NORTHEAST NOW (Assamese)

ঋত্বিক ৰোশন বিশ্বৰ শুৱনি পুৰুষৰ তালিকাৰ শীৰ্ষস্থানত

August 17, 2019 4:38 pm · এন ই নাও নিউজ
Hrithik Roshan

ভাৰতীয় নাৰীৰ সৌন্দৰ্য্যই ধাৰাবাহিকভাৱে বিশ্বৰ সৌন্দৰ্য্য প্ৰতিযোগিতাবোৰত শীৰ্ষস্থান পাই অহাৰ পিছত এইবাৰ ভাৰতীয় পুৰুষত্বক “অতুল” গৌৰৱৰ অধিকাৰী কৰিছে ঋত্বিক ৰোশনে।

আমেৰিকাৰ এটা এজেন্সিয়ে অভিনেতাজনক বিশ্বৰ আটাইতকৈ শুৱনি পুৰুষৰ তালিকাত শীৰ্ষস্থান দিছে। এই বাছনি প্ৰক্ৰিয়াত ঋত্বিকে সৰ্বাধিক ভোট পোৱা বুলি সূত্ৰটোত প্ৰকাশ।

আটিল, গ্ৰীক উপাখ্যানত বৰ্ণিত দেৱতাৰ দৰে সুগঢ়িত শৰীৰ, পীতবৰণৰ চকুৰে বলিউদৰ জনপ্ৰিয় অভিনেতাজনৰ সামগ্ৰিক সৌন্দৰ্য্যৰ ওচৰত তল পৰিল ডেভিড বেকহাম, ক্ৰিছ এভানছ আৰু ৰবাৰ্ট পেটিনছন আৰু ওমৰ বৰকান আল গালাৰ শাৰীৰিক সুষমা।

অৱশ্যে এটা সূত্ৰই জনোৱামতে, যোৱা আগষ্ট মাহত আন এটা সমীক্ষাতো ঋত্বিকে বিশ্বৰ শুৱনি পুৰুষসকলৰ মাজত স্থান লাভ কৰিছিল।

অলপতে মুক্তি পোৱা তেওঁৰ ছুপাৰ-৩০ নামৰ ছবিখন ছবিঘৰত সফলতাৰে চলি থকাৰ সময়তে ঋত্বিকৰ এই নতুন খ্যাতিয়ে অধিক অনুৰাগীৰ সৃষ্টি কৰাৰ লগতে বলিউডত তেওঁৰ সফলতাক নতুন মাত্ৰা দিব পাৰে।

তেওঁৰ পৰৱৰ্তী ছবি “ৱাৰ”ৰ বাবে ই এটা আগতীয়া “শক্তিবৰ্ধক” হিচাপে কাম কৰিব পাৰে।

Related News