NORTHEAST NOW (Assamese)

অহা ২০২২’ ত হ’বলগীয়া মণিপুৰ বিধানসভাৰ নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিব মেৰীকমৰ স্বামীয়ে

October 31, 2021 11:04 am · এন ই নাও নিউজ, ইম্ফল

Husband of Mary Kom to contest elections অহা বছৰ অনুষ্ঠিত হ’বলগীয়া মণিপুৰ বিধানসভাৰ নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিব বক্সিঙৰ বিশ্ব চেম্পিয়ন এম চি মেৰীকমৰ স্বামী কে অনখোলাৰে। শনিবাৰে এখন ৰাজহুৱা সভাত অনখোলাৰে নিজেই এই সিদ্ধান্তৰ কথা ঘোষণা কৰে।

তেওঁ আগন্তুক মণিপুৰ বিধানসভাৰ নিৰ্বাচনত চুড়াচান্দপুৰ জিলাৰ ছৈকট সমষ্টিৰ পৰা প্ৰতিদ্বন্দ্বিতা আগবঢ়াব।

‘’সমষ্টিটোৰ সামগ্ৰিক উন্নয়নৰ বাবে এতিয়াও বহু কাম কৰিবলগীয়া আছে,’’- মণিপুৰ বিধানসভাৰ নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰাৰ কথা ঘোষণা কৰাৰ পাছত অনখোলাৰে কয়।

অৱশ্যে, অনখোলাৰে আগন্তুক মণিপুৰ বিধানসভাৰ নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰাৰ কথা ঘোষণা কৰিছে যদিও তেওঁ এতিয়াও কোনটো দলত যোগদান কৰিব সেয়া ঘোষণা কৰা নাই।

Also Read: Australia lost its Glory আন্তৰ্জাতিক টী-২০ ক্ৰিকেটত অষ্ট্ৰেলিয়াৰ লজ্জাজনক অভিলেখ; পাৰিবনে পাহৰিব?

অনখোলাৰে এগৰাকী নিৰ্দলীয় প্ৰাৰ্থী হিচাপে নিৰ্বাচনৰ প্ৰতিদ্বন্দ্বিতা কৰাৰ পূৰ্ণ সম্ভাৱনা আছে।

বাতৰিসমূহৰ মতে অনখোলাৰে নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিবৰ বাবে বিজেপিৰ প্ৰাৰ্থিত্ব আশা কৰি আছে।

ৰাজ্যখনৰ ছৈকট সমষ্টিটোৰ পৰা বৰ্তমান বিধায়ক হৈ আছে জ্যেষ্ঠ কংগ্ৰেছ নেতা টি এন হাওকিপ। 

Related News