NORTHEAST NOW (Assamese)

মাতৃভাষাক অৱজ্ঞা কৰি হিন্দীক গুৰুত্ব দিয়াৰ আমি বিৰোধিতা কৰো : সাহিত্য সভা

September 16, 2019 9:01 am · এন ই নাও নিউজ
পৰমানন্দ ৰাজবংশীৰ ফাইল ছবি।

বহুভাষিক ভাৰতক “একগোট কৰাৰ বাবে” হিন্দী “ৰাষ্ট্ৰ ভাষা” হোৱা উচিত বুলি গৃহ মন্ত্ৰী অমিত শ্বাহে শনিবাৰে ৰখা বক্তব্যৰ বিৰুদ্ধে দেশজুৰি বিভিন্ন দল-সংগঠন-ব্যক্তিয়ে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে।

অ-হিন্দীপ্ৰধান ৰাজ্য তামিল নাডু, পশ্চিম বংগ আদিত শ্বাহৰ বক্তব্যৰ বিৰুদ্ধে ৰাজনৈতিক প্ৰতিবাদ হোৱাৰ বিপৰীতে অসমত চ’চিয়েল মিডিয়াত কিছু লোকক প্ৰতিক্ৰিয়া কৰা দেখা গৈছে।

সমান্তৰাল ভাৱে অসম সাহিত্য সভায়ো অমিত শ্বাহৰ বক্তব্যৰ বিৰোধিতা কৰা দেখা গৈছে। সাহিত্য সভাৰ  সভাপতি পৰমানন্দ ৰাজবংশীয়ে সংবাদ মাধ্যমৰ আগত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয় যে, ‘এক দেশ, এক ভাষা প্ৰযোজ্য হ’ব নোৱাৰে। ভাষাগত একত্ৰীকৰণৰ আমি বিৰোধিতা কৰো।’

তাৰোপৰি সভাপতি গৰাকীয়ে কয় যে, ‘মাতৃভাষাক অৱজ্ঞা কৰি হিন্দীক গুৰুত্ব দিয়াৰ আমি বিৰোধিতা কৰো। আমি মাতৃভাষা প্ৰথম হোৱাটো বিচাৰো। তাৰ পিছত হিন্দী, ইংৰাজী ব্যৱহাৰত আপত্তি নাই।‘

Related News