NORTHEAST NOW (Assamese)

গণ-আন্দোলনে হিংসাত্মক ৰূপ লোৱাৰ শংকা; সাজু থাকিবলৈ আৰক্ষী অধীক্ষক আৰু উপায়ুক্তসকললৈ নিৰ্দেশ

February 13, 2019 9:01 am · এন ই নাও নিউজ
Updated: February 13, 2019 9:03 am
সৰ্বানন্দ সোণোৱাল। ফাইল ছবি।

ৰাজ্যসভাত নাগৰিকত্ব সংশোধনী বিধেয়কখন গৃহীত হ’লে ৰাজ্যত চলি থকা বিধেয়ক বিৰোধী গণ-আন্দোলনে উগ্ৰ আৰু হিংসাত্মক ৰূপ লোৱাৰ শংকাত ভুগিছে ৰাজ্যৰ গৃহ বিভাগ। পৰিস্থিতি চম্ভালিব পৰাকৈ সাজু থাকিবলৈ জিলাসমূহৰ আৰক্ষী অধীক্ষক আৰু উপায়ুক্তসকললৈ দিচপুৰৰ পৰা দিয়া নিৰ্দেশত এই শংকা প্ৰকাশ হৈছে।

জানিব পৰামতে, ১২ ফেব্ৰুৱাৰিত বিধেয়কখন ৰাজ্যসভাত উত্থাপন কৰা হ’ব বুলি নিশ্চিত হোৱাৰ পিছতে ৰাজ্যৰ গৃহ বিভাগে এই নিৰ্দেশ দিয়ে। অৱশ্যে ১২ ফেব্ৰুৱাৰিত হুলস্থূল আৰু প্ৰতিবাদৰ মাজত ৰাজ্যসভাৰ কামকাজ আধাতে সামৰিব লগীয়া হোৱাত নাগৰিকত্ব বিধেয়কখন উত্থাপন সম্ভৱ নহ’ল।

ৰাজ্যসভাৰ আজিৰ (১৩ ফেব্ৰুৱাৰি) কাৰ্য্যক্ৰমণিকাত পুনৰ বিতৰ্কিত বিধেয়কখন উত্থাপনৰ বাবে অন্তৰ্ভুক্ত কৰা হৈছে। এই পৰিপ্ৰেক্ষিতত যদি বিৰোধীৰ প্ৰতিৰোধ নেওচি কেনেবাকৈ বিধেয়কখন গৃহীত হয়, ৰাজ্যৰ উমি উমি জ্বলি থকা পৰিস্থিতিটো হঠাতে অগ্নি স্ফূলিংগত পৰিণত হ’ব পাৰে। গতিকে তেনে পৰিস্থিতি চম্ভালিবলৈ সাজু থাকিবলৈ আৰক্ষী প্ৰশাসনক গৃহ বিভাগৰ নিৰ্দেশ।

মণিপুৰত নাগৰিকত্ব বিধেয়ক বিৰোধী আন্দোলনৰ জংগী ৰূপৰ আশংকা কৰি বিধেয়ক ৰাজ্যসভাত উত্থাপনৰ বাবে অন্তৰ্ভুক্ত হোৱাৰ লগে লগে ইণ্টাৰনেট সেৱা বন্ধ কৰি দিয়া হৈছে।

বিধেয়কখনৰ বিৰুদ্ধে দীৰ্ঘদিনৰ পৰা দল-সংগঠন, ৰাইজে সৰ্বাত্মক আন্দোলন কৰি থকা অসমতো তেনে পৰিস্থিতি হোৱাৰ শংকা অমূলক নহয়।

Related News