• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, July 15, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

পশ্চিমবংগত বিজেপিৰ ঐতিহাসিক জয়: ১৫ বছৰৰ অন্তত মমতা বেনাৰ্জীৰ চৰকাৰৰ পতন

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
May 4, 2026 1:37 pm
109
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

যোৱা বছৰৰ নৱেম্বৰ মাহত বিহাৰ নিৰ্বাচনত এন ডি এৰ বিপুল জয়ৰ পিছত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে গংগা নদীৰ উপমা দি কৈছিল যে গংগা বিহাৰৰ পৰা বংগলৈ বৈ যায়। সেই কথাষাৰেই আজি যেন সঁচা প্ৰমাণিত হ‘ল। সুদীৰ্ঘ ১৫ বছৰৰ অন্তত পশ্চিমবংগত তৃণমূল কংগ্ৰেছৰ চৰকাৰৰ পতন ঘটিল আৰু বিজেপিয়ে এক ঐতিহাসিক জয় সাৱ্যস্ত কৰিলে। প্ৰায় দুশখন আসনৰ কাষ চাপি বিজেপিয়ে ৰাজ্যখনত নিজৰ আধিপত্য বিস্তাৰ কৰিবলৈ সক্ষম হৈছে, আনহাতে মমতা বেনাৰ্জীৰ দলৰ আসনৰ সংখ্যা অস্বাভাৱিকভাৱে হ্ৰাস পাইছে। দশক দশক ধৰি চেষ্টা কৰাৰ পিছত অৱশেষত পূব ভাৰতৰ এই গুৰুত্বপূৰ্ণ ৰাজ্যখনত গেৰুৱা দলটোৱে নিজৰ ভেটি সুদৃঢ় কৰিলে।

নিৰ্বাচনৰ ফলাফলে প্ৰমাণ কৰিছে যে পশ্চিমবংগৰ ৰাইজে এইবাৰ কেৱল পৰিৱৰ্তন বিচাৰিছে। যোৱা কেইবছৰমানৰ পৰা বিজেপিৰ দুৰ্গ হিচাপে পৰিচিত উত্তৰ বংগই এইবাৰো আশানুৰূপ ফলাফল দেখুৱাইছে। ইয়াৰ লগতে তৃণমূলৰ দখলত থকা কেইবাটাও দুৰ্গত বিজেপিয়ে ব্যাপক সফলতা অৰ্জন কৰিছে। মেদিনীপুৰত জনজাতীয় লোকসকলৰ বিপুল সমৰ্থন লাভ কৰি বিজেপিয়ে পঞ্চাশখনতকৈও অধিক আসনত আগবাঢ়ি থকাৰ বিপৰীতে তৃণমূল কংগ্ৰেছে মাত্ৰ পাঁচখন আসনতে আৱদ্ধ থাকিবলগীয়া হৈছে। একেদৰে বৰ্ধমান, কলকাতা আৰু হাওৰাৰ দৰে তৃণমূলৰ দুৰ্গসমূহতো বিজেপিয়ে একপ্ৰকাৰ সাঁচ বহুৱাবলৈ সক্ষম হৈছে।

Apply Now

ৰাজ্যখনৰ প্ৰেচিডেন্সি অঞ্চল আৰু মালদাহতো বিজেপিৰ প্ৰভাৱ বাৰুকৈয়ে পৰা দেখা গৈছে। অৱশ্যে ইয়াৰ মাজতো দক্ষিণ কলকাতাৰ ভৱানীপুৰ সমষ্টিত মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে প্ৰায় ১৭ হাজাৰ ভোটত আগবাঢ়ি আছে। এই সমগ্ৰ নিৰ্বাচনী যুঁজখনৰ সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি বিজেপিৰ ৰাজ্যিক সভাপতি সমীক ভট্টাচাৰ্যই কয় যে এইবাৰৰ নিৰ্বাচন হৈছে প্ৰত্যাখ্যানৰ নিৰ্বাচন। শিক্ষক নিযুক্তি কেলেংকাৰীৰ পৰা আৰম্ভ কৰি ৰাজ্যখনৰ তীব্ৰ নিবনুৱা সমস্যালৈকে বিভিন্ন কাৰণত ৰাইজে তৃণমূল কংগ্ৰেছক নাকচ কৰিছে বুলি তেওঁ মত প্ৰকাশ কৰে।

৩৪ বছৰীয়া শক্তিশালী বাওঁপন্থী শাসনৰ অন্ত পেলাই বাঘিনীৰ দৰে আৱিৰ্ভাৱ হোৱা মমতা বেনাৰ্জীৰ এই পতন সঁচাকৈয়ে আচৰিত ধৰণৰ। তেওঁৰ ১৫ বছৰীয়া শাসনকালত সংঘটিত হোৱা বিভিন্ন কেলেংকাৰী আৰু গুণ্ডাগিৰিয়েই এই পৰাজয়ৰ মূল কাৰণ বুলি ধাৰণা কৰা হৈছে। বিশেষকৈ কলকাতাত চলি থকা ইউনিয়ন সংস্কৃতি আৰু শেহতীয়া আৰ জি কৰ চিকিৎসালয়ৰ ঘটনাই সাধাৰণ মানুহৰ মনত তীব্ৰ ক্ষোভ আৰু ভয়ৰ সৃষ্টি কৰিছিল। ইয়াৰ লগতে সংখ্যালঘু তোষণৰ ৰাজনীতিয়েও ৰাজ্যখনৰ বৃহৎ সংখ্যক হিন্দু ভোটাৰক অসন্তুষ্ট কৰি তুলিছিল। এই সকলোবোৰ কাৰণেই বিজেপিৰ সপক্ষে এক শক্তিশালী জনমত গঢ়ি তোলাত সহায় কৰিলে।

নিৰ্বাচনী প্ৰচাৰৰ সময়ত তৃণমূল কংগ্ৰেছে বঙালী আৱেগক মূল অস্ত্ৰ হিচাপে ব্যৱহাৰ কৰিবলৈ চেষ্টা কৰিছিল। বংগই নিজৰ কন্যাকহে বিচাৰে বুলি শ্লোগান দিয়াৰ লগতে বিজেপিয়ে ক্ষমতালৈ আহিলে মাছ-মঙহ খোৱাত বাধা আৰোপ কৰিব বুলিও ৰাইজৰ মাজত ভয় সোমোৱাবলৈ চেষ্টা কৰিছিল। তৃণমূলৰ দাবী আছিল যে বিজেপিৰ আগমনে বঙালী ভাষা আৰু সংস্কৃতিলৈ ভাবুকি কঢ়িয়াই আনিব আৰু হিন্দী সংস্কৃতি জাপি দিব। কিন্তু ফলাফলে দেখুৱাই দিলে যে সাহিত্য, সংস্কৃতি আৰু চাহ-আড্ডাৰ এই ৰাজ্যখনৰ জনসাধাৰণে এতিয়া এইবোৰ অপপ্ৰচাৰত গুৰুত্ব নিদি কেৱল পৰিৱৰ্তন বিচাৰে। নিবনুৱা সমস্যা, ভয় আৰু দুৰ্নীতিৰ পৰা পৰিত্ৰাণ পাবলৈ ৰাইজে বিজেপিক আঁকোৱালি লৈছে। ইমানৰ পিছতো মমতা বেনাৰ্জীয়ে আশা এৰি দিয়া নাই আৰু দলীয় কৰ্মীসকলক হতাশ নহৈ ভোট গণনা শেষ হোৱালৈকে ধৈৰ্য্য ধৰিবলৈ আহ্বান জনাইছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ভাৰতীয় গ্ৰাহকৰ বাবে সুখবৰ! ভাৰত-ব্ৰিটেইন বাণিজ্য চুক্তিৰ ফলত সস্তীয়া হ’ব এইসমূহ সমাগ্ৰী

ভাৰতীয় গ্ৰাহকৰ বাবে সুখবৰ! ভাৰত-ব্ৰিটেইন বাণিজ্য চুক্তিৰ ফলত সস্তীয়া হ’ব এইসমূহ সমাগ্ৰী

July 15, 2026 1:03 pm
চাৰি বছৰ পাছত বাংলাদেশ ভ্ৰমণত টিম ইণ্ডিয়া! ছেপ্টেম্বৰত এদিনীয়া আৰু টি-২০ শৃংখলাৰ প্ৰস্তুতি বিচিবিৰ

চাৰি বছৰ পাছত বাংলাদেশ ভ্ৰমণত টিম ইণ্ডিয়া! ছেপ্টেম্বৰত এদিনীয়া আৰু টি-২০ শৃংখলাৰ প্ৰস্তুতি বিচিবিৰ

July 15, 2026 12:07 pm
এমবাপেৰ সপোন ভংগ! ছেমিফাইনেলত ফ্ৰান্সক ২-০ গ’লত পৰাস্ত কৰি বিশ্বকাপৰ ফাইনেলত অপ্ৰতিৰোধ্য স্পেইন

এমবাপেৰ সপোন ভংগ! ছেমিফাইনেলত ফ্ৰান্সক ২-০ গ’লত পৰাস্ত কৰি বিশ্বকাপৰ ফাইনেলত অপ্ৰতিৰোধ্য স্পেইন

July 15, 2026 10:58 am
কাজিৰঙাৰ ইংলে পথাৰত প্ৰস্তাৱিত হোটেল প্ৰকল্পৰ বিবাদ: খিলঞ্জীয়া নেতা প্ৰণৱ দলেৰ গ্ৰেপ্তাৰক লৈ আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত প্ৰতিক্ৰিয়া

কাজিৰঙাৰ ইংলে পথাৰত প্ৰস্তাৱিত হোটেল প্ৰকল্পৰ বিবাদ: খিলঞ্জীয়া নেতা প্ৰণৱ দলেৰ গ্ৰেপ্তাৰক লৈ আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত প্ৰতিক্ৰিয়া

July 15, 2026 9:21 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ভাৰতীয় গ্ৰাহকৰ বাবে সুখবৰ! ভাৰত-ব্ৰিটেইন বাণিজ্য চুক্তিৰ ফলত সস্তীয়া হ’ব এইসমূহ সমাগ্ৰী

ভাৰতীয় গ্ৰাহকৰ বাবে সুখবৰ! ভাৰত-ব্ৰিটেইন বাণিজ্য চুক্তিৰ ফলত সস্তীয়া হ’ব এইসমূহ সমাগ্ৰী

July 15, 2026 1:03 pm
চাৰি বছৰ পাছত বাংলাদেশ ভ্ৰমণত টিম ইণ্ডিয়া! ছেপ্টেম্বৰত এদিনীয়া আৰু টি-২০ শৃংখলাৰ প্ৰস্তুতি বিচিবিৰ

চাৰি বছৰ পাছত বাংলাদেশ ভ্ৰমণত টিম ইণ্ডিয়া! ছেপ্টেম্বৰত এদিনীয়া আৰু টি-২০ শৃংখলাৰ প্ৰস্তুতি বিচিবিৰ

July 15, 2026 12:07 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd