• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, August 18, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

ল’কডাউনত অসমৰ কিমান লোক বাহিৰত আৱদ্ধ হৈ আছে? সংবাদমেলত আভাস দিলে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই

চীনৰ পৰা অহা কিটৰ বিতৰ্ক সন্দৰ্ভত কি ক’লে মন্ত্ৰীগৰাকীয়ে?

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
April 18, 2020 7:19 pm
b59a6301-ba58-4166-a190-9bb775bd403a
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ল’কডাউনৰ ফলত অসমৰ কিমান লোক বহিঃৰাজ্যলৈ গৈ হঠাতে আৱদ্ধ হ’বলগীয়া হ’ল বা কিমান লোকৰ পৰা ৰাজ্য চৰকাৰে কিমান মিছডকল লাভ কৰিলে তাৰ এক আভাস সংবাদমেলত দাঙি ধৰে স্বাস্থ্য মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই।

আজি গুৱাহাটীৰ খ্ৰীষ্টানবস্তিস্থিত ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযানৰ ৰাজ্যিক কাৰ্য্যালয়ত এক সংবাদমে সম্বোধন কৰি বৰ্তমানলৈকে ৰাজ্য চৰকাৰে অসমৰ বাহিৰত আৱদ্ধ হৈ থকা লোকসকলৰ বাবে মুকলি কৰা মিছডকল সেৱাৰ তথ্য দাঙি ধৰি কয় ‘বৰ্তমালৈকে ৯ লাখ ২৯ হাজাৰ ৫৬৮ টা মিছডকল আহিছে। তাৰ ভিতৰত ৪,৩২,৪৮৩ টা কল অসমৰ বাহিৰৰ পৰা আহিছে। পৰিয়ালৰ মুৰব্বী হিচাপত এই লোকসকলক চিনাক্ত কৰা হৈছে।‘

Apply Now

এই লোকসকলৰ ভিতৰত ২,১৭,২২০ গৰাকী লোকে ফৰ্ম ফিল-আপ কৰি পঠিয়াইছে বুলি মন্ত্ৰীগৰাকীয়ে জানিবলৈ দি লগতে কয় ‘যিসকলে পঠিওৱা নাই সেইসকলে কাৰোবাৰ সহায় লৈ পঠিয়াই দিবলৈ আহ্বান জনাইছো।‘

অহা সপ্তাহৰ ভিতৰত ৫০ হাজাৰ লোকৰ একাউন্টলৈ আৰ্থিক সাহায্য পঠিওৱা হ’ব বুলি মন্ত্ৰীগৰাকীয়ে সংবাদমেলত সদৰী কৰে।

আৱদ্ধ হৈ থকা লোকসকলৰ মাজৰ কিমান সংখ্যক কোন ৰাজ্যত আৱদ্ধ হৈ আছে তাৰ এক আভাস দাঙি ধৰি মন্ত্ৰীগৰাকীয়ে কয়, ‘কৰ্ণাটকত ৬৬ হাজাৰ, কেৰেলাত ৩৪ হাজাৰ, তামিলনাডুত ৩৩ হাজাৰ, মহাৰাষ্ট্ৰত ২১ হাজাৰ, তেলেংগনাত ১৫ হাজাৰ, গোৱাত ৪৬০০, গুজৰাটত ৫,৬২০ গৰাকী, পশ্চিমবংগত ৪৫১২, হাৰিয়ানাত ৪৩০২ আৰু দিল্লীত ৩৭২৯ গৰাকী।‘

ইপিনে, এইসকলৰ কোন জিলাৰ পৰা কিমান লোক আদ্ধ হৈ আছে তাৰ এক আভাস দাঙি ধৰি তেওঁ কয় ‘নগাওঁ জিলাৰ ১৫ হাজাৰ, কাছাৰৰ ১৩ হাজাৰ, শোণিতপুৰৰ ১২ হাজাৰ, হাইলাকান্দিৰ ১১ হাজাৰ, লখিমপুৰ ১০ হাজাৰ, গোলাঘাট ৯ হাজাৰ, বৰপেটা ৯ হাজাৰ, হোজাই ৯ হাজাৰ, ওদালঘুৰি ৮৬০০ গৰাকী ।‘

এই লোকসকল এতিয়া অসমলৈ ঘূৰি আহিলে বহু কুৱাৰেন্টাইন কেম্পৰ প্ৰয়োজন হ’ব বুলি উল্লেখ কৰি মন্ত্ৰীগৰাকীয়ে লগতে কয় ‘এক বিস্তৃত কাম হাতত ল’ব লাগিব যদিহে ক’ৰ’নাৰ দ্বিতীয় ৱেভৰ পৰা ৰাজ্যখনক বচাবলগীয়া হয়। কিয়নো মহাৰাষ্ট্ৰ, তামিলনাডু, কৰ্ণাটক ইত্যাদি ৰাজ্যত ক’ৰ’নাৰ সংক্ৰমণ অৱ্যাহত আছে।‘

মন্ত্ৰীগৰাকীৰ মতে ‘৪ লাখ মানুহ পৰিয়ালৰ সৈতে আহিলে ১৫ লাখ হ’ব। বিশাল সংখ্যা এটা অসমলৈ ঘূৰি আহিলে কেনে এটা পৰিবেশৰ মুখ্যা মুখি হ’ব পাৰে বা কেনে প্ৰত্যাহ্বানৰ আমি সন্মুখীন হ’ব লাগিব।‘

আনহাতে, কেইদিনমান ধৰি চলি থকা চীনৰ পৰা অহা ৫০ হাজাৰ কিটৰ বিতৰ্ক সন্দৰভত মুখ খুলি সংবাদমেলত মন্ত্ৰীগৰাকীয়ে কয় ‘চীনৰ পৰা ৫০ হাজাৰ কীট অসমলৈ অহাৰ পাছত বহু লোকে এটা বাতৰি উলিয়ালে যে ডিআৰডিঅ’ত ভাৰতৰ মুঠ ৫০ হাজাৰ কিট ৰিজেক্ট হৈছে। ডিআৰডিঅ’ই অফিচিয়েলি কৈছে যে তেওঁলোকে তেনে কিট ৰিজেক্ট কৰা নাই। ডিআৰডিঅ’ই কেৱল টেষ্ট কৰা বুলিহে কৈছে।‘

‘টেষ্ট আৰু ৰিজেক্টৰ মাজত বহু পাৰ্থক্য আছে। ডাক্তৰ আৰু নাৰ্চৰ মাজত বৰ্তমান শংকাৰ পৰিৱেশৰ সৃষ্টি হৈছে।‘ হিমন্তই এইদৰে কয়।

অৱশ্যে বৰ্তমানলৈকে চীনৰ পৰা অহা কিটখিনি ব্যবহৃত হোৱা নাই বুলি সদৰী কৰি মন্ত্ৰীগৰাকীয়ে কয় ‘গুৱাহাটী কোনো এক গুডামতে সেই কিটখিনি ৰখা হৈছে। যেতিয়া প্ৰয়োজন হ’ব তেতিয়া টেষ্ট কৰি কিটখিনি ব্যৱহাৰ কৰা হ’ব। প্ৰয়োজনত টেষ্টৰ বাবে ডিআৰডিঅ’ লেবলৈ পঠিওৱা হ’ব।‘

ইপিনে, ইণ্ডিয়া টু-ডেত  চীনৰ কোম্পানীটোক বিল পৰিশোধ কৰা বুলি যি বাতৰি প্ৰকাশ পাইছিল তাৰ কোনো ভিত্তি নাই বুলি মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰাৰ লগতে বৰ্তমানলৈকে কোনোধৰণৰ বিল পৰিশোধ কৰা হোৱা নাই বুলি তেওঁ কয়।

অৱশ্যে চীনৰ পৰা অহা কিটখিনি ৰাজ্য চৰকাৰৰ ফালৰ পৰা ডাক্তৰ নাৰ্ছক পৰিধান কৰিবলৈ হেঁচা নিদিওঁ বুলি হিমন্তই উল্লেখ কৰাৰ লগতে কয় ‘তেওঁলোকেও চাই চিতি পৰীক্ষা কৰি কিটখিনি পৰিধান কৰিব।‘

আনহাতে, অসমৰ বাহিৰত চিকিৎসাধীন হৈ থকা কেঞ্চাৰ, বৃক্ক, হাৰ্ট আদি ৰোগৰ ৰোগীসকলৰ ভিতৰত বৰ্তমানলৈকে ৭২৫ গৰাকীলৈ ৰাজ্য চৰকাৰে ২৫ হাজাৰ টকাকৈ বেংক একাউন্টত জমা কৰি দিয়া বুলি তেওঁ সদৰী কৰে।

অৱশ্যে বৰ্তমানলৈকে বিভিন্ন জিলাৰ উপায়ুক্তসকলে ২০৮ খন আবেদন বৰ্তমানো পৰীক্ষা কৰি আছে বুলি মন্ত্ৰীগৰাকীয়ে কয়।

এতিয়াৰে পৰা চেম্পুল পৰীক্ষণৰ বাবে নাক আৰু ডিঙি উভয়ৰে পৰা চেম্পুল গ্ৰহণ কৰা হ’ব বুলি মন্ত্ৰীগৰাকীয়ে জানিবলৈ দিয়ে।

Tags: COVID-19
কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

চৰ্তবিহীন বিনামূলীয়া নামভৰ্তিৰ দাবীৰে এছ এফ আইৰ ডি এইচ ই ঘেৰাও : ৫০ শতাংশ নহয়, সম্পূৰ্ণ বিনামূলীয়া নামভৰ্তিৰ দাবী উত্থাপন

চৰ্তবিহীন বিনামূলীয়া নামভৰ্তিৰ দাবীৰে এছ এফ আইৰ ডি এইচ ই ঘেৰাও : ৫০ শতাংশ নহয়, সম্পূৰ্ণ বিনামূলীয়া নামভৰ্তিৰ দাবী উত্থাপন

August 17, 2026 9:30 pm
ইটালীৰ লুকাৰ্নিয়া চলচ্চিত্ৰ মহোৎসৱত অসম সন্তানৰ জয়যাত্ৰা: মহৰ্ষি তুহীন কাশ্যপলৈ সন্মানীয় ‘ফেলিনি’ বঁটা

ইটালীৰ লুকাৰ্নিয়া চলচ্চিত্ৰ মহোৎসৱত অসম সন্তানৰ জয়যাত্ৰা: মহৰ্ষি তুহীন কাশ্যপলৈ সন্মানীয় ‘ফেলিনি’ বঁটা

August 17, 2026 9:05 pm
ৰাষ্ট্ৰীয় ঘাইপথত ভয়ংকৰ পথ দুৰ্ঘটনা : জাগীৰোডত বাইকৰ মুখামুখি সংঘৰ্ষত দম্পতীৰ মৃত্যু

ৰাষ্ট্ৰীয় ঘাইপথত ভয়ংকৰ পথ দুৰ্ঘটনা : জাগীৰোডত বাইকৰ মুখামুখি সংঘৰ্ষত দম্পতীৰ মৃত্যু

August 17, 2026 8:35 pm
কিয় ১ কিলোমিটাৰলৈ কমাব বিচৰা হৈছে কাজিৰঙাৰ ইক’-ছেনচিটিভ জ’ন? ৰাইজৰ স্বাৰ্থ নে কয়লা ছিণ্ডিকেটক আইনী সুৰক্ষা?

কিয় ১ কিলোমিটাৰলৈ কমাব বিচৰা হৈছে কাজিৰঙাৰ ইক’-ছেনচিটিভ জ’ন? ৰাইজৰ স্বাৰ্থ নে কয়লা ছিণ্ডিকেটক আইনী সুৰক্ষা?

August 17, 2026 8:28 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

চৰ্তবিহীন বিনামূলীয়া নামভৰ্তিৰ দাবীৰে এছ এফ আইৰ ডি এইচ ই ঘেৰাও : ৫০ শতাংশ নহয়, সম্পূৰ্ণ বিনামূলীয়া নামভৰ্তিৰ দাবী উত্থাপন

চৰ্তবিহীন বিনামূলীয়া নামভৰ্তিৰ দাবীৰে এছ এফ আইৰ ডি এইচ ই ঘেৰাও : ৫০ শতাংশ নহয়, সম্পূৰ্ণ বিনামূলীয়া নামভৰ্তিৰ দাবী উত্থাপন

August 17, 2026 9:30 pm
ইটালীৰ লুকাৰ্নিয়া চলচ্চিত্ৰ মহোৎসৱত অসম সন্তানৰ জয়যাত্ৰা: মহৰ্ষি তুহীন কাশ্যপলৈ সন্মানীয় ‘ফেলিনি’ বঁটা

ইটালীৰ লুকাৰ্নিয়া চলচ্চিত্ৰ মহোৎসৱত অসম সন্তানৰ জয়যাত্ৰা: মহৰ্ষি তুহীন কাশ্যপলৈ সন্মানীয় ‘ফেলিনি’ বঁটা

August 17, 2026 9:05 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd