• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, July 15, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

নৰবলি! বিদ্যালয়ৰ সন্মান পুনৰ ঘূৰাই অনাৰ বাবে দ্বিতীয় শ্ৰেণীৰ ছাত্ৰৰ বলি, ৫জনক গ্ৰেপ্তাৰ

নৰ্থ ইষ্ট নাও, গুৱাহাটী by নৰ্থ ইষ্ট নাও, গুৱাহাটী
September 27, 2024 2:27 pm
210
VIEWS
Share on FacebookShare on Twitter

যোগী আদিত্যনাথৰ উত্তৰ প্ৰদেশত আন এক নৰকীয় ঘটনা সংঘটিত হৈছে। কেৱল অন্ধবিশ্বাসৰ বাবেই হত্যা কৰা হ’ল দ্বিতীয় শ্ৰেণীৰ এজন ছাত্ৰক। আৰক্ষীৰ মতে, বিদ্যালয়খনৰ উন্নতিৰ আশাত নাবালকজনক বলিদান দিয়া হৈছিল। মূল অভিযুক্ত হৈছে ব্যক্তিগত বিদ্যালয়খনৰ পৰিচালক, তেওঁৰ পিতৃ আৰু তিনিজন শিক্ষক। পাঁচোজনক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে।

উত্তৰ প্ৰদেশৰ হাথৰছত সংঘটিত হৈছে এই ঘটনা। আৰক্ষীয়ে জনোৱা মতে, হাথৰাছৰ ৰাছগাও অঞ্চলৰ ডি এল পাব্লিক স্কুলৰ পৰিচালক, পিতৃ আৰু তিনিজন শিক্ষকে বিদ্যালয়খনৰ উন্নতিৰ বাবেই এই হত্যাকাণ্ডৰ পৰিকল্পনা কৰিছিল। আচলতে ব্যক্তিগত বিদ্যালয়খন যথেষ্ট সময় ধৰি লোকচানত চলি আছিল। বিদ্যালয় পৰিচালকৰ পিতৃয়ে ‘ক’লা যাদু’ কৰে। মূলতঃ নৰবলিৰ পৰিকল্পনা কৰাজনেই তেওঁ। তেওঁৰ বিশ্বাস আছিল যে এটা সন্তানক ঈশ্বৰৰ ওচৰত উৎসৰ্গা কৰিলে স্কুলৰ নাম আৰু যশ দুয়োটাই ঘূৰি আহিব।

আৰক্ষীৰ মতে, ছেপ্টেম্বৰ মাহত বিদ্যালয়ৰ হোষ্টেলৰ পৰা শিশুটিক বলি দিয়াৰ কেইবাবাৰো চেষ্টা কৰা হৈছিল। ৬ ছেপ্টেম্বৰত প্ৰথম বলিদানৰ চেষ্টা কৰা হৈছিল। কিন্তু শিশুটিক হত্যা কৰাৰ পৰিকল্পনা কৰে যদিও হোষ্টেলৰ কোঠাৰ এলাৰ্মটো জ্বলাই দিয়ে। পৰিকল্পনা বিফল হয়। ২২ ছেপ্টেম্বৰত পুনৰ হত্যাৰ চেষ্টা চলোৱা হয়। পিছদিনা ৰাতিপুৱা শিশুটিৰ বিচনাত নিথৰ হৈ থকা মৃতদেহ উদ্ধাৰ হয়। মৃত শিশুটিৰ পিতৃয়ে জনোৱা মতে, তেওঁলোকৰ সন্তানটো গুৰুতৰভাৱে অসুস্থ বুলি হোষ্টেলৰ পৰা ফোন আহিছিল। চিকিৎসালয়লৈ লৈ যোৱা হৈছে। লগে লগে শিশুটিৰ দেউতাক স্কুললৈ গ’ল। জানিব পৰা মতে শিশুটিক চিকিৎসালয়লৈ লৈ যোৱা হৈছে। অৱশেষত শিশুটিৰ পিতৃয়ে ততাতৈয়াকৈ চিকিৎসালয়লৈ গৈ অভিযুক্তৰ গাড়ীত পৰি থকা শিশুটিৰ মৃতদেহ দেখে৷

তদন্তত আৰক্ষীয়ে বিদ্যালয় চৌহদৰ পৰা ক’লা যাদু আৰু বলিদানৰ সামগ্ৰী উদ্ধাৰ কৰে। জনা যায় যে বিদ্যালয়ৰ পৰিচালকৰ পিতৃয়ে তন্ত্ৰ আৰু ক’লা যাদুৰ অভ্যাস কৰে। তেতিয়াহে গোটেই কথাটো স্পষ্ট হৈ পৰে। সমগ্ৰ ঘটনাৰ লগত জড়িত থকাৰ বাবে হাথৰাছ আৰক্ষীয়ে বিদ্যালয়খনৰ ৩ গৰাকী শিক্ষক, পৰিচালক আৰু তেওঁৰ পিতৃক গ্ৰেপ্তাৰ কৰিছে। হাথৰাছৰ আৰক্ষী অধীক্ষক নিপুন আগৰৱালে কয় যে, এই গোচৰৰ সৈতে আন কোনো লোক জড়িত হ’লে তদন্ত কৰা হ’ব।

Recent News

১৮ দিনীয়া মহাকাশ অভিযানৰ অন্ত! নৰলোকলৈ উভটি আহিল শুভাংশু শুক্লা

১৮ দিনীয়া মহাকাশ অভিযানৰ অন্ত! নৰলোকলৈ উভটি আহিল শুভাংশু শুক্লা

শোকাবহ! আত্মহ*ত্যাৰ চেষ্টা; অৱশেষত মৃত্যুক আঁকোৱলি ল’লে ADC ত্ৰিদীপ কোঁৱৰে

শোকাবহ! আত্মহ*ত্যাৰ চেষ্টা; অৱশেষত মৃত্যুক আঁকোৱলি ল’লে ADC ত্ৰিদীপ কোঁৱৰে

খৰাংত সৰ্বস্বান্ত কৃষক! অসমৰ জলসিঞ্চনক লৈ চৰকাৰক তীব্ৰ সমালোচনা অসম জাতীয় পৰিষদৰ

খৰাংত সৰ্বস্বান্ত কৃষক! অসমৰ জলসিঞ্চনক লৈ চৰকাৰক তীব্ৰ সমালোচনা অসম জাতীয় পৰিষদৰ

গোৱালপাৰাৰ সুৰক্ষাসিনী গাঁৱত ভূমি জৰীপৰ মাজতে গাওঁবাসীৰ মনত উচ্ছেদৰ ভয়ে সৃষ্টি কৰিছে আতংকৰ

গোৱালপাৰাৰ সুৰক্ষাসিনী গাঁৱত ভূমি জৰীপৰ মাজতে গাওঁবাসীৰ মনত উচ্ছেদৰ ভয়ে সৃষ্টি কৰিছে আতংকৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd