাৰো দিয়ে৷ আৰু তৃতীয়টো হৈছে শক্তি প্ৰয়োগ৷ কাৰোবাক কিবা এটা কথা জোৰকৈ ক’ব আৰু এই তিনিটাৰ মাজত এটা সামঞ্জস্য আছে৷ এইটো এটা পৰিকল্পিত আৰ্হি৷ আৰু প্ৰচাৰ মাধ্যমে এইটোক এনেদৰে দেখুৱাই যে মুখ্যমন্ত্ৰীজন জনতাৰ প্ৰতি কিমান দায়িত্বশীল,যত্নপৰ বা মৰমীয়াল৷ এই কথাটোৱে সুশাসনক ক’লৈ লৈ যায়৷ ই প্ৰশাসনৰ চৰিত্ৰই সলাই দিয়ে৷ চৰকাৰে লোৱা সিদ্ধান্ত যেন কাৰোবাৰ প্ৰতি কৰা অনুগ্ৰহহে৷ চৰকাৰৰ দায়-দায়িত্ব সততে চৰকাৰক ঢুকি পোৱাৰ দৰে দেখুৱায়৷ আৰু মানুহে ক’বলৈ আৰম্ভ কৰে – এইটো মামাইহে ঠিক কৰিব পাৰিব৷ আৰু যেতিয়া তাৰ ব্যতিক্ৰম হয়, প্ৰশাসন নহয় যেন এজন ব্যক্তিয়েহে কৰিবলগীয়া কাম সময়ত কৰা নাই৷ ৰাজনীতি ব্যক্তিগত আশীৰ্বাদ বা তাৰ অনুপস্থিতিলৈ পৰ্যবসিত হয়৷

ই কৰ্তৃপক্ষৰ ধাৰণাটোকে সলনি কৰি দিছে৷ গণতন্ত্ৰত আইন নৈর্ব্যক্তিক৷ প্ৰশাসকে ব্যক্তিগতভাৱে কাৰোবাক বেয়া পালেও তেওঁক সুৰক্ষা দিয়াটো প্ৰশাসনৰ দায়িত্ব৷ আৰু কাৰোবাক ভাল পালেও তেওঁক নিয়ন্ত্ৰণত ৰখাটো প্ৰশাসনৰ দায়িত্ব৷ আৰু মামাৰ অভিধাটোৱে এই গোটেই ধাৰণাটোকে সলনি কৰি দিছে৷ আইনতকৈ ব্যক্তিহে গুৰুত্বপূৰ্ণ হৈ পৰিছে৷ আইন ইফাল-সিফাল হ’ব কিন্তু মানুহ ইফাল-সিফাল নহয়৷ ইয়ে হ’ল অভিভাৱকত্ব৷ ই হ’ল আত্মীয়তাৰ দোহাইৰে স্বৈৰাচাৰিতাক দিয়া এক প্ৰশ্ৰয়৷

ক) ইয়াত নেতাৰ সামৰ্থ্য পদবীৰ উৰ্দ্ধত

খ) ইয়াত ৰাজনৈতিক দল বা নাগৰিক সমাজৰ মধ্যস্থতাকাৰী ভূমিকা নাই৷ মধ্যস্থতাকাৰী ভূমিকাক নুই কৰা হয়৷

গ) প্ৰকৃত প্ৰক্ৰিয়া আৰু বিতৰ্কৰ স্থান পাই বৃহৎ ঘোষণাই৷

ঘ) ইয়াত নাগৰিকক দুটা ভাগত ভাগ কৰা হয়৷ য’ত কিছুমান নাগৰিকক প্ৰকৃত নাগৰিক হিচাপে গণ্য কৰা হয় আৰু আন কিছুমানক সন্দেহৰ চকুৰে চোৱা হয়৷

ঙ) আৰু বিৰোধীৰ সমালোচনা শাসকৰ প্ৰতি, প্ৰশাসনৰ প্ৰতি অনুগত্যশীল নহয় বুলি তেওঁলোকৰ ওপৰত চাপ সৃষ্টি কৰা হয়৷

অসমত এই পাঁচোটা প্ৰকাৰে সম্প্ৰতি চলি আছে৷ইযাৰে কোনো এটাই গাইগুটীয়া ভাৱে গণতান্ত্ৰিক পৰম্পৰাৰ বিৰোধী নহ’বও পাৰে, কিন্তু একেলগে গোটেই কেইটাই গণতান্ত্ৰিক ব্যৱস্থাৰ অৱক্ষয়কে বুজায়৷ মামা অভিধাটোৱে প্ৰকৃত ৰাজনীতিৰ ধাৰণাটোকে সোলোক-ঢোলোক কৰি দিয়ে৷ ই মানুহৰ সজাগতা দুৰ্বল কৰি হিমন্ত বিশ্বৰ মৰ্জিয়ে সহানুভূতি বুলি প্ৰতিপন্ন কৰে৷ বহুতেই ইয়াক ফাইলৰ দীঘলীয়া প্ৰক্ৰিয়াৰ পৰিৱৰ্তে সহজে কাম দিয়া ভাল ৰাজনীতি বুলি ক’ব বিচাৰে৷ কিন্তু নিয়ম ভংগ নকৰাকেও উপযুক্ত সময়ত সঠিক সিদ্ধান্ত ল’ব পৰা যায়৷ সিদ্ধান্ত গ্ৰহণ কৰা মানুহজন ভাল হ’লে ঠিকেই কিন্তু তেওঁ ভুল কৰিলে বা তেওঁৰ অনুপস্থিতিত কি হ’ব? ইয়াত এটা লিংগৰ প্ৰশ্নও আছে৷ অসমীয়াত ‘মামা’ টো বৰ আদৰৰ শব্দ৷ মামাৰ পৰা সকলো বিচাৰিবও পাৰি, মামাই মৰমো কৰে, কেতিয়াবা ধমকিও দিয়ে, তেওঁ মাজে-মাজে উপহাৰ দিয়ে, আৰু বিপদৰ সময়ত কাষত ঠিয় হয়হি৷ মানে তেওঁ আমাৰ আত্মীয়৷

এজন মুখ্যমন্ত্ৰীক সেইধৰণে চোৱাৰ অৰ্থ হৈছে তেওঁক অবাধ কৰ্তৃত্ব প্ৰদান কৰা৷ কাৰোবাক সাৱটি ধৰা আৰু নিজকে আপোনজন বুলি দেখুওৱা কথাটোৱে তেওঁ নীতি নিৰ্ধাৰণৰ বাবে কেতিয়াবা নিৰ্ণায়ক ভূমিকা ল’বলৈ সুযোগ দিয়া হয়৷

এইক্ষেত্ৰত অসমৰ জনসাধাৰণৰ কৰণীয় কি? মানুহে ভয়-বিত নকৰাকৈ উচিত সিদ্ধান্ত ল’ব লাগিব৷ এজন ব্যক্তি নে অনুষ্ঠান কোনটো বেছি গুৰুত্বপূৰ্ণ? সিদ্ধান্ত আবেগেৰে লোৱা হ’ব নে যুক্তিৰে? সুবিধাজনক নহ’লেও আইন মতে কাম কৰা হ’বনে নহ’ব? মানুহে চৰকাৰক দ্বিধা অবিহনে সমালোচনা কৰিব পাৰিবনে নোৱাৰিব? নেতাজনৰ অবৰ্তমানত প্ৰশাসনে গৰীবসকলৰ কল্যাণৰ বাবে কাম কৰিবনে নকৰিব?

ইয়াৰ উত্তৰটো যদি ইতিবাচক হয় মামা অভিধাটো হৈছে এটা কায়দা৷ ই সমাজ জীৱন বিকৃত কৰিব পাৰে কিন্তু ধ্বংস কৰিব নোৱাৰে৷ কিন্তু যদি ইয়াৰ উত্তৰ নেতিবাচক হয় তেনে আমি কম যে এই ঘনিষ্ঠতা নিয়ন্ত্ৰণৰ এক কৌশল৷

চৰকাৰৰ প্ৰতি আন এটা প্ৰশ্ন চৰকাৰে নাগৰিকক প্ৰাপ্তবয়স্ক জ্ঞান কৰে নে শিশু জ্ঞান কৰে? প্ৰাপ্তবয়স্ক মানুহে যুক্তিতৰ্কত বিশ্বাসী৷তেওঁ দাবী কৰিব পাৰে আৰু মন গ’লে নিজৰ অৱস্থান সলনি কৰিব পাৰে কিন্তু ভাগিনে সদায় মোমায়েকৰ মুখলৈ চাই থাকে৷ গতিকে মামা ৰাজনীতি কৰি নিৰ্বাচনত জিকিব পাৰি, জিকি গণতন্ত্ৰৰ পৰিসৰে সংকুচিত কৰি দিব পাৰি৷

অসমীয়া মানুহ বৰ আৱেগিক৷ তেওঁলোকৰ খং, ক্ষোভ, অনুগত্য তীব্ৰ৷ এজন চতুৰ ৰাজনীতিকে এইবোৰকে এটা ৰাজনৈতিক অভিযানৰ ৰূপ দিব পাৰে৷ ভাল চৰকাৰ এখনেও নীতি নিৰ্ধাৰণত এইবোৰ কথা গুৰুত্ব দিব কিন্তু লগতে ভিন্নমতৰ স্থান সংকুচিত কৰি নেপেলায়৷ প্ৰথমটোৱে নেতাজনক আৰু দ্বিতীয়টোৱে নাগৰিকক গুৰুত্ব দিয়ে৷

কল্যাণমূলক আঁচনিবোৰ কেনেদৰে ঘোষণা কৰা হৈছে? চৰকাৰক কোনোবাই সমালোচনা কৰিলে চৰকাৰে তাৰ প্ৰতি কি দৃষ্টিভংগী লৈছে? নীতিৰ ভিত্তিত আইন প্ৰয়োগ কৰা হয় নে আবেগক গুৰুত্ব দিয়া হৈছে? সুশাসনৰ ওপৰত নে ছেল্ফীৰ ওপৰত গুৰুত্ব দিয়া হৈছে? এইবোৰৰ কোনটোক অগ্ৰাধিকাৰ দিয়া হ’ব তাৰ ওপৰতে বহু কথা নিৰ্ভৰ কৰে৷

অনুষ্ঠান-প্ৰতিষ্ঠানবোৰ চলি থাকিব যদিহে আমি সেইবোৰ চলি থাকিবলৈ দিওঁ৷ আপুনি যদি তেওঁক মামা বুলি মাতি ভাল পাই মাতক কিন্তু আইনক কেতিয়াও নাম কাঢ়ি নামাতিব৷

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

জীৱ-জন্তুৰ বাসস্থান ধ্বংস কৰি বিশাল ৰিজৰ্ট নিৰ্মাণৰ পৰিকল্পনা : ট্ৰাম্পৰ জোঁৱায়েকৰ বিৰুদ্ধে উত্তাল আলবেনিয়া

জীৱ-জন্তুৰ বাসস্থান ধ্বংস কৰি বিশাল ৰিজৰ্ট নিৰ্মাণৰ পৰিকল্পনা : ট্ৰাম্পৰ জোঁৱায়েকৰ বিৰুদ্ধে উত্তাল আলবেনিয়া

June 4, 2026 9:40 pm
ছাত্ৰ-ছাত্ৰীৰ বাবে বিনামূলীয়া বাছ সেৱা : কৰ্ণাটকৰ মুখ্যমন্ত্ৰীৰ আসনত বহিয়েই ঘোষণা শিৱকুমাৰৰ

ছাত্ৰ-ছাত্ৰীৰ বাবে বিনামূলীয়া বাছ সেৱা : কৰ্ণাটকৰ মুখ্যমন্ত্ৰীৰ আসনত বহিয়েই ঘোষণা শিৱকুমাৰৰ

June 4, 2026 8:59 pm
মানুহ মৰে কৈ! কৌতুকৰ বাবে ডুবাইত ৪৭ দিনৰ কাৰাদণ্ডৰ শাস্তি ভোগ কৰিলে ভাৰতীয় অভিনেতাই

মানুহ মৰে কৈ! কৌতুকৰ বাবে ডুবাইত ৪৭ দিনৰ কাৰাদণ্ডৰ শাস্তি ভোগ কৰিলে ভাৰতীয় অভিনেতাই

June 4, 2026 8:46 pm
সাধাৰণৰ জনতাৰ ওপৰত ৰাম টাঙোন : অসমত আকৌ বাঢ়িব বিদ্যুতৰ মাচুল

সাধাৰণৰ জনতাৰ ওপৰত ৰাম টাঙোন : অসমত আকৌ বাঢ়িব বিদ্যুতৰ মাচুল

June 4, 2026 8:04 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

জীৱ-জন্তুৰ বাসস্থান ধ্বংস কৰি বিশাল ৰিজৰ্ট নিৰ্মাণৰ পৰিকল্পনা : ট্ৰাম্পৰ জোঁৱায়েকৰ বিৰুদ্ধে উত্তাল আলবেনিয়া

জীৱ-জন্তুৰ বাসস্থান ধ্বংস কৰি বিশাল ৰিজৰ্ট নিৰ্মাণৰ পৰিকল্পনা : ট্ৰাম্পৰ জোঁৱায়েকৰ বিৰুদ্ধে উত্তাল আলবেনিয়া

June 4, 2026 9:40 pm
ছাত্ৰ-ছাত্ৰীৰ বাবে বিনামূলীয়া বাছ সেৱা : কৰ্ণাটকৰ মুখ্যমন্ত্ৰীৰ আসনত বহিয়েই ঘোষণা শিৱকুমাৰৰ

ছাত্ৰ-ছাত্ৰীৰ বাবে বিনামূলীয়া বাছ সেৱা : কৰ্ণাটকৰ মুখ্যমন্ত্ৰীৰ আসনত বহিয়েই ঘোষণা শিৱকুমাৰৰ

June 4, 2026 8:59 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd