• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, August 19, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

ব্ৰিটিছ স্কচ হুইস্কি কম মূল্যত উপলব্ধ হ’ব! ‘মুক্ত বাণিজ্য’ৰ পৰা কি লাভ কৰিব ভাৰতে?

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
July 23, 2025 4:57 pm
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

তিনি বছৰৰ  অন্তত বৃহস্পতিবাৰে ভাৰত আৰু ব্ৰিটেইনে মুক্ত বাণিজ্য চুক্তিত স্বাক্ষৰ কৰিবলৈ সাজু হৈছে। এই বাণিজ্যিক চুক্তিৰ জৰিয়তে ভাৰতে ব্ৰিটেইনৰ সৈতে প্ৰায় শুল্কমুক্ত ব্যৱসায় কৰিব পাৰিব। আনহাতে, নতুন দিল্লীয়ে ব্ৰিটেইনৰ পৰা আমদানি কৰা সামগ্ৰীৰ ওপৰত শুল্কৰ হাৰ যথেষ্ট হ্ৰাস কৰিব। ইয়াৰ ফলত স্কচৰ দৰে সুৰাৰ পৰা দাম তাৰ পৰা বহু পৰিমাণে হ্ৰাস পাব।

ভাৰতে ব্ৰিটেইনৰ পৰা আমদানি কৰা মদ্যপানৰ ওপৰত  শুল্ক বহু পৰিমাণে হ্ৰাস কৰিছে। ইয়াৰ পূৰ্বে ব্ৰিটেইনৰ পৰা অহা স্কচ হুইস্কি আৰু জিনৰ ওপৰত  ১৫০ শতাংশ শুল্ক আছিল। সেইটো ৭৫ শতাংশলৈ হ্ৰাস কৰা হ’ব। অহা ১০ বছৰত ৪০ শতাংশ হ্ৰাস পাব। স্বাভাৱিকতে এনে সামগ্ৰীৰ ওপৰত শুল্ক হ্ৰাস পালে ভাৰতীয় বজাৰত ইয়াৰ মূল্য যথেষ্ট হ্ৰাস পাব।এতিয়া এই অতি দামী মদ মধ্যবিত্ত শ্ৰেণীৰ হাতৰ মুঠিত আহিব।

Apply Now

অটোমোবাইল খণ্ডত ভাৰতে ব্ৰিটেইনৰ পৰা আমদানি কৰা গাড়ীৰ ওপৰত ১০০ শতাংশতকৈ অধিক শুল্ক আৰোপ কৰে। এই শুল্ক নতুন শুল্ক চুক্তিৰ জৰিয়তে এবাৰতে ১০ শতাংশলৈ হ্ৰাস কৰা হৈছে। ইয়াৰ উপৰিও বিদেশী প্ৰসাধন সামগ্ৰী, ছালমন, চকলেট, বিস্কুট, চিকিৎসা সঁজুলি, আদি বহুতো সামগ্ৰীৰ ওপৰত শুল্ক যথেষ্ট হ্ৰাস পাব।

জনা যায় যে, ৰপ্তানিৰ ক্ষেত্ৰত ৯৯ শতাংশ ভাৰতীয় সামগ্ৰীয়ে ব্ৰিটিছ বজাৰত শুল্কমুক্তভাৱে প্ৰৱেশ কৰিব পাৰিব। বৰ্তমান ব্ৰিটেইনলৈ ৰপ্তানি কৰা অধিকাংশ সামগ্ৰী শুল্কমুক্ত হ’বলৈ গৈ আছে। ফলত ভাৰতৰ চামৰাৰ সামগ্ৰী, জোতা, অটো পাৰ্টছ, ৰত্ন, গহনা, আচবাব, ক্ৰীড়া সামগ্ৰী, ৰাসায়নিক সামগ্ৰী, আৰু অন্যান্য যন্ত্ৰপাতি কম খৰচত ৰপ্তানি কৰিব পৰা যায়। বৰ্তমান এই সামগ্ৰীসমূহৰ অধিকাংশতে কোম্পানীসমূহে ৪-১৬ শতাংশ শুল্ক আদায় দিবলগীয়া হৈছিল। নতুন ব্যৱস্থাৰ অধীনত ভাৰতীয় বৈদ্যুতিক আৰু হাইব্ৰিড বাহন নিৰ্মাতাসকলেও ব্ৰিটিছ বজাৰত অগ্ৰাধিকাৰ লাভ কৰিব।

এই চুক্তিৰ দ্বাৰা বহু ভাৰতীয় কোম্পানী লাভৱান হ’বলৈ গৈ আছে। ইয়াৰ ভিতৰত আছে চামৰা আৰু বস্ত্ৰ উদ্যোগৰ কোম্পানী ‘ৱেলস্পান ইণ্ডিয়া’, অৰবিন্দ লিমিটেড, জোতা নিৰ্মাণ কোম্পানী বাটা ইণ্ডিয়া, আৰু ৰেলেক্সো। অটোমোবাইল খণ্ডত টাটা মটৰছ, মহিন্দ্ৰা ইলেক্ট্ৰিক অন্যতম।

ব্ৰিটিছ চৰকাৰৰ হিচাপ অনুসৰি এই চুক্তিয়ে দীৰ্ঘম্যাদীভাৱে ব্ৰিটেইনৰ জিডিপি ৪.৮ বিলিয়ন পাউণ্ড (৫৬,১৫০ কোটি টকা) বৃদ্ধি কৰিব পাৰে। তদুপৰি ব্ৰিটেইনৰ বজাৰত ভাৰতীয় সাজ-পোছাক, জোতা আৰু খাদ্য সামগ্ৰীৰ মূল্য হ্ৰাস পালে ব্ৰিটেইনৰ নাগৰিকসকল লাভৱান হ’ব বুলি আশা কৰা হৈছে। এই চুক্তিৰ ফলস্বৰূপে ভাৰতে প্ৰায় ৯০ শতাংশ ব্ৰিটিছ সামগ্ৰীৰ ওপৰত শুল্ক হ্ৰাস কৰি আছে। এই চুক্তিৰ দ্বাৰা লাভৱান হ’বলগীয়া ব্ৰিটিছ কোম্পানীসমূহৰ ভিতৰত আছে মদ্যপান কোম্পানী ডাইজিঅ’, গাড়ী নিৰ্মাতা এষ্টন মাৰ্টিন, আৰু জাগুয়াৰ লেণ্ড ৰভাৰ (টাটা মটৰ্ছৰ মালিকানাধীন)ৰ দৰে বিলাসী গাড়ী কোম্পানী।

অন্যান্য দিশ

এই চুক্তিত সেৱাৰ ক্ষেত্ৰত একাধিক প্ৰতিশ্ৰুতি সন্নিবিষ্ট কৰা হৈছে। ইয়াৰ দ্বাৰা ভাৰতীয় যোগ প্ৰশিক্ষক, চেফ, সংগীতজ্ঞ আৰু অন্যান্য ঠিকাভিত্তিক সেৱা প্ৰদানকাৰীয়ে হ্ৰস্বম্যাদীভাৱে ব্ৰিটেইনত প্ৰৱেশৰ সুবিধা লাভ কৰিব। পূৰ্বে ভাৰতীয়সকলে ব্ৰিটেইনত ভৰি দিওঁতে সামাজিক সুৰক্ষাৰ বাবে বৃহৎ পৰিমাণৰ ধন জমা কৰিবলগীয়া হৈছিল। নতুন চুক্তিৰ অধীনত ব্ৰিটেইনলৈ অহা যিকোনো ব্যক্তিয়ে ৩ বছৰলৈকে কোনো ধৰণৰ সামাজিক সুৰক্ষাৰ বৰঙণি দিব নালাগিব। এই সিদ্ধান্তই বছৰি ৪ হাজাৰ কোটি টকা ৰাহি কৰিব বুলি আশা কৰা হৈছে। ইয়াৰ উপৰিও ভাৰতৰ অসংগঠিত খণ্ডত ২০০ কোটিতকৈ অধিক মূল্যৰ চৰকাৰী নিবিদাৰ বাবে ব্ৰিটিছ কোম্পানীক নিবিদা দিবলৈ অনুমতি দিয়া হৈছে। ফলত ব্ৰিটিছ কোম্পানীসমূহে প্ৰতি বছৰে প্ৰায় ৪.০৯ লাখ কোটি টকাৰ ৪০ হাজাৰতকৈ অধিক নিবিদা দাখিল কৰাৰ সুযোগ পাব।

মন কৰিবলগীয়া যে, বৰ্তমান ব্ৰিটেইনত ১০০০ৰো অধিক ভাৰতীয় কোম্পানীয়ে কাম কৰি আছে। য’ত এক লাখতকৈ অধিক লোকে কাম কৰে। ইয়াত ভাৰতীয় বিনিয়োগ প্ৰায় ২০ বিলিয়ন ডলাৰ (১.৭৩ লাখ কোটি টকা)। আনহাতে ভাৰতত ব্ৰিটেইনৰ বিনিয়োগ প্ৰায় ৩৬ বিলিয়ন ডলাৰ। যিটো ভাৰতীয় মুদ্ৰাত ৩.১১ লাখ কোটি টকা। কিন্তু এই চুক্তি সম্পাদন হ’লেও ভাৰতে নিজৰ কৃষি খণ্ডৰ সৈতে কোনো ধৰণৰ আপোচ কৰিবলৈ ইচ্ছুক নহয়। এই চুক্তিৰ পৰা সম্পূর্ণৰূপে বাদ পৰিছে দেশৰ কৃষি খণ্ড৷ কাকতলীয়াকৈ ক’বলৈ গ’লে আমেৰিকাৰ সৈতে হোৱা বাণিজ্যিক চুক্তিৰ সফলতাৰ মূল বাধা হৈ পৰিছে এই কৃষি খণ্ড। দেশৰ কৃষকৰ স্বাৰ্থৰ প্ৰতি লক্ষ্য ৰাখি নতুন দিল্লীয়ে এই খণ্ডৰ দুৱাৰ সম্পূৰ্ণৰূপে বন্ধ কৰি দিব বিদেশীৰ বাবে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

সাৱধান! নামী কোম্পানীৰ লেবেল লগাই বিক্ৰী কৰিছে ভুৱা ঔষধ; আৰক্ষীৰ জালত বৃহৎ প্ৰৱঞ্চক চক্ৰ

সাৱধান! নামী কোম্পানীৰ লেবেল লগাই বিক্ৰী কৰিছে ভুৱা ঔষধ; আৰক্ষীৰ জালত বৃহৎ প্ৰৱঞ্চক চক্ৰ

August 19, 2026 12:52 pm
কলকাতাৰ হোটেলত ভয়ংকৰ অগ্নিকাণ্ড: বাংলাদেশী নাগৰিকসহ ৯ জনৰ মৃত্যু, এচি বিস্ফোৰণৰ সন্দেহ

কলকাতাৰ হোটেলত ভয়ংকৰ অগ্নিকাণ্ড: বাংলাদেশী নাগৰিকসহ ৯ জনৰ মৃত্যু, এচি বিস্ফোৰণৰ সন্দেহ

August 19, 2026 11:34 am
কাজিৰঙাৰ সুৰক্ষা-বলয়

কাজিৰঙাৰ সুৰক্ষা-বলয়

August 19, 2026 10:37 am
এন টি এ-ত বৃহৎ সংস্কাৰ: ৬০০ বিশেষজ্ঞ অপসাৰণ, সুৰক্ষাৰ দায়িত্বত কেন্দ্ৰীয় ঔদ্যোগিক সুৰক্ষা বল

এন টি এ-ত বৃহৎ সংস্কাৰ: ৬০০ বিশেষজ্ঞ অপসাৰণ, সুৰক্ষাৰ দায়িত্বত কেন্দ্ৰীয় ঔদ্যোগিক সুৰক্ষা বল

August 19, 2026 9:11 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

সাৱধান! নামী কোম্পানীৰ লেবেল লগাই বিক্ৰী কৰিছে ভুৱা ঔষধ; আৰক্ষীৰ জালত বৃহৎ প্ৰৱঞ্চক চক্ৰ

সাৱধান! নামী কোম্পানীৰ লেবেল লগাই বিক্ৰী কৰিছে ভুৱা ঔষধ; আৰক্ষীৰ জালত বৃহৎ প্ৰৱঞ্চক চক্ৰ

August 19, 2026 12:52 pm
কলকাতাৰ হোটেলত ভয়ংকৰ অগ্নিকাণ্ড: বাংলাদেশী নাগৰিকসহ ৯ জনৰ মৃত্যু, এচি বিস্ফোৰণৰ সন্দেহ

কলকাতাৰ হোটেলত ভয়ংকৰ অগ্নিকাণ্ড: বাংলাদেশী নাগৰিকসহ ৯ জনৰ মৃত্যু, এচি বিস্ফোৰণৰ সন্দেহ

August 19, 2026 11:34 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd