এইবাৰ নতুন ৰূপত দেখা গ’ল হোজাইৰ বিজেপি বিধায়ক শিলাদিত্য দেবক। এসময়ত বিতৰ্কিত বক্তৱ্যৰ বাবে বিৰোধীৰে নহয়, দলৰ ভিতৰতো ৰোষৰ বলি হোৱা শিলাদিত্যই দেওবাৰে নতুন দিল্লীত সন্তাপ প্ৰকাশ কৰা দেখা গ’ল।
হোজাইৰ বিধায়ক শিলাদিত্য দেবে দলীয় প্রার্থিত্ব নিশ্চিত কৰিবলৈ পূর্বে কৰা ভুলৰ বাবে সংবাদ মাধ্যমৰ জৰিয়তে ৰাজ্যিক নেতৃত্বৰ ওচৰত ভুলৰ ক্ষমা বিচাৰিলে ৷
কেইমাহমান পূর্বে বিধায়ক শিলাদিত্যই বিজেপিৰ ৰাজ্যিক সাংগঠনিক সাধাৰণ সম্পাদক ফণীন্দ্র নাথ শর্মাৰ বিৰুদ্ধে প্ৰায় মুকলিকৈ ক্ষোভ ব্যক্ত কৰিছিল।
শিলাদিত্যই আনকি ৰাজ্যিক সাংগঠনিক সাধাৰণ সম্পাদক ফণীন্দ্র নাথ শর্মাক দলটো ইচ্ছামতে পৰিচালনা কৰি বিভাজিত কৰাৰ বাবেও জগৰীয়া কৰিছিল।
কিন্তু বৰ্তমান টিকটৰ বতৰ। নিৰ্বাচনী ৰণৰ বাবে সকলো প্ৰস্তুতি তুংগত উঠাৰ সময়তে শিলাদিত্যই উপলব্ধি কৰিলে যে তেওঁ কৰা পূৰ্বৰ ভুলৰ বাবেই এতিয়া তেওঁৰ পাখি কটা যোৱাটো প্ৰায় নিশ্চিত হ’বলৈ গৈছে।
আনহাতে, হোজাইত তেওঁৰ প্ৰতিদ্বন্দ্বীৰ ৰূপত অৱতীৰ্ণ হোৱা বিজেপিৰ ৰাজ্যিক মুখপাত্ৰ ৰামকৃষ্ণ ঘোষে টিকটৰ দৌৰত বহুদূৰ আগবাঢ়ি গৈছে।
এনে পৰিস্থিতিত শিলাদিত্য দেবে দেওবাৰে নতুন দিল্লীত হঠাতে সংবাদ মাধ্যমৰ আগত তেওঁ কৰা ভুলৰ বাবে দুখ প্ৰকাশ কৰাৰ লগতে ফনীন্দ্ৰ নাথ শৰ্মাক কৰা সমালোচনা ভুল আছিল বুলি ইয়াৰ বাবে ক্ষমা বিচাৰে।
উল্লেখ্য যে বিজেপিয়ে প্রথম আৰু দ্বিতীয় পর্যায়ৰ নির্বাচন অনুষ্ঠিত হ’ব লগা সমষ্টিৰ প্ৰাৰ্থী তালিকা প্ৰকাশ কৰিছে যদিও হোজাইত এতিয়াও প্ৰাৰ্থীৰ নাম ঘোষণা কৰা নাই।
সেয়ে, শিলাদিত্য দেবে ততাতয়াকৈ দিল্লীত ক্ষমা খুজি হ’লেও টিকট লাভৰ শেষ চেষ্টা চলাইছে বুলি বিভিন্ন মহলত চৰ্চা লাভ কৰিছে।