NORTHEAST NOW (Assamese)

বক্স অফিচত ধুমুহা : দুসপ্তাহত কিমান টকা উপাৰ্জন কৰিলে ‘দ্য কেৰেলা ষ্ট’ৰি’-এ ?‎

May 13, 2023 7:39 pm · এন ই নাও নিউজ, গুৱাহাটী

কেৰালা ষ্ট’ৰিয়েসমগ্ৰ দেশতে তোলপাৰ লগাইছে। সুদীপ্ত সেনৰ পৰিচালনাত আদা শৰ্মাৰ মুখ্য  অভিনয়ত এই ছবিখন দেশৰ বিভিন্ন ৰাজ্যৰ লগতে পশ্চিম বংগতো নিষিদ্ধ কৰা হৈছে।

কিন্তু এই সকলোবোৰৰ মাজতো বক্স অফিচৰ সংগ্ৰহত বিশেষ প্ৰভাৱ পৰা নাই। মুক্তিৰ পিছৰে পৰা এই ছবিখনে অভিলেখ সৃষ্টি কৰি আহিছে। আনকি ছলমান খান আৰু আমিৰ খানকো বক্স অফিচত পিছ পেলাইছে কেৰেলা ষ্ট’ৰিয়ে।

বৃহস্পতিবাৰে আমিৰ খান অভিনীত লাল সিং চাধা শীৰ্ষক চিনেমাখনো পিছ পেলাই দ্য কেৰেলা ষ্টৰীয়ে। আমিৰ খান অভিনীত ছবিখনে বক্স অফিচত উপাৰ্জন কৰিছিল ৬৯.৯২ কোটি টকা। কিন্তু  দ্য কেৰেলা ষ্ট’ৰীয়ে মাত্ৰ ৭ দিনতে এই সংখ্যা অতিক্ৰম কৰিলে।  ‘দ্য কেৰেলা ষ্টৰী-এ মুক্তিৰ পাছত সমগ্ৰ দেশতে মুঠ ৮১.৩৬ কোটি টকাৰ ব্যৱসায় কৰিবলৈ সক্ষম হৈছে।

বক্স অফিচ বিশেষজ্ঞ তৰণ আদৰ্শে টুইটাৰযোগে দাবী কৰে যে, ‘দ্য কেৰেলা ষ্টৰী-এ অতি সোনকালে ২০০ কোটি টকা উপাৰ্জন কৰিব। আনকি ২৫০ কোটি টকাৰ উপাৰ্জন কৰাটোও ছবিখনৰ বাবে বেছি টান নহব। এই ছবিখনৰ আয় প্ৰথম সপ্তাহতকৈ দ্বিতীয় সপ্তাহত অধিক বৃদ্ধি পাব।

উল্লেখ্য যে দৰ্শকৰ বাহিৰেও সমালোচকৰ মাজতো এই ছবিখনক লৈ যথেষ্ট চৰ্চা চলিছে। আনকি এই ছবিখনক কেন্দ্ৰ কৰি ৰাজনৈতিক মহলটোও উত্তপ্ত হৈ পৰিছে।

Related News