আজিও চিকিৎসকক ভগৱানৰ পাছতেই স্থান দি আহিছে সৰ্বসাধাৰণ মানুহে ৷ কিন্তু তাৰপাছতো অজুহাত উলিয়াই চিকিৎসকৰ ওপৰত নৃশংস আক্ৰমণ চলাবলৈ কুণ্ঠাবোধ নকৰা হৈছে একাংশ লোকে।
মঙ্গলবাৰে হোজাইত এচাম বৰ্বৰলোকে এগৰাকী চিকিৎসকক অচম্বিতে কৰা গণ আক্ৰমণৰ দৰে নিকৃষ্ট পাশৱিক ঘটনাক তীব্র ভাবে গৰিহণা দিছে ৰাষ্ট্ৰীয় পৰ্যায়ৰ অন্ধবিশ্বাস বিৰোধী নেতা তথা সততে গণ নিগ্ৰহৰ বিৰুদ্ধে আপোচবিহীনভাবে মাত মাতি অহা বিশিষ্ট মানৱ অধিকাৰ তথা সমাজকর্মী ডঃ দিব্যজ্যোতি শইকীয়াই।
ড০ শইকীয়াই সাংবাদিকক ঘটনা সন্দৰ্ভত কয় যে, এইটো এটা ম’ব লিংচিংৰ ঘটনা। এনে ম’ব লিংচিং ৰোধৰ বাবে দেশত কঠোৰ আইন বলবৎ কৰাৰ প্ৰয়োজন আহি পৰিছে।
কেন্দ্ৰীয়ভাবে নহ’লেও ৰাজ্যিক পৰ্যায়ত অসম চৰকাৰে এনে ম’ব লিংচিঙৰ বিৰুদ্ধে কঠোৰ আইন প্ৰণয়ন কৰিব লাগে বুলি দাবী উত্থাপন কৰে মানৱ অধিকাৰ কৰ্মীগৰাকীয়ে।
তেওঁ এনে আক্ৰমণকাৰীৰ বিৰুদ্ধে কঠোৰ শাস্তি প্ৰদানৰ পোষকতা কৰে যাতে ভৱিষ্যতে কোনোৱে এনেধৰণৰ মানৱতাক লজ্জিত কৰা ঘটনা সংঘটিত কৰিবলৈ সাহস নকৰে।
ক’ভিড পৰিস্থিতিৰ সময়ছোৱাত চিকিৎসকসকলে নিজৰ জীৱনকো তুচ্ছ কৰি মানৱ সেৱাত নিয়োজিত হৈ থকাৰ সময়তে একাংশ উন্মাদ লোকৰ আক্ৰমণৰ বলি হ’বলগীয়া হৈছে এগৰাকী তৰুণ চিকিৎসক। ড০ শইকীয়াই এয়া অত্যন্ত দুৰ্ভাগ্যজনক বুলি অভিহিত কৰে।
মানৱ অধিকাৰ তথা সমাজকৰ্মীগৰাকীয়ে লগতে অসমত দলৱদ্ধ আক্ৰমণৰ প্ৰৱণতা বৃদ্ধি পোৱাৰ ঘটনাত উদ্বিগ্নতা প্ৰকাশ কৰে।