• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, June 20, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

চোৰাংচোৱাগিৰিৰ অভিযোগ! য়েমেনত ৰাষ্ট্ৰসংঘৰ ২০ জন কৰ্মীক পণবন্দী কৰিলে হাউথী বিদ্ৰোহীয়ে

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
October 20, 2025 8:20 am
14
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

য়েমেনৰ হাউথী বিদ্ৰোহী সংগঠনৰ লক্ষ্য পুনৰ ৰাষ্ট্ৰসংঘ। দেওবাৰে ইৰাণ সমৰ্থিত এই সশস্ত্ৰ গোটৰ সদস্যসকলে ৰাজধানী ছানাত থকা ৰাষ্ট্ৰসংঘৰ কাৰ্যালয়ত আক্ৰমণ চলায়। কাৰ্যালয় ভাঙি লুটপাত কৰাৰ উপৰিও ২০ জন কৰ্মীক পণবন্দী কৰি ৰখা হয়।

এই ঘটনা পোহৰলৈ অহাৰ লগে লগে হুলস্থুলৰ সৃষ্টি হয়। য়েমেনত ৰাষ্ট্ৰসংঘৰ মুখপাত্ৰ জিনে আলমে সংবাদ মাধ্যমৰ আগত কয় যে হাউথীয়ে ছানাৰ দক্ষিণ-পশ্চিম হাদা অঞ্চলত আক্ৰমণ চলাইছিল।

Apply Now

জিনে কয় যে দেওবাৰে অপহৰণ কৰাসকলৰ ভিতৰত ৫জন য়েমেনৰ নাগৰিক আৰু ১৫জন বিদেশী নাগৰিক। সকলোকে মুক্ত কৰাৰ প্ৰচেষ্টা চলোৱা হৈছে। ছানাত থকা ৰাষ্ট্ৰসংঘৰ সকলো কাৰ্যালয় হাউথীৰ পৰা উদ্ধাৰৰ বাবে সশস্ত্ৰ গোট আৰু অন্যান্য পক্ষৰ সৈতে আলোচনা আৰম্ভ হৈছে।

নাম প্ৰকাশ নকৰা চৰ্তত ৰাষ্ট্ৰসংঘৰ আন এজন বিষয়াই কয় যে আটক কৰা কৰ্মচাৰীসকল বিশ্ব খাদ্য কাৰ্যসূচী (ডব্লিউ এফ পি), ইউনিচেফ আৰু মানৱীয় পৰিক্ৰমা সমন্বয়ৰ কাৰ্যালয় (অ’চিএইচএ)কে ধৰি ৰাষ্ট্ৰসংঘৰ কেইবাটাও সংস্থাৰ সদস্য। অপহৰণৰ উপৰিও কাৰ্যালয়টোৰ ফোন, চাৰ্ভাৰ, কম্পিউটাৰ আৰু অন্যান্য সামগ্ৰী জব্দ কৰা হৈছে।

হাউথী নিয়ন্ত্ৰিত চহৰ ছানা, উপকূলীয় চহৰ হোদেইদা আৰু উত্তৰ য়েমেনৰ প্ৰদেশ ছাদাত হাউথীৰ দুৰ্গ আছে। যোৱা কেইমাহমানৰ ভিতৰত হাউথীয়ে ইয়াত কেইবাবাৰো ৰাষ্ট্ৰসংঘৰ কাৰ্যালয়ত আক্ৰমণ চলাইছে। ৫০ জনতকৈ অধিক কৰ্মচাৰীক অপহৰণ কৰিছে।

চলিত বৰ্ষৰ আৰম্ভণিতে ছাদাত হাউথীৰ জিম্মাত ডব্লিউ এফ পিৰ এজন কৰ্মচাৰীৰ মৃত্যু হৈছিল। য়েমেনত কৰ্মৰত ৰাষ্ট্ৰসংঘৰ কৰ্মচাৰীসকলে ইজৰাইল আৰু আমেৰিকাৰ বাবে চোৰাংচোৱাগিৰি কৰি তেওঁলোকক গোপন তথ্য প্ৰদান কৰা বুলি অভিযোগ উত্থাপন কৰিছে হাউথীয়ে। অৱশ্যে এই অভিযোগসমূহ বাৰে বাৰে অস্বীকাৰ কৰি আহিছে ৰাষ্ট্ৰসংঘই।

জানুৱাৰী মাহত উত্তৰ য়েমেনৰ সাদা প্ৰদেশত ধাৰাবাহিকভাৱে কৰ্মচাৰী অপহৰণৰ বাবে ৰাষ্ট্ৰসংঘৰ অভিযান স্থগিত ৰখা হৈছিল। উল্লেখ্য যে আগষ্ট মাহৰ অন্তিম সপ্তাহত ইজৰাইলৰ সেনাই হাউথী নিয়ন্ত্ৰিত ছানাত বিমান আক্ৰমণ চলাইছিল। সেই আক্ৰমণত ছানাৰ হাউথী প্ৰধানমন্ত্ৰী আল-ৰাহাবী নিহত হয়। সেইদিনা কেইবাজনো মন্ত্ৰীকো হত্যা কৰা হৈছিল।

সশস্ত্ৰ সংগঠনটোৱে জনোৱা মতে, বিগত এটা বছৰত চৰকাৰৰ কাম-কাজৰ পৰ্যালোচনাৰ বাবে এক কৰ্মশালাৰ আয়োজন কৰা হৈছিল। প্ৰধানমন্ত্ৰী ৰাহাবীকে ধৰি অন্যান্য মন্ত্ৰীসকলেও তাত উপস্থিত থাকে। তেতিয়াই আৰম্ভ হৈছিল বোমা আক্ৰমণ।

ইজৰাইলৰ এই নিখুঁত অভিযানৰ পিছত হাউথীয়ে য়েমেনত থকা ৰাষ্ট্ৰসংঘৰ কাৰ্যালয়লৈ অভিযোগৰ আঙুলি তুলিছিল। এই কাৰ্যালয়সমূহ চোৰাংচোৱাগিৰিৰ লগত জড়িত বুলি দাবী কৰা হৈছিল। সেইবাৰ ১১ জন লোকক অপহৰণ কৰিছিল সশস্ত্ৰ সংগঠনটোৱে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

আলহীক দেখুৱাবলৈ গুৱাহাটীৰ পকী পথ ফুটাই গছপুলি ৰোপণ! প্ৰশাসনৰ আজব কাণ্ডক লৈ সৰৱ ছাত্ৰ সমাজ আৰু সচেতন মহল

আলহীক দেখুৱাবলৈ গুৱাহাটীৰ পকী পথ ফুটাই গছপুলি ৰোপণ! প্ৰশাসনৰ আজব কাণ্ডক লৈ সৰৱ ছাত্ৰ সমাজ আৰু সচেতন মহল

June 20, 2026 9:33 pm
ফ্ৰুটী খাই ব্ৰত ভাঙিবলৈ গৈ ৩৩ বছৰীয়া যুৱকৰ কৰুণ মৃত্যু

ফ্ৰুটী খাই ব্ৰত ভাঙিবলৈ গৈ ৩৩ বছৰীয়া যুৱকৰ কৰুণ মৃত্যু

June 20, 2026 9:08 pm
হাৰিলে জীৱন শেষ! জিৰণি কোঠাত সোমাই শাসকৰ ভাবুকি, প্ৰাণ হাতত লৈ কি কৰিলে খেলুৱৈসকলে?

হাৰিলে জীৱন শেষ! জিৰণি কোঠাত সোমাই শাসকৰ ভাবুকি, প্ৰাণ হাতত লৈ কি কৰিলে খেলুৱৈসকলে?

June 20, 2026 9:00 pm
মন্দিৰৰ দানবাকচত আচৰিত প্ৰাৰ্থনা! ‘খুড়ীদেউৰ অত্যাচাৰ সহ্য নহয়, সোনকালে মৃত্যু দিয়ক’ – ২০ টকীয়া নোটত পুণ্যৰ্থীৰ আহ্বান

মন্দিৰৰ দানবাকচত আচৰিত প্ৰাৰ্থনা! ‘খুড়ীদেউৰ অত্যাচাৰ সহ্য নহয়, সোনকালে মৃত্যু দিয়ক’ – ২০ টকীয়া নোটত পুণ্যৰ্থীৰ আহ্বান

June 20, 2026 8:36 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

আলহীক দেখুৱাবলৈ গুৱাহাটীৰ পকী পথ ফুটাই গছপুলি ৰোপণ! প্ৰশাসনৰ আজব কাণ্ডক লৈ সৰৱ ছাত্ৰ সমাজ আৰু সচেতন মহল

আলহীক দেখুৱাবলৈ গুৱাহাটীৰ পকী পথ ফুটাই গছপুলি ৰোপণ! প্ৰশাসনৰ আজব কাণ্ডক লৈ সৰৱ ছাত্ৰ সমাজ আৰু সচেতন মহল

June 20, 2026 9:33 pm
ফ্ৰুটী খাই ব্ৰত ভাঙিবলৈ গৈ ৩৩ বছৰীয়া যুৱকৰ কৰুণ মৃত্যু

ফ্ৰুটী খাই ব্ৰত ভাঙিবলৈ গৈ ৩৩ বছৰীয়া যুৱকৰ কৰুণ মৃত্যু

June 20, 2026 9:08 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd