হাংগেৰীৰ লেখক লাচ্লো ক্ৰাছনাহৰ্কাই (László Krasznáhorkai) ২০২৫ চনৰ সাহিত্যৰ নোবেল বঁটা লাভ কৰিছে। তেওঁক এই বঁটা প্ৰদান কৰা হয় “তেওঁৰ অদম্য আৰু দূৰদৰ্শী কামৰ বাবে, যিয়ে বিপৰ্যয়ৰ ভয়ৰ মাজতো শিল্পৰ শক্তিক পুনৰ দৃঢ় কৰে।”
১৯৫৪ চনত ৰোমানিয়াৰ সীমান্তৰ ওচৰৰ দক্ষিণ-পূব হাংগেৰীৰ জিউলা নামৰ সৰু চহৰখনত জন্মগ্ৰহণ কৰে লেখক লাছলো ক্ৰাছনাহৰ্কাই।
একেধৰণৰ এটা অত্যন্ত দুৰ্গম গ্ৰাম্য অঞ্চলেই হৈছে ক্ৰাছনাহৰ্কাইৰ প্ৰথমখন উপন্যাস ছাটান্টাংগো (প্ৰথম প্ৰকাশ ১৯৮৫ চনত)ৰ পটভূমি। উপন্যাসখনে হাংগেৰীৰ সাহিত্য জগতত আলোড়নৰ সৃষ্টি কৰিছিল। এই উপন্যাসখনে লেখকৰ কালজয়ী ৰচনা হিচাপে স্বীকৃতি লাভ কৰিছে।
লাচ্লো ক্ৰাছনাহৰ্কাই মধ্য ইউৰোপীয় পৰম্পৰাৰ এগৰাকী মহাকাব্যিক লেখক। এই ধাৰাৰ এগৰাকী সুপৰিচিত লেখক হৈছে কাফকা ।
লাচ্লো ক্ৰাছনাহৰ্কাইৰ লেখন শৈলীত এটা উদ্ভট ঠাঁচ আছে। নোবেল কমিটীয়ে তেওঁক “এগৰাকী চিন্তাশীল, সুক্ষ্মভাৱে পৰিশীলিত কণ্ঠৰ লেখক” বুলি অভিহিত কৰিছে।





