• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Wednesday, July 16, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

মৰিগাঁৱত শিশু শ্ৰমিকক গছত বান্ধি প্ৰহাৰ শিক্ষা বিষয়াৰ স্বামীৰ : শাস্তিৰ দাবী স্বেচ্ছাসেৱী সংগঠনৰ

চানু গগৈ by চানু গগৈ
November 22, 2020 7:31 am
index
3k
VIEWS
Share on FacebookShare on Twitter

মৰিগাঁৱত সংঘটিত হোৱা এক পাশবিক অমানৱীয় তথা ভয়ানক কাণ্ডই জিলাখনত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰাৰ লগতে লজ্জানত কৰিছে সচেতন মহলক।

যি সময়ত চৰকাৰে শিশুসকলৰ সামগ্ৰিক বিকাশৰ বাবে বিভিন্ন আইন প্ৰনয়ণ কৰাৰ লগতে শিশু শ্ৰমিকক নিয়োগ কৰাটো দণ্ডনীয় অপৰাধ বুলি ঘোষণা কৰিছে সেই সময়ত কাৰ্যতঃ এছাম তথাকথিত ভদ্ৰতাৰ মুখা পিন্ধা লোকে এই আইনক ভেঙুচালি কৰি মানৱ সমাজৰ আগত নিজৰ উলংগ স্বৰূপ পদৰ্শন কৰি আহিছে।

তেনে এক অমানৱীয় হ্নদয় বিদাৰক ঘটনা সংঘটিত হৈছে মৰিগাঁৱৰ এগৰাকী ভদ্ৰলোকৰ ঘৰত।

দুই হাত বান্ধি উপৰ্যপৰি প্ৰহাৰ কৰিছে ঘৰত বন কৰিবলৈ অনা কিশোৰৰ ওপৰত। গছত শিকলিৰে বান্ধি শোধাইছে প্ৰচণ্ড মাৰ-পিট। ঘটনা সংক্ৰান্তত প্ৰাপ্ত তথ্যমতে মৰিগাঁৱৰ এগৰাকী শিক্ষা বিষয়াৰ ঘৰত সংঘটিত হৈছে এই ভয়ানক তথা অ-মানৱীয় কাণ্ড। বিষয়া গৰাকীৰ স্বামীয়ে ১৩ বছৰীয়া শিশুক শিকলিৰে বান্ধি লৈ মাৰপিট কৰা অভিযোগ উঠিছে।

সাংবাদিকৰ গোপন কেমেৰাত বন্দী হৈ ৰৈছে তথাকথিত ভদ্ৰ লোকৰ এই অমানৱীয় দৃশ্যাংশ। মৰিগাঁও নগৰৰ বিহাৰীপট্টিত শিশুটিক হাতত বান্ধি এজোপা বকুল গছৰ তলত উপৰ্যুপৰি প্ৰহাৰ কৰা দৃশ্য বন্দী হৈছে ভিডিঅ’ত।

মৰিগাঁও জিলাৰ ভুৰবন্ধা প্ৰাথমিক শিক্ষা খণ্ডৰ শিক্ষা বিষয়া নিৰু বৰাৰ স্বামী বীৰেন বৰাই এই অমানবীয় কাৰ্য সংঘটিত কৰিছে বুলি ৰাজহুৱা অভিযোগ উঠিছে।

ধেমাজী জিলাৰ দক্ষিণপুৰৰ এই মিচিং শিশুটিক পঢ়োৱাবৰ বাবে বিগত লক ডাউনৰ সময়তে লৈ অনা হৈছিল। কিন্তু দুৰ্ভাগ্যজনক যে পঢ়াবলৈ অনা ঘৰুৱা কাম কাজত তেঁওলোকে শিশুটিক নিয়োগ কৰাৰ উপৰিও সাধাৰণ কথাতে শিক্ষা বিষয়াগৰাকীৰ স্বামীয়ে পাশৱিকভাৱে শাৰীৰিক নিৰ্যাতন কৰাৰ অভিযোগ উঠিছে।

সম্প্ৰতি গুৰুতৰভাৱে আহত শিশুটিক চিকিৎসাৰ বাবে অঞ্চলটোৰ কেইগৰাকীমান হ্নদয়ৱান লোকে চিকিৎসালয়ত ভৰ্ত্তি কৰিছে। আৰু অভিযুক্ত লোকজনৰ বিৰুদ্ধে মৰিগাঁও সদৰ আৰক্ষী থানাত এক এজাহাৰ দাখিল কৰিছে বুলিও জানিব পৰা গৈছে।

এনে জঘন্য ঘটনা সংঘটিত কৰা ঘটনাক জিলাখনৰ বহু কইটা স্বেচ্ছাসেৱী সংগঠনৰ লগতে মৰিগঞা ৰাইজেও তীব্ৰ ভাষাৰে গৰিহণা দিয়াৰ লগতে অভিযুক্তকাৰীক নজিৰবিহীন শাস্তি প্ৰদান কৰিবলৈ জিলা প্ৰশাসনক দাবী জনাইছে।

স্নতৰ্ব্য যে ১৩ বছৰীয়া এগৰাকী শিশুক পঢ়াবলৈ আনি ঘৰুৱা বন কৰা শ্ৰমিক হিচাপে এনেদৰে নিয়োজিত কৰি শাৰিৰীক অত্যাচাৰ চলোৱা শিক্ষিত লোকসকলৰ বিৰুদ্ধে মৰিগাঁও জিলা আৰক্ষী প্ৰশাসন তথা চৰকাৰে কি ব্যৱস্থা গ্ৰহণ কৰিব সেইয়া সময়তহে লক্ষণীয় হ’ব।

Recent News

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ কাৰ্যকালত অসমত উচ্ছেদ কৰা হৈছে ১২ হাজাৰ হেক্টৰৰো অধিক ভূমি

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ কাৰ্যকালত অসমত উচ্ছেদ কৰা হৈছে ১২ হাজাৰ হেক্টৰৰো অধিক ভূমি

প্ৰেমৰ প্ৰতি সমৰ্পণ! প্ৰেমিকাৰ IPS হোৱাৰ স্বপ্ন পূৰণৰ বাবে ১২১ লিটাৰ গংগাজল লৈ ২২০ কিলোমিটাৰ খোজ কাঢ়িলে প্ৰেমিকে

প্ৰেমৰ প্ৰতি সমৰ্পণ! প্ৰেমিকাৰ IPS হোৱাৰ স্বপ্ন পূৰণৰ বাবে ১২১ লিটাৰ গংগাজল লৈ ২২০ কিলোমিটাৰ খোজ কাঢ়িলে প্ৰেমিকে

১৭ জুলাইত ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে প্ৰদান কৰিব ২০২৫ত সন্মানীয় স্বচ্ছ সৰ্বেক্ষণ ২০২৪-২৫ বঁটা

১৭ জুলাইত ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে প্ৰদান কৰিব ২০২৫ত সন্মানীয় স্বচ্ছ সৰ্বেক্ষণ ২০২৪-২৫ বঁটা

জাপানীজ এনকেফেলাইটিছ ৰোগ নিয়ন্ত্ৰণত চৰকাৰ ব্যৰ্থ হৈছে, স্বাস্থ্য মন্ত্ৰীয়ে পদত্যাগ কৰক : আপ

জাপানীজ এনকেফেলাইটিছ ৰোগ নিয়ন্ত্ৰণত চৰকাৰ ব্যৰ্থ হৈছে, স্বাস্থ্য মন্ত্ৰীয়ে পদত্যাগ কৰক : আপ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd