ইৰাণ যুদ্ধ নিয়ন্ত্ৰণৰ ক্ষেত্ৰত আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পৰ ক্ষমতা হ্ৰাস কৰাৰ বাবে আমেৰিকাৰ কংগ্ৰেছৰ নিম্ন সদনত এটা প্ৰস্তাৱ দাখিল কৰা হৈছিল। বিৰোধী দল ডেম’ক্ৰেটিক পাৰ্টিয়ে দাখিল কৰা প্ৰস্তাৱটো পৰাজয়ৰ আশংকাত বাতিল কৰা হয়।
অনুমান কৰা হৈছে যে ট্ৰাম্পৰ ৰিপাব্লিকান পাৰ্টিৰ কেইবাজনো সদস্যই ইয়াৰ বিৰুদ্ধে ভোট দিব পাৰে। এনে পৰিস্থিতিত দলটোৱে ইৰাণ যুদ্ধৰ সৈতে জড়িত ভোটদান বাতিল কৰে।
বাতৰি অনুসৰি, এই প্ৰস্তাৱ প্ৰতিনিধি সদনত দাখিল কৰিছিল ডেম’ক্ৰেটিক পাৰ্টিৰ প্ৰতিনিধি গ্ৰেগৰী মিক্সে। যিগৰাকী সদনৰ বৈদেশিক সম্পৰ্ক সমিতিৰ সদস্য। কিন্তু ৰিপাব্লিকান পাৰ্টিৰ কেইবাজনো সদস্য সংসদত অনুপস্থিত থকাৰ বাবে এই ভোট সন্দৰ্ভত আপত্তি উত্থাপন হয়। কৰ্তৃপক্ষই সেই দাবী মানি লৈ ভোটদান পিছুৱাই দিয়ে।
এই ঘটনাক ডেম’ক্ৰেটসকলে ব্যাপক সমালোচনা কৰিছে। অভিযোগ উত্থাপন কৰা হৈছে যে, “ৰিপাব্লিকান নিয়ন্ত্ৰিত হাউছে ট্ৰাম্প প্ৰশাসনৰ সম্পূৰ্ণ মালিকানাধীন সহযোগী প্ৰতিষ্ঠানৰ দৰে আচৰণ কৰিছে।”
যৌথ বিবৃতিটোত কোৱা হৈছে যে, “ৰিপাব্লিকানসকলে কাপুৰুষৰ দৰে যুদ্ধ শক্তিৰ প্ৰস্তাৱৰ ওপৰত ভোটদাৱ প্ৰত্যাহাৰ কৰিছে। যদিহে ভোটদান কৰা হয় তেন্তে এই প্ৰস্তাৱ দ্বিপাক্ষিক সমৰ্থনত গৃহীত হ’লহেঁতেন আৰু ৰাষ্ট্ৰপতিক পশ্চিম এছিয়াৰ যুদ্ধ বন্ধ কৰিবলৈ বাধ্য কৰালেহেঁতেন।”
জানিব পৰা মতে জুন মাহত এই সন্দৰ্ভত ভোটদান হ’ব পাৰে। আমেৰিকাৰ সংবিধান অনুসৰি যদি যুদ্ধ আৰম্ভ হয় আৰু সেই যুদ্ধ চলি থাকিব লাগে তেন্তে ৬০ দিনৰ ভিতৰত ছিনেটৰ অনুমোদন বাধ্যতামূলক। অৱশ্যে ইৰাণ যুদ্ধত ট্ৰাম্পে কিছু প্ৰতাৰণা কৰিছিল। যদিও ২৮ ফেব্ৰুৱাৰীত ইৰাণক আক্ৰমণ কৰা হৈছিল, তথাপিও ২ মাৰ্চতহে এই বিষয়ে ছিনেটক জনোৱা হৈছিল। সেই অনুসৰি ৬০ দিনৰ সময়সীমা ১ মে’ত শেষ হয়। কিন্তু বৰ্তমান দুয়োখন দেশৰ মাজত যুদ্ধবিৰতি আছে।
এই পৰিস্থিতিত নতুন যুদ্ধ আৰম্ভ কৰাৰ পূৰ্বে ট্ৰাম্পক ছিনেটৰ অনুমোদনৰ প্ৰয়োজন। অৱশ্যে ট্ৰাম্পে ছিনেটৰ মুখামুখি হ’ব নিবিচাৰে বুলি বাতৰি ইতিমধ্যে চৰ্চালৈ আহিছে। ১০০ জনীয়া ছিনেটত ট্ৰাম্পৰ দলৰ চিনেটৰৰ সংখ্যা ৫৩ জন। ডেম’ক্ৰেটিক পাৰ্টিৰ সদস্যৰ সংখ্যা ৪৭ জন যদিও ১০ জনতকৈ অধিক ৰিপাব্লিকান সাংসদে ট্ৰাম্পৰ ইৰাণ যুদ্ধৰ প্ৰত্যক্ষ বিৰোধিতা কৰিছে।
প্ৰতিবেদনত কোৱা হৈছে যে এই পৰিস্থিতিত ছিনেটত ভোটৰ সন্মুখীন হোৱাৰ অৰ্থ হ’ল ট্ৰাম্পে হয়তো যুদ্ধ বন্ধ কৰাৰ পথত আগবাঢ়িব লাগিব। যিটো আমেৰিকাৰ ৰাষ্ট্ৰপতিয়ে কোনো ধৰণে নিবিচাৰে।
ইফালে যুদ্ধ বন্ধ কৰাৰ বাবে আমেৰিকাই ইৰাণক যি প্ৰস্তাৱ দিছিল সেয়া নাকচ কৰা হৈছে। ইৰাণে স্পষ্টকৈ উল্লেখ কৰিছে যে তেওঁলোকৰ হাতত থকা ইউৰেনিয়াম আমেৰিকাক গতাই দিয়া নহ’ব। ফলত ইৰাণৰ ওপৰত নতুনকৈ আক্ৰমণৰ সম্ভাৱনা বাঢ়িছে। এনে পৰিস্থিতিত ট্ৰাম্পে যুদ্ধ চলাবলৈ আমেৰিকাৰ কংগ্ৰেছৰ পৰা অনুমতি ল’ব নে নাই সেয়া হ’ব লক্ষ্যণীয়।





