• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, August 14, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home দেশ

পৰিয়ালৰ বাবে কিমান ধন-সম্পত্তি এৰি গ’ল মহাৰাষ্ট্ৰৰ উপ-মুখ্যমন্ত্ৰী অজিত পাৱাৰে?

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
January 28, 2026 5:08 pm
608
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

মহাৰাষ্ট্ৰৰ ৰাজনীতিত এক শোকাকুল পৰিৱেশৰ সৃষ্টি কৰি এক বিমান দুৰ্ঘটনাত প্ৰাণ হেৰুৱালে ৰাজ্যখনৰ উপ-মুখ্যমন্ত্রী অজিত পাৱাৰে। জানিব পৰা মতে এটি লিয়েৰজেট ৪৫ মডেলৰ ভিটি-এছএছকে চাৰ্টাৰ্ড বিমানেৰে তেওঁ মুম্বাইৰ পৰা বাৰামতীলৈ গৈ আছিল। মুম্বাইৰ পৰা উৰা মৰা বম্বাৰ্ডিয়াৰ এৰোস্পেচ প্ৰতিষ্ঠানৰ এই বিমানখন বুধবাৰে পুৱা বাৰামতী বিমান বন্দৰত অৱতৰণ কৰাৰ সময়তে দুৰ্ঘটনাত পতিত হয় আৰু থিতাতে তেওঁৰ মৃত্যু ঘটে। এই খবৰ বিয়পি পৰাৰ লগে লগে সমগ্ৰ দেশৰ ৰাজনৈতিক মহলত শোকৰ ছাঁ পৰিছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ লগতে দেশৰ বহু জ্যেষ্ঠ নেতা আৰু মন্ত্ৰীয়ে এই মৃত্যুত গভীৰ শোক প্ৰকাশ কৰিছে।

অজিত পাৱাৰে তেওঁৰ পাছত এৰি থৈ গৈছে কোটি কোটি টকাৰ সম্পত্তি। নিৰ্বাচন আয়োগৰ ওচৰত দাখিল কৰা শেহতীয়া শপতনামা অনুসৰি তেওঁৰ মুঠ সম্পত্তিৰ পৰিমাণ আছিল প্ৰায় ১২৪ কোটি টকা। ইয়াৰ বিপৰীতে তেওঁৰ ধাৰ আছিল প্ৰায় ২১ কোটি ৩৯ লাখ টকা। ধাৰসমূহ বাদ দিলে তেওঁৰ সম্পত্তিৰ নিট মূল্য আছিল প্ৰায় ১০৩ কোটি ১৬ লাখ টকা।

Apply Now

শেহতীয়া তথ্য অনুসৰি ২০২৪ চনৰ মহাৰাষ্ট্ৰ বিধানসভা নিৰ্বাচনৰ পাছত তেওঁৰ স্থাবৰ আৰু অস্থাবৰ সম্পত্তিৰ পৰিমাণ যথেষ্ট বৃদ্ধি পাইছিল। বিশেষকৈ বিগত পাঁচ বছৰত তেওঁৰ ঘোষিত সম্পত্তিৰ পৰিমাণ প্ৰায় ১০ কোটি টকা বাঢ়িছিল।

অজিত পাৱাৰৰ নামত মুঠ চাৰিটা বাসগৃহ আছিল যাৰ মূল্য কেইবা কোটি টকা। ইয়াৰ উপৰিও তেওঁৰ পত্নী তথা ৰাজ্যসভাৰ সাংসদ সুনেত্ৰা পাৱাৰৰ নামতো আছে ২২ কোটি টকা মূল্যৰ চাৰিটা ফ্লেট। এই দম্পতীয়ে কেইবাখনো কৃষিভূমি আৰু অকৃষি ভূমিৰ মালিক আছিল যাৰ সামূহিক বজাৰ মূল্য ৫০ কোটি টকাতকৈও অধিক।

ইয়াৰ বাহিৰেও পাৱাৰ পৰিয়ালৰ এটা ব্যৱসায়িক ভৱন আছে যাৰ আনুমানিক মূল্য প্ৰায় ১১ কোটি টকা। কেৱল অট্টালিকা বা মাটিয়েই নহয় অজিত পাৱাৰৰ সম্পদৰ তালিকাত ট্ৰেক্টৰ, ফিক্সড ডিপজিট, বিভিন্ন কোম্পানীৰ শ্বেয়াৰ আৰু বণ্ডও অন্তৰ্ভুক্ত আছিল।

আনহাতে তেওঁৰ পত্নী সুনেত্ৰা পাৱাৰৰ নামতো বৃহৎ পৰিমাণৰ সম্পত্তি আছিল। ২০২৪ চনৰ বিধানসভা নিৰ্বাচনৰ সময়ত তেওঁৰ স্থাবৰ সম্পত্তিৰ পৰিমাণ আছিল ১৪ কোটি ৫০ লাখ টকা আৰু অস্থাবৰ সম্পত্তি আছিল ৫৮ কোটি ৪০ লাখ টকা। অৱশ্যে এই বিপুল পৰিমাণৰ সম্পত্তিৰ মালিকীস্বত্বক লৈ আদালতত একাধিক গোচৰো চলি আছিল।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

অসমীয়া প্ৰতিদিন কাকতক ন্যায়িক সকাহ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ : খাৰিজ হ’ল ১৬ বছৰ পুৰণি গোচৰ

অসমীয়া প্ৰতিদিন কাকতক ন্যায়িক সকাহ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ : খাৰিজ হ’ল ১৬ বছৰ পুৰণি গোচৰ

August 14, 2026 6:30 pm
বানপানীক লৈ মুখ্যমন্ত্ৰীক সাক্ষাৎ চিপিআই(এম)-ৰ : উজনিৰ বানক ৰাষ্ট্ৰীয় দুৰ্যোগ ঘোষণা কৰাৰ দাবী

বানপানীক লৈ মুখ্যমন্ত্ৰীক সাক্ষাৎ চিপিআই(এম)-ৰ : উজনিৰ বানক ৰাষ্ট্ৰীয় দুৰ্যোগ ঘোষণা কৰাৰ দাবী

August 14, 2026 5:30 pm
সুদীৰ্ঘ ৩৫ বছৰৰ অপেক্ষাৰ অন্ত! গ্ৰেপ্তাৰ ১৯৯১ চনৰ জম্মু ৰেল ষ্টেচন বিস্ফোৰণৰ মূল অভিযুক্ত

সুদীৰ্ঘ ৩৫ বছৰৰ অপেক্ষাৰ অন্ত! গ্ৰেপ্তাৰ ১৯৯১ চনৰ জম্মু ৰেল ষ্টেচন বিস্ফোৰণৰ মূল অভিযুক্ত

August 14, 2026 3:46 pm
‘ডিৰেক্টৰ অফ ক্ৰিকেট’ হ’বলৈ আগবাঢ়িছে ভিভিএছ লক্ষ্মণ; নতুন ভূমিকাত কি হ’ব তেওঁৰ দায়িত্ব?

‘ডিৰেক্টৰ অফ ক্ৰিকেট’ হ’বলৈ আগবাঢ়িছে ভিভিএছ লক্ষ্মণ; নতুন ভূমিকাত কি হ’ব তেওঁৰ দায়িত্ব?

August 14, 2026 2:44 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

অসমীয়া প্ৰতিদিন কাকতক ন্যায়িক সকাহ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ : খাৰিজ হ’ল ১৬ বছৰ পুৰণি গোচৰ

অসমীয়া প্ৰতিদিন কাকতক ন্যায়িক সকাহ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ : খাৰিজ হ’ল ১৬ বছৰ পুৰণি গোচৰ

August 14, 2026 6:30 pm
বানপানীক লৈ মুখ্যমন্ত্ৰীক সাক্ষাৎ চিপিআই(এম)-ৰ : উজনিৰ বানক ৰাষ্ট্ৰীয় দুৰ্যোগ ঘোষণা কৰাৰ দাবী

বানপানীক লৈ মুখ্যমন্ত্ৰীক সাক্ষাৎ চিপিআই(এম)-ৰ : উজনিৰ বানক ৰাষ্ট্ৰীয় দুৰ্যোগ ঘোষণা কৰাৰ দাবী

August 14, 2026 5:30 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd