NORTHEAST NOW (Assamese)

সততাৰ পুৰষ্কাৰ! অসম আৰক্ষীত চিপাহী হিচাপে নিযুক্তি দিয়া হ’ব গৃহৰক্ষী জোৱান বৰছিং বে’ক

June 24, 2021 6:11 pm · এন ই নাও নিউজ

ড্ৰাগছ সৰবৰাহকাৰীয়ে দিয়া প্ৰলোভন অগ্ৰাহ্য কৰি সততা আৰু নিষ্ঠাৰে এখন যাত্ৰীবাহী বাছৰ পৰা কেইবা কোটি টকা মূল্যৰ ড্ৰাগছ জব্দ কৰা কাৰ্বি আংলং জিলাত নিয়োজিত গৃহৰক্ষী জোৱান বৰছিং বে’ক অসম আৰক্ষীৰ এজন চিপাহী হিচাপে নিযুক্তি দিয়া হ’ব।

আজিৰ ভিতৰতে তেওঁৰ এই নিযুক্তিৰ আনুষ্ঠানিকতা সম্পন্ন হোৱাৰ সম্ভাৱনা আছে।

যোৱা ২১ জুনৰ নিশা এখন যাত্ৰীবাহী বাছত তালাচী চলাই বাছখনত লুকুৱাই অনা তিনি কিল’গ্ৰাম ড্ৰাগছ জব্দ কৰিছিল কাৰ্বি আংলঙৰ ডিলাই থানাত নিয়োজিত গৃহৰক্ষী জোৱান বৰছিং বে’ই।

আনহাতে, বাছখনৰ চালকে তেওঁক ধনৰ টোপোলা আগবঢ়াইছিল যদিও বে’ই সেই প্ৰলোভন অগ্ৰাহ্য কৰি নিজৰ কৰ্তব্যনিষ্ঠা প্ৰমান কৰি ড্ৰাগছখিনি জব্দ কৰিছিল।

আৰক্ষী সঞ্চালক প্ৰধান ভাস্কৰজ্যোতি মহন্তই গৃহৰক্ষী জোৱান বৰছিং বে’ক নগদ ১ লাখ টকাৰে পুৰস্কৃত কৰাৰ লগতে এখন প্ৰশংসা পত্ৰও প্ৰদান কৰে।

আৰক্ষী সঞ্চালক প্ৰধান গৰাকীয়ে গৃহৰক্ষী জোৱান বে’ৰ সততা আৰু কৰ্তব্যনিষ্ঠাৰ প্ৰশংসা কৰি কয় যে, জোৱানজনৰ এনে কাৰ্যই গোটেই আৰক্ষী বিভাগটোকে গৌৰৱান্বিত কৰি তুলিছে।

Related News