• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, June 30, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ফেচবুক, ইনষ্টাগ্ৰাম, টুইটাৰত ভিডিঅ’ বনোৱা ইনফ্লুৱেঞ্চাৰক ধমক দিছে হিমন্ত বিশ্ব শৰ্মাই : গৌৰৱ গগৈ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
February 16, 2026 7:17 pm
30
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অসম প্ৰদেশ যুৱ কংগ্ৰেছ কমিটিয়ে আজি গুৱাহাটীৰ শিল্পগ্ৰামত “জাতি বচাওঁক, মাটি বচাওঁক” শীৰ্ষক গণ সমাৱেশ অনুষ্ঠিত কৰে। এই অনুষ্ঠানত ভাগ লৈ অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি গৌৰৱ গগৈয়ে কয় যে মই উজনি অসমৰ পৰা আৰম্ভ কৰি মধ্য অসম আৰু নামনি অসমৰ য’তেই গৈছো তাতেই ৰাইজে কৈছে যে এইবাৰ কংগ্ৰেছৰ চৰকাৰ হ’ব৷ য’তেই গৈছো তাতেই ৰাইজে কৈছে যে আপোনালোকে যেনেদৰে ৰাজপথলৈ ওলাই আহিছে ভাল হৈছে৷ অসমৰ মুখ্যমন্ত্ৰীক এৰি নিদিব৷ ৰাইজে আমাক হাঁহিমুখেৰে স্বাগতম জনাইছে৷ তাৰ পৰা আমি প্ৰমাণ পাইছো যে আমি ৰাইজৰ হৃদয়ত স্থান লাভ কৰিছো৷ গগৈয়ে আৰু কয় যে আগতে কংগ্ৰেছে এখন সভা পাতিবলৈ ১০ দিন আগতে যুৱ কংগ্ৰেছ আৰু মহিলা কংগ্ৰেছক খবৰ দিবলগীয়া হৈছিল৷ আজি কিন্তু দুদিন আগতে খবৰ দিলে হৈ যায়৷ আজি দুদিন আগতে খবৰ দিলে হাজাৰ হাজাৰ মানুহ ওলাই আহে৷ তাৰ দ্বাৰা প্ৰমাণ হৈছে যে কংগ্ৰেছ দলে আগতকৈ সবল আৰু শক্তিশালী হৈছে৷ আজি জিলাই জিলাই কাৰ্যসূচী চলি আছে৷ মহিলা, যুৱ কংগ্ৰেছ আৰু এনএছইউআয়ে নিজৰ নিজৰ কাৰ্যসূচী চলাই গৈছে৷ আমি বিধায়ক তথা শীৰ্ষ নেতাই ‘সময় পৰিৱৰ্তনৰ যাত্ৰা’যোগে অসমৰ চুকে কোণে গৈছে৷ ছত্তীছগড়ৰ পৰা অভিজ্ঞ মানুহ আহি আমাৰ দলৰ বুথত প্ৰশিক্ষণ দি আছে৷ স্ক্ৰীণিং সমিতিয়ে প্ৰাৰ্থীৰ সৈতে কথা পাতি আছে৷ একে সময়তে সমগ্ৰ অসমত ১০-১২টা কাৰ্যসূচী চলি আছে৷ কংগ্ৰেছ কেৱল দিছপুৰ বা কেইটামান সমষ্টিত নহয় সকলো গাঁৱত সোমাবলৈ সক্ষম হৈছে৷ তাৰ কাৰণে মুখ্যমন্ত্ৰীৰ চকুত আমি ভয় দেখিছো৷ মুখ্যমন্ত্ৰী চেহেৰা ক’লা পৰি গৈছে৷ আজি মুখ্যমন্ত্ৰীৰ নিৰ্দেশত আমি কি দেখিছো যে আমি মন্দিৰলৈ গ’লে, নামঘৰলৈ বিজেপিৰ মানুহে বাধা দিছে৷ কংগ্ৰেছে যিমানে মানুহৰ মাজত সোমাই গৈছে সিমানে ভয়ৰ পৰিস্থিতি নাইকিয়া হৈছে৷ আজি অসমৰ ৰাইজে নিৰ্ভয়ে ক’বলৈ আৰম্ভ কৰিছে যে কোন হয় হিমন্ত বিশ্ব শৰ্মা৷

আজি হিমন্ত বিশ্ব শৰ্মা কোন হয় বুলি অসমৰ মুখে মুখে শুনা যায়৷ হিমন্ত বিশ্ব শৰ্মাৰ মাটি কেলেংকাৰীৰ কথা কৈ যাম৷ আজি ৰাইজ আৰু যুৱ কংগ্ৰেছৰ পৰা মই বহু শিকিছো৷ বীৰ লাচিত ফুকনে কৈছিল দেশতকৈ মামা ডাঙৰ নহয়৷ আজি যুৱ কংগ্ৰেছৰ নেতাৰ মুখত শুনিলো যে দেশতকৈ মামী ডাঙৰ নহয়৷ এইবাৰ এই যুঁজ সাধাৰণ যুঁজ নহয়৷ যিজনে সংবিধানৰ শপত লৈছে সেইজন সংবিধানৰ বিৰুদ্ধে কথা ক’বলৈ আৰম্ভ কৰিছে৷ অসমৰ বাবে কিমান লজ্জাজনক কথা যে অসমৰ মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয় আৰু উচ্চ ন্যায়ালয়লৈ গোচৰ গৈছে৷ মুখ্যমন্ত্ৰীয়ে আজি মুকলিকৈ সাম্প্ৰদায়িক কথা কৈছে৷ তেওঁ ইমানে ডাইনেমিক মুখ্যমন্ত্ৰী যে তেওঁ চৰকাৰৰ ধাৰ মাৰিবলৈ প্ৰতিখন গাঁও-নগৰত মদৰ দোকান খুলিছে৷ মদ বিক্ৰী হ’লে ৰাজহ পাব বুলি ভাবিছে৷ আজি ল’ৰা-ছোৱালীক জলপানি মুকলি কৰি দিব পৰা নাই, ভাল স্কুল খুলিব পৰা নাই৷

Apply Now

আজি যুৱ প্ৰজন্ম হতাশ৷ আজি ব্যক্তিগত খণ্ডৰ চাকৰি অসম এৰি গৈছে৷ গগৈয়ে প্ৰশ্ন কৰি কয়, ”মই ইয়াৰ পৰাই সুধিব খোজো যে হিমন্ত বিশ্ব শৰ্মাই কয় যে যে তেওঁৰ দিনত যথেষ্ট উন্নতি হৈছে৷ যদি ইমানে উন্নতি হৈছে তেন্তে হিমন্ত বিশ্ব শৰ্মাই কওক যে ঢকুৱাখনাৰ মিচিং যুৱক বাংগালুৰুলৈ গৈ মৃত্যু কিয় হ’ল? যদি ইমানে উন্নতি হৈছে তেন্তে আজি নিবনুৱা যুৱক-যুৱতীয়ে হতাশ হৈ ড্ৰাগছ ল’বলৈ কিয় আৰম্ভ কৰিছে?’’ গগৈয়ে আৰু কয় যে উন্নয়ন মাথো দলং বা ফ্লাইঅভাৰ নহয়৷ তেওঁলোকে অদৰকাৰী ফ্লাইঅভাৰ বনাই আছে৷ স্কুললৈ যোৱা ৰাস্তাবোৰ চাওকচোন৷ বজাৰলৈ যোৱা ৰাস্তাবোৰ চাওক৷ গাঁৱত সোমালে গম পাব ঘৰৰ সন্মুখৰ ৰাস্তাটো কিমান বেয়া৷ আজি গৰখহনীয়াত মানুহে ঘৰ-সম্পত্তি হেৰুৱাবলগীয়া হৈছে৷ হিমন্ত বিশ্ব শৰ্মাই কৈছিল বসুন্ধৰাযোগে দুখীয়া মানুহে মাটি পাব৷ কিন্তু বসুন্ধৰা এক, দুই আৰু তিনিযোগে দুখীয়া মানুহে মাটি নাপালে৷ দুখীয়াৰ মাটি একচনীয়াই হৈ থাকিল৷ কিন্তু বসুন্ধৰাৰ পিছতে মুখ্যমন্ত্ৰীৰ পত্নী আৰু বিজেপিৰ দলৰ নেতাৰ পত্নীৰ মাটি-সম্পত্তি বাঢ়ি গৈ আছে৷ আজি চৰকাৰী আঁচনিত বিজেপিৰ মন্ত্ৰীসকলৰ পত্নীয়ে আক্ৰমণ কৰিছে৷ চৰকাৰী আঁচনি ৰাইজৰ পৰা লোৱা টেক্স দুখীয়া মানুহৰ মাজত বিতৰণ কৰিব লাগে৷ কিন্তু তেনে নকৰি নিজকে হিন্দুৰ দল আৰু হিন্দুৰ নেতা বুলি ক’ব খোজে যদিও গৰুৰ চিণ্ডিকেট কৰা মানুহক মন্ত্ৰী বনাই আৰু দলৰ টিকট দিব বিচাৰে৷ এয়া হৈছে হিন্দু নেতা৷ যিজনে গৰু চিণ্ডিকেট, কয়লাৰ চিণ্ডিকেট আৰু শিল চিণ্ডিকেটৰ পৰা টকা লয়৷ যিজনে জনজাতিৰ মাটি আম্বানী-আদানী-পতঞ্জলিক গতাই দিয়ে৷ তেওঁ কিদৰে হিন্দু নেতা হ’ব পাৰে বুলিও প্ৰশ্ন কৰে। হিন্দু মানে সত্য, হিন্দু মানে সভ্য, হিন্দু মানে শক্তি৷ কিন্তু তেনে এটাও গুণ হিমন্ত বিশ্ব শৰ্মাৰ গাত নাই৷ তেওঁ নিজেই কয় যে মই দিনত হাজাৰটা মিছা কথা ক’ব পাৰো৷ অসমৰ আটাইতকৈ মিছলীয়া মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা৷ বাস্তৱ হিন্দু নেতাই বাস্তৱত কেতিয়াও মিছা কথা নকয়৷ হিন্দু মানে হ’ল নিৰ্ভয়৷ হিমন্ত বিশ্ব শৰ্মা কিন্তু আটাইতকৈ বেছি ভয়াতুৰ৷ যেতিয়া তেওঁ বিপদত পৰে দল-সংগঠন সলনি কৰে৷ আগতে আছু কৰিছিল৷ আছুত বিপদত পৰি কংগ্ৰেছলৈ গ’ল৷ কংগ্ৰেছত বিপদত পৰি বিজেপিলৈ গ’ল৷ কালি যদি বিজেপি শাসনৰ পৰা যায় তেন্তে বিজেপি দল ত্যাগ কৰা প্ৰথমজন ব্যক্তিয়েই হ’ব হিমন্ত বিশ্ব শৰ্মা৷

মই এই মঞ্চৰ পৰাই প্ৰত্যাহ্বান জনাইছো যে যদি বিজেপি দলৰ প্ৰতি ইমানে দায়বদ্ধতা আছে তেন্তে বিজেপিৰ বেয়া দিনতো তেওঁ বিজেপিত থাকিব বুলি ৰাজহুৱাভাৱে ঘোষণা কৰক৷ মই সদায়েই কৈ আহিছো কংগ্ৰেছ ক্ষমতাত থাকক বা নাথাকক মই সদায়েই কংগ্ৰেছ দলত থাকিম৷ মোৰ প্ৰয়াত পিতৃয়ে ইমান বলিদান আৰু ত্যাগ কৰি যিটো দলক মৰম কৰিছিল সেই দলৰ সৈতে মই কেতিয়াও গাড্ডাৰী নকৰো৷ কিন্তু এনেদৰে ক’বলৈ হিমন্ত বিশ্ব শৰ্মাৰ সাহস নাই৷ তেওঁ ভাবিছে মই কংগ্ৰেছৰ সৈতেও ভালে থাকো৷ যিদিনা বিজেপি যাব সিদিনা মই কংগ্ৰেছৰ দুৱাৰত টোকৰ দিম৷ কিন্তু সন্মুখত থকা যুৱ কংগ্ৰেছৰ বন্ধুসকলে কওক হিমন্ত বিশ্ব শৰ্মাই কংগ্ৰেছত আহে তেন্তে তেওঁক কংগ্ৰেছত ল’ব লাগে নে? সন্মুখত বহি থকা যুৱ কংগ্ৰেছীসকলে কয় যে ল’ব নালাগে৷ আজি আপোনালোকৰ পৰাই ৰাজহুৱা চুক্তি হৈ গ’ল যে ৰাহুল গান্ধী ডাঙৰীয়াক কম কেতিয়াও হিমন্ত বিশ্ব শৰ্মাক কংগ্ৰেছ দলত নলও৷ এইবাৰৰ নিৰ্বাচন সাধাৰণ নিৰ্বাচন নহয়৷ হিমন্ত বিশ্ব শৰ্মাই নিজকে জেলৰ পৰা বচাবলৈ যিকোনো কথা ক’ব পাৰে৷ মিছা কথা ক’ব পাৰে৷ পাকিস্তানৰ কথা ক’ব৷ কিন্তু কথাবোৰ প্ৰমাণ কৰিবলৈ এটাও তথ্য তেওঁৰ হাতত নাই৷ ১০ ছেপ্তেম্বৰ ফ্লপ হ’ব বুলি কৈছিলো৷ ৮ ফেব্ৰুৱাৰী আৰু বেছি ফ্লপ হ’ল৷ তেওঁ ফুচ হৈ গ’ল৷ এতিয়া দেখিছে যে মোৰ কথা কোনোৱেও কোৱা নাই৷ এতিয়া হতাশ হৈ গৈছে৷

কংগ্ৰেছ দলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ মাটিৰ সম্পৰ্কত যিখিনি কথা কৈছে সেয়া গাঁৱৰ মানুহৰ মুখে মুখে৷ এজন ৰাজ্যৰ মুখ্যমন্ত্ৰী কিমান ভয়াতুৰ৷ আমাক বাধা দিবলৈ ইনফ্লুৱেঞ্চাৰৰ পিছত দৌৰিবলৈ আৰম্ভ কৰিছে৷ ফেচবুক, ইনষ্টাগ্ৰাম, টুইটাৰত ভিডিঅ’ বনাই স্বাধীনভাৱে কথা ক’ব খোজাসকলৰ ওচৰলৈ মুখ্যমন্ত্ৰীয়ে আৰক্ষী পঠিয়াই দিয়ে৷ মুখ্যমন্ত্ৰীৰ ইমান ভয় কিহৰ৷ এইখন গণতান্ত্ৰিক দেশ৷ সকলোৰে বাকস্বাধীনতা থাকিব পাৰে৷ মানুহক কথা ক’বলৈ দিয়ক৷ সাংবাদিকে প্ৰশ্ন কৰিলে সাংবাদিকজনক মুখ্যমন্ত্ৰীয়ে প্ৰশ্ন কৰে তুমি কোন চেনেলৰ৷ তোমাৰ মালিকে অমূক কাম কৰিছে তমূক কাম কৰিছে৷ তেওঁৰ সাহস নাই৷ তেওঁ নিজৰে ৰক্ষণাবেক্ষণৰ বাবে বাৰে বাৰে আদালতলৈ গৈছে৷ তুমি ৰাজনীতিবিদ৷ ৰাজনীতিবিদৰ কাম হ’ল জনতাৰ মাজত থকা৷ জনতা জনাৰ্দন৷ ৰাইজৰ আদালতৰ ওপৰত তোমালোকৰ বিশ্বাস নাই৷ সেই কাৰণে তেওঁ বাৰাম্বাৰ আদালতলৈ যায়৷ ৰাইজে সব কথা জানে৷ ৰাইজৰ আদালতক লৈ বিশ্বাস নাই৷ মুখ্যমন্ত্ৰীয়ে অসমৰ ৰাইজক সন্মান কৰিবলৈ শিকক৷ মই অসমৰ ৰাইজক অনুৰোধ জনাইছো যে আপানালোকে ভয় নকৰিব৷ কংগ্ৰেছ দল এক হৈ আছে৷ আমি বৰ অসমৰ সপোন দেখাৰ দৰে নতুন কংগ্ৰেছৰ সপোন দেখিছো৷ আজি নতুন কংগ্ৰেছ আৰু নতুন বৰ অসমত ডেকা, যুৱ সমাজ সকলো ওলাই আহিছে৷ ইয়ে প্ৰমাণ কৰে যে অসমত পৰিৱৰ্তন হ’ব৷ সময় পৰিৱৰ্তনৰ৷ লাখ চেষ্টা কৰি, ইনফ্লুৱেঞ্চাৰক ধমক দিলেও আমি কংগ্ৰেছ দল ইনফ্লুৱেঞ্চাৰ, সাংবাদিকৰ লগত থাকিম আৰু আমি অসমৰ মানুহৰ লগত থাকিম৷ জাতি, বৰ্ণ, ধৰ্ম নিৰ্বিশেষ সকলোৰে লগত কংগ্ৰেছ দল থাকিব৷ মোৰ প্ৰয়াত পিতৃয়ে জীৱনৰ অন্তিম সময়ত এটা কথা কোৱা মনত পৰে৷ মোৰ পিতৃয়ে কৈছিল মই হিন্দু, মুছলমান, খ্ৰীষ্টান জৈন, পাৰ্চী, বৌদ্ধৰ হৈ সংগ্ৰাম কৰিম৷ সেইজন নেতাৰ পুত্ৰ মই৷ সেই একেই আদৰ্শ লৈ আমি কংগ্ৰেছ কৰি যাম৷

উল্লেখ্য যে আজিৰ এই অনুষ্ঠানত অসম প্ৰদেশ যুৱ কংগ্ৰেছ কমিটিৰ তত্ত্বাৱধায়ক মিতেন্দ্ৰ দৰ্শন সিং, অসম প্ৰদেশ মহিলা কংগ্ৰেছ কমিটিৰ সভাপতি মীৰা বৰঠাকুৰ, বিধায়ক নুৰুল হুদা, অসম প্ৰদেশ যুৱ কংগ্ৰেছ কমিটিৰ সভাপতি জুবেৰ আনমকে ধৰি কেবাগৰাকী জ্যেষ্ঠ নেতা-কৰ্মীয়ে অংশগ্ৰহণ কৰে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

পাহাৰীয়া ‘হোম ষ্টে’ত চাঞ্চল্যকৰ ঘটনা! উদ্ধাৰ যুৱতীৰ মৃতদেহ, অচেতন অৱস্থাত উদ্ধাৰ ‘প্ৰেমিক’

পাহাৰীয়া ‘হোম ষ্টে’ত চাঞ্চল্যকৰ ঘটনা! উদ্ধাৰ যুৱতীৰ মৃতদেহ, অচেতন অৱস্থাত উদ্ধাৰ ‘প্ৰেমিক’

June 30, 2026 1:23 pm
ৰোমাঞ্চকৰ মেচত নেডাৰলেণ্ডছৰ বিদায়! পেনাল্টি শ্বুটআউটত ৩-২ ব্যৱধানত জয়লাভ কৰি পৰৱৰ্তী ৰাউণ্ডত মৰক্কো

ৰোমাঞ্চকৰ মেচত নেডাৰলেণ্ডছৰ বিদায়! পেনাল্টি শ্বুটআউটত ৩-২ ব্যৱধানত জয়লাভ কৰি পৰৱৰ্তী ৰাউণ্ডত মৰক্কো

June 30, 2026 1:10 pm
‘হাত কাটি দিয়া হ’ব’, সিন্ধুৰ পানী বন্ধ কৰিলে ভাৰতৰ বিৰুদ্ধে যুদ্ধৰ ভাবুকি পাকিস্তানৰ

‘হাত কাটি দিয়া হ’ব’, সিন্ধুৰ পানী বন্ধ কৰিলে ভাৰতৰ বিৰুদ্ধে যুদ্ধৰ ভাবুকি পাকিস্তানৰ

June 30, 2026 12:13 pm
গুৱাহাটীত ভূমিস্খলনৰ ভয়াৱহ শংকা! কামৰূপ মহানগৰ জিলাৰ ৩৬৬ টা স্থানত বিশেষ সতৰ্কতা জাৰি কৰিলে দুৰ্যোগ ব্যৱস্থাপনা কৰ্তৃপক্ষই

গুৱাহাটীত ভূমিস্খলনৰ ভয়াৱহ শংকা! কামৰূপ মহানগৰ জিলাৰ ৩৬৬ টা স্থানত বিশেষ সতৰ্কতা জাৰি কৰিলে দুৰ্যোগ ব্যৱস্থাপনা কৰ্তৃপক্ষই

June 30, 2026 12:05 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

পাহাৰীয়া ‘হোম ষ্টে’ত চাঞ্চল্যকৰ ঘটনা! উদ্ধাৰ যুৱতীৰ মৃতদেহ, অচেতন অৱস্থাত উদ্ধাৰ ‘প্ৰেমিক’

পাহাৰীয়া ‘হোম ষ্টে’ত চাঞ্চল্যকৰ ঘটনা! উদ্ধাৰ যুৱতীৰ মৃতদেহ, অচেতন অৱস্থাত উদ্ধাৰ ‘প্ৰেমিক’

June 30, 2026 1:23 pm
ৰোমাঞ্চকৰ মেচত নেডাৰলেণ্ডছৰ বিদায়! পেনাল্টি শ্বুটআউটত ৩-২ ব্যৱধানত জয়লাভ কৰি পৰৱৰ্তী ৰাউণ্ডত মৰক্কো

ৰোমাঞ্চকৰ মেচত নেডাৰলেণ্ডছৰ বিদায়! পেনাল্টি শ্বুটআউটত ৩-২ ব্যৱধানত জয়লাভ কৰি পৰৱৰ্তী ৰাউণ্ডত মৰক্কো

June 30, 2026 1:10 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd