চুলি সৰাৰ সমস্যাৰ পৰা পৰিত্ৰাণ পাবলৈ কিছুমান ঘৰুৱা আৰু প্ৰাকৃতিক উপায় অৱলম্বন কৰিব পাৰি। তলত কিছুমান কাৰ্যকৰী উপায় উল্লেখ কৰা হ’ল:
১. নাৰিকলৰ গাখীৰ – নাৰিকলৰ গাখীৰে মূৰৰ ছাল আৰু চুলিৰ গুৰিত মালিচ কৰক। এঘণ্টাৰ পাছত ছেম্পুৰে ধুই লওক। সপ্তাহত এবাৰ এই পদ্ধতি ব্যৱহাৰ কৰিলে চুলি সৰা কমে আৰু চুলি দীঘল হয়।
২.নিমপাত – নিমপাতৰ ৰস নাৰিকল তেলৰ সৈতে মিহলাই মূৰৰ ছালত লগাওক। আধাঘণ্টা ৰাখি ধুই পেলাওক। নিমপাতত থকা ফেটি এচিডে চুলিৰ স্বাস্থ্য ভাল কৰে আৰু সৰা ৰোধ কৰে।
৩.মেথিগুটি – মেথিগুটি পানীত তিয়াই ৰাখি পিহি নেমুৰ ৰসৰ সৈতে মিহলাই মূৰত লগাওক। আধাঘণ্টা ৰাখি ধুই লওক। মেথিত থকা প্ৰ’টিন আৰু ভিটামিনে চুলিৰ গুৰি মজবুত কৰে৷
৪. আলুৰ ৰস – আলুৰ ৰস এলোভেৰা জেলৰ সৈতে মিহলাই চুলিত লগাওক। ৩০ মিনিট ৰাখি ধুই লওক। আলুত থকা ভিটামিন আৰু খনিজ পদাৰ্থই চুলি সৰা বন্ধ কৰে আৰু বৃদ্ধিত সহায় কৰে।
পৰামৰ্শ- যদি চুলি সৰাৰ সমস্যা অধিক গুৰুতৰ হয়, তেন্তে চিকিৎসকৰ পৰামৰ্শ লওক। কাৰণ, ই শাৰীৰিক সমস্যা যেনে হৰম’নৰ ভাৰসাম্যহীনতা বা পুষ্টিৰ অভাৱৰ লক্ষণ হ’ব পাৰে।





