আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পে বুধবাৰে হোৰমুজ প্ৰণালীক লৈ ইৰাণক এক কঠোৰ সকিয়নি প্ৰদান কৰি স্পষ্ট কৰি দিছে যে এই গুৰুত্বপূৰ্ণ জলপথটো কাৰো নিয়ন্ত্ৰণত নাথাকিব আৰু ই সকলোৰে বাবে মুকলি থাকিব। মধ্যপ্ৰাচ্যত চলি থকা যুদ্ধৰ মাজতে দুয়োখন দেশৰ মাজত শান্তি আলোচনা একপ্ৰকাৰ ব্যৰ্থ হোৱাৰ দিশে অগ্ৰসৰ হোৱাৰ সময়তে আমেৰিকাৰ ৰাষ্ট্ৰপতিগৰাকীয়ে এই মন্তব্য প্ৰকাশ কৰিছে। একে সময়তে আমেৰিকাৰ সামৰিক বাহিনীয়ে দক্ষিণ ইৰাণৰ বন্দৰ আব্বাছ চহৰৰ এক সামৰিক নিয়ন্ত্ৰণ কেন্দ্ৰত নিশাৰ ভাগত আক্ৰমণ চলাই চাৰিখনকৈ ইৰাণী ড্ৰোণ ধ্বংস কৰা বুলিও জানিব পৰা গৈছে। সোমবাৰেও আমেৰিকান সেনাই ইৰাণৰ মিছাইল উৎক্ষেপণ কেন্দ্ৰ আৰু মাইন স্থাপনকাৰী নাওসমূহক লক্ষ্য কৰি আক্ৰমণ চলাইছিল।
এখন সংবাদমেলত অংশগ্ৰহণ কৰি ৰাষ্ট্ৰপতি ট্ৰাম্পে কয় যে হৰমুজ প্ৰণালী হৈছে আন্তঃৰাষ্ট্ৰীয় জলপথ আৰু ইয়াৰ ওপৰত কোনো এখন দেশে আধিপত্য বিস্তাৰ কৰিব নোৱাৰে। তেওঁ লগতে কয় যে এই জলপথটো সকলোৰে বাবে মুকলি ৰখাৰ বিষয়টো বৰ্তমান চলি থকা আলোচনাৰ এক অবিচ্ছেদ্য অংশ। এই ক্ষেত্ৰত আমেৰিকাৰ মিত্ৰৰাষ্ট্ৰ ওমানে আন সকলোৰে দৰে সাধাৰণভাৱে কাম কৰিব লাগিব, অন্যথা আমেৰিকাই তেওঁলোকৰ বিৰুদ্ধেও কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ বাধ্য হ’ব বুলি ট্ৰাম্পে সকিয়নি দিয়ে। উল্লেখযোগ্য যে ইৰাণে শেহতীয়াকৈ এই প্ৰণালীৰে পাৰ হোৱা জাহাজসমূহৰ পৰা কৰ সংগ্ৰহ কৰা আৰু সেই ধন ওমানৰ সৈতে ভাগ-বতৰা কৰাৰ এক প্ৰয়াস কৰিছিল।
ইৰাণৰ পাৰমাণৱিক অস্ত্ৰ আহৰণৰ প্ৰচেষ্টাক লৈয়ো ৰাষ্ট্ৰপতিগৰাকীয়ে তীব্ৰ উদ্বেগ প্ৰকাশ কৰে। তেওঁ স্পষ্ট কৰি দিয়ে যে ‘অপাৰেচন এপিক ফিউৰী’ (Operation Epic fury) ৰ জৰিয়তে আমেৰিকাই এই কথা নিশ্চিত কৰিব যাতে বিশ্বৰ অন্যতম সন্ত্ৰাসবাদ সৃষ্টিকাৰী ৰাষ্ট্ৰখনে কেতিয়াও পাৰমাণৱিক অস্ত্ৰ লাভ কৰিব নোৱাৰে। ইৰাণে আমেৰিকাৰ নৱেম্বৰ মাহৰ মধ্যৱৰ্তী নিৰ্বাচনলৈকে সময় পাৰ কৰি চুক্তিখন বিলম্বিত কৰাৰ চেষ্টা চলোৱা বুলি অভিযোগ উত্থাপন কৰি ট্ৰাম্পে কয় যে তেওঁ নিৰ্বাচনক লৈ চিন্তিত নহয় আৰু তেওঁক কেৱল এখন ত্ৰুটিহীন চুক্তিৰহে প্ৰয়োজন।
আমেৰিকাৰ এই হুংকাৰৰ পিছতে ইৰাণৰ সংসদৰ ৰাষ্ট্ৰীয় নিৰাপত্তা সমিতিৰ মুৰব্বী ইব্ৰাহিম আজিজিয়ে ‘এক্স’ যোগে এক প্ৰতিক্ৰিয়া ব্যক্ত কৰে। তেওঁ কয় যে ট্ৰাম্পৰ এনে মন্তব্যই ইৰাণক নিজৰ দাবীৰ পৰা কেতিয়াও আঁতৰাই আনিব নোৱাৰে। ইউৰেনিয়াম সমৃদ্ধকৰণ, হৰমুজ প্ৰণালীৰ ওপৰত কৰ্তৃত্ব সাব্যস্ত কৰা আৰু ইৰাণৰ ওপৰত আৰোপ কৰা নিষেধাজ্ঞা প্ৰত্যাহাৰ কৰাৰ দাবীত তেওঁলোক অটল থাকিব বুলি আজিজিয়ে প্ৰকাশ কৰে। তেওঁৰ মতে, ট্ৰাম্পে এই কৌশলগত অচল অৱস্থাৰ পৰা পৰিত্ৰাণ পাবলৈকে ভাবুকি আৰু চুক্তিৰ আহ্বানৰ মাজত দোদুল্যমান অৱস্থাত আছে।
যোৱা ২৮ ফেব্ৰুৱাৰীত মধ্যপ্ৰাচ্যৰ যুদ্ধ আৰম্ভ হোৱাৰ পিছৰে পৰা হোৰমুজ প্ৰণালীৰ মাজেৰে যাতায়াত প্ৰায় বন্ধ হৈ পৰিছে, যাৰ ফলত বিশ্বজুৰি ইন্ধনৰ তীব্ৰ সংকটৰ সৃষ্টি হৈছে। ইৰাণৰ ইছলামিক ৰিভলিউশ্যনাৰী গাৰ্ডছ নৌবাহিনীয়ে দাবী কৰা মতে, যোৱা ২৪ ঘণ্টাত তেওঁলোকৰ অনুমতি সাপেক্ষে তেল টেংকাৰ আৰু বাণিজ্যিক জাহাজকে ধৰি মাত্ৰ ২৩ খন জাহাজেহে এই পথেৰে পাৰ হৈছে, যিটো সংঘাতৰ পূৰ্বে দৈনিক ১২৫ ৰ পৰা ১৪০ খনৰ ভিতৰত আছিল। আনহাতে, এই যুদ্ধৰ অন্ত পেলাবৰ বাবে আমেৰিকাই চৌদি আৰব, কাটাৰ, পাকিস্তান, তুৰস্ক, ইজিপ্ত আৰু জৰ্ডানক ‘আব্ৰাহাম চুক্তি’ত চামিল হৈ ইজৰাইলৰ সৈতে সম্পৰ্ক স্বাভাৱিক কৰিবলৈ আহ্বান জনাইছিল যদিও এই ৰাষ্ট্ৰসমূহে সেয়া প্ৰত্যাখ্যান কৰিছে। বৰ্তমান দুয়োখন দেশৰ এই অনমনীয় স্থিতি আৰু ধাৰাবাহিক আক্ৰমণ-প্ৰত্যাক্ৰমণে মধ্যপ্ৰাচ্যৰ পৰিস্থিতি অধিক জটিল কৰি তুলিছে। হোৰমুজ প্ৰণালীৰ নিয়ন্ত্ৰণ আৰু ভৱিষ্যতৰ শান্তি চুক্তিৰ দিশটোক লৈ এতিয়াও তীব্ৰ অনিশ্চয়তা অব্যাহত আছে।





