• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, July 28, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

বংগ গৌৰৱ সন্মানেৰে সন্মানিত ৰাষ্ট্ৰীয় পৰ্যায়ৰ মানৱ অধিকাৰ তথা সমাজ কৰ্মী ডঃ দিব্যজ্যোতি শইকীয়া

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
September 25, 2023 12:55 pm
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

কলকাতাত ৱৰ্ল্ড বুক অৱ ষ্টাৰ ৰেকৰ্ডছ আৰু অলটাৰনেটিভ মেডিচিন ডেভেলপমেণ্ট ইনষ্টিটিউট অৱ ইণ্ডিয়াৰ উদ্যোগত আয়োজিত ৰাষ্ট্ৰীয় বঁটা প্ৰদান অনুষ্ঠানত দেশৰ আগশাৰীৰ বিশিষ্ট যুক্তিবাদী, অন্ধবিশ্বাস বিৰোধী নেতা, ৰাষ্ট্ৰীয় পৰ্যায়ৰ মানৱ অধিকাৰ তথা সমাজ কৰ্মী ডঃ দিব্যজ্যোতি শইকীয়াক দেওবাৰে বংগ গৌৰৱ সন্মানেৰে সন্মানিত কৰা হয়।

মানৱতা আৰু মানৱ অধিকাৰৰ ক্ষেত্ৰত তেওঁৰ অসাধাৰণ কামৰ স্বীকৃতি স্বৰূপে এই বঁটা প্ৰদান কৰা হয়। কলকাতাৰ হোটেল তাজত অনুষ্ঠিত এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত তেওঁক উক্ত বঁটা প্ৰদান কৰা হয়। বঁটাৰ অংশ হিচাপে তেওঁক ট্ৰফী, প্ৰমাণ পত্ৰ, স্মৃতিচাৰণ চাদৰ আৰু ফুলৰ থোপা প্ৰদান কৰা হয়।

দেশৰ বিভিন্ন পটভূমিত যিসকল লোকে নিজ নিজ ক্ষেত্ৰত ব্যতিক্ৰমী প্ৰতিভাৰে দেশ আৰু সমাজলৈ সেৱা আগবঢ়াই আহিছে তেওঁলোকক এই বঁটা প্ৰদান কৰা হয়। উক্ত অনুষ্ঠানত বিশেষ অতিথি হিচাপে উপস্থিত থাকে নেতাজী সুভাষ চন্দ্ৰ বসুৰ নাতি চন্দ্ৰ কুমাৰ বসু , সামাজিক সাংস্কৃতিক কৰ্মী প্ৰদীপ ঘোষ, পদ্মশ্ৰী নিৰঞ্জন গোস্বামীকে আদি কৰি পশ্চিম বংগৰ বহু গণ্যমান্য লোক।

Apply Now

এই সন্মানীয় বঁটা প্ৰদান অনুষ্ঠানৰ সমন্বয়ক ড. ৰাজেছ পালে কয় যে এই ৰাষ্ট্ৰীয় পৰ্যায়ৰ অনুষ্ঠানৰ মূল উদ্দেশ্য হৈছে বাংলা সংস্কৃতিৰ প্ৰসাৰ প্ৰচাৰ কৰা আৰু ভাৰতবৰ্ষৰ ভিন্ন ক্ষেত্ৰৰ অসাধাৰণ প্ৰতিভাক সন্মান জনোৱা, যিয়ে আমাৰ দেশৰ সপোনক উত্তম ৰূপত পূৰণ কৰিব।

উল্লেখ্য যে ডঃ দিব্যজ্যোতি শইকীয়াই বিগত দুটা দশকতকৈ অধিককাল মানৱতা,  মানৱ অধিকাৰ, শান্তি ,প্ৰকৃত জীৱনভিত্তিক শিক্ষাৰ প্ৰতি সচেতনতা বৃদ্ধিৰ বাবে কাম কৰি আহিছে।

১৯৯৯ চনৰ পৰা  বিশিষ্ট মানৱ অধিকাৰ তথা সমাজ কৰ্মী ডঃ শইকীয়াই মানৱ সমাজৰ হকে কাম কৰি অহাৰ লগতে ২০০৮ চনৰ পৰা ডাইনী কাণ্ড ৰোধৰ হেতু  অন্ধবিশ্বাসৰ বিৰুদ্ধে কাম কৰি অসমত ডাইনী কাণ্ড ৰোধৰ বাবে আইন বলৱতৰ হকে যুজঁ দি সফলতাৰে  ইতিহাস ৰচনা  কৰে।

তেওঁ অসম, অৰুণাচল প্ৰদেশ, মণিপুৰ, মধ্যপ্ৰদেশ, ছত্তীশগড় আৰু মহাৰাষ্ট্ৰৰ জনজাতিসমূহৰ মাজত ভ্ৰমণ কৰি অন্ধবিশ্বাস আৰু অশুভ সংস্কাৰৰ বিৰুদ্ধে সজাগতা সৃষ্টি কৰি আহিছে।

তেওঁ এতিয়ালৈকে ডঃ ভূপেন হাজৰিকা ৰাষ্ট্ৰীয় শান্তি বঁটা, মৌলানা আজাদ ৰাষ্ট্ৰীয় বঁটা, নেলছন মেণ্ডেলা ৰাষ্ট্ৰীয় বঁটা, বাবু জগজীৱনৰাম স্মৃতি সন্মান ৰাষ্ট্ৰীয় বঁটা, ভাৰতীয় সূৰ্য্য বঁটা, তিলকা মাঞ্জী ৰাষ্ট্ৰীয় বঁটা, ৰাষ্ট্ৰীয় গৌৰৱ আইকন বঁটা, বীৰ আব্দুল হামিদ কৰোনা যোদ্ধা বঁটা, ৰাজীৱ গান্ধী ৰাষ্ট্ৰীয় স্মাৰক বঁটাকে আদি কৰি শতাধিক ৰাষ্ট্ৰীয় আৰু আন্তৰাষ্ট্ৰীয় বঁটা  লাভ কৰিছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ষ্টেট কেন্সাৰ ইনষ্টিটিউট, গুৱাহাটীত অস্বাভাৱিক হাৰত বৃদ্ধি মাচুল: ২০০ টকাৰ বিচনাৰ ভাড়া হ’ল ১৬০০ টকা

ষ্টেট কেন্সাৰ ইনষ্টিটিউট, গুৱাহাটীত অস্বাভাৱিক হাৰত বৃদ্ধি মাচুল: ২০০ টকাৰ বিচনাৰ ভাড়া হ’ল ১৬০০ টকা

July 28, 2026 1:20 pm
অসমত বানৰ ভয়াৱহ প্ৰভাৱ: ক্ষতিগ্ৰস্ত ৮৮ হাজাৰৰো অধিক পশুধন

অসমত বানৰ ভয়াৱহ প্ৰভাৱ: ক্ষতিগ্ৰস্ত ৮৮ হাজাৰৰো অধিক পশুধন

July 28, 2026 11:51 am
শ্ৰমিকৰ জীৱনক লৈ হেতালি খেলাৰ ভয়ংকৰ পৰিণতি! স্বত্বাধিকাৰীসহ পাঁচজনক গ্ৰেপ্তাৰ আৰক্ষীৰ

শ্ৰমিকৰ জীৱনক লৈ হেতালি খেলাৰ ভয়ংকৰ পৰিণতি! স্বত্বাধিকাৰীসহ পাঁচজনক গ্ৰেপ্তাৰ আৰক্ষীৰ

July 28, 2026 11:20 am
নিট প্ৰতিবাদকাৰীৰ বিৰুদ্ধে ৰুজু হোৱা সকলো গোচৰ প্ৰত্যাহাৰৰ সিদ্ধান্ত অসম চৰকাৰৰ

নিট প্ৰতিবাদকাৰীৰ বিৰুদ্ধে ৰুজু হোৱা সকলো গোচৰ প্ৰত্যাহাৰৰ সিদ্ধান্ত অসম চৰকাৰৰ

July 28, 2026 9:59 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ষ্টেট কেন্সাৰ ইনষ্টিটিউট, গুৱাহাটীত অস্বাভাৱিক হাৰত বৃদ্ধি মাচুল: ২০০ টকাৰ বিচনাৰ ভাড়া হ’ল ১৬০০ টকা

ষ্টেট কেন্সাৰ ইনষ্টিটিউট, গুৱাহাটীত অস্বাভাৱিক হাৰত বৃদ্ধি মাচুল: ২০০ টকাৰ বিচনাৰ ভাড়া হ’ল ১৬০০ টকা

July 28, 2026 1:20 pm
অসমত বানৰ ভয়াৱহ প্ৰভাৱ: ক্ষতিগ্ৰস্ত ৮৮ হাজাৰৰো অধিক পশুধন

অসমত বানৰ ভয়াৱহ প্ৰভাৱ: ক্ষতিগ্ৰস্ত ৮৮ হাজাৰৰো অধিক পশুধন

July 28, 2026 11:51 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd