• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, July 6, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

‘ৰাজহুৱা বুদ্ধিজীৱী বুলি মোক আক্ৰমণ কৰা হয়’: কিয় এইদৰে ক’লে ড° হীৰেন গোহাঁয়ে!

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
January 9, 2023 7:01 pm
Hiren Gohain
145
VIEWS
Share on FacebookShare on Twitter

এজন ৰাজহুৱা বুদ্ধিজীৱী বুলি মোক আক্ৰমণ কৰা হয়। একাংশ লোকে মোক এই বুলিয়ে কটাক্ষ কৰি আক্ৰমণ কৰে। এতিয়া সংকটত দেশৰ সংবিধান, সংবিধানৰ বিৰুদ্ধেও চলিছে আক্ৰমণ। দেশৰ সংবিধান ৰক্ষা কৰিবলৈ আমি যুঁজি আহিছো।– এই মন্তব্য কৰিছে ৰাজ্যৰ বৌদ্ধিক কাণ্ডাৰী স্বৰূপ ড° হীৰেন গোহাঁয়ে।

ড° হীৰেন গোহাঁইৰ সন্মানাৰ্থে আয়োজন কৰা এক অনুষ্ঠানত প্ৰদান কৰা এক ভাষণত এইদৰে কয় আন্তৰ্জাতিক খ্যাতিসম্পন্ন সাহিত্য সমালোচক আৰু অসমৰ জাতীয় জীৱনৰ এগৰাকী বৌদ্ধিক কাণ্ডাৰী ড° হীৰেন গোহাঁয়ে।

ড° গোহাঁইয়ে লগতে কয় যে দেশত কিদৰে ঘৃণা আৰু বিদ্বেষ বিয়পোৱা হৈছে। দেশৰ গণতান্ত্ৰিক প্ৰমূল্য আৰু সংবিধানক কিদৰে আক্ৰমণ কৰা হৈছে। যথেষ্ট সমাহিত হৈ দিয়া ভাষণত ড° গোহাঁইয়ে স্বাধীনতা সংগ্ৰামৰ পৰা দেশবাসীয়ে শিকিবলগীয়া আছে বুলিও মন্তব্য কৰে। ড° গোহাঁইয়ে কয় আমি স্বাধীনতা সংগ্ৰামৰ ত্ৰুটি বিচ্যুতি আছিল, আমি সেই ত্ৰুটি বিচ্যুতিৰ পৰাও শিকিবলগীয়া আছে।

দেশৰ সংবিধান ৰক্ষা কৰাৰ বাবে ড° গোহাঁইয়ে আন্তঃৰাষ্ট্ৰীয় প্ৰখ্যাত চিন্তাবিদ, সমাজ বিজ্ঞানী অধ্যাপক মনোৰঞ্জন মহান্তিসহ বহু লোকৰ সৈতে সংবিধান ৰক্ষাৰ বাবে যুঁজ কৰি আহিছে। ৰাজহুৱা বুদ্ধিজীৱীৰ দায়িত্ব সম্পৰ্কেও ড° গোহাঁইয়ে অতি গুৰুত্বপূৰ্ণ মন্তব্য কৰে। আনহাতে একাংশ লোকে তেওঁক ৰাজহুৱা বুদ্ধিজীৱী বুলি কৈ আক্ৰমণ আৰু কটাক্ষ কৰা কথাও প্ৰকাশ কৰে ড° গোহাঁইয়ে।

দেশত ক্ৰমশঃ বৃদ্ধি পাই অহা ঘৃণা বিদ্বেষ আৰু অস্থিৰতাৰ পৰিৱেশত চৰকাৰী নীতি বিৰোধী লোকক শাসকীয় পক্ষই তুচ্ছ তাচ্ছিল্য কৰি আহিছে। এনে সময়তে ড° গোহাঁইয়ে ভাষণত অতি গুৰুত্বপূৰ্ণ প্ৰসংগত উত্থাপন কৰে।

ড° গোহাঁইয়ে কয় যে এসময়ত মহাত্মা গান্ধী আৰু নেহৰুৱে তেওঁ প্ৰভাৱিত কৰিছিল, গোহাঁইৰ মতে গান্ধী আৰু নেহৰুৱেও একপ্ৰকাৰে ৰাজহুৱা বুদ্ধিজীৱী আছিল। এই প্ৰসংগতে ড° গোহাঁয়ে নেহৰুৰ মহানুভৱতা আৰু উকৃষ্ট মানৱতা প্ৰতিফলিত কৰা আৰু ৰাজহুৱা বুদ্ধিজীৱীৰ দায়িত্ব পালন কৰা এক সত্য কাহিনীও বৰ্ণনা কৰে।

গোহাঁয়ে কয় যে চীনে ভাৰত আক্ৰমণ কৰাৰ সময়ত ভাৰত এক গণ উন্মাদনাৰ সৃষ্টি কৰা হৈছিল। তেতিয়া দেশত চীন সাধাৰণ লোকৰ বিৰুদ্ধে তুচ্ছ তাচ্ছিল্য কৰা হৈছিল। বিশিষ্ট চিন্তাবিদজনে কয় যে সেই সময়তে দিল্লীত তেতিয়াৰ প্ৰধানমন্ত্ৰী জৱাহৰলাল নেহৰুৰ উপস্থিত থকা এখন সভাতো চীনাসকলৰ বিৰুদ্ধে তুচ্ছ-তাচ্ছিল্যৰে এক উন্মাদনাৰ সৃষ্টি কৰা হৈছিল।

“নেহৰুৱে ইয়াৰে বিপৰীতে সভাত সকলোকে উদ্দেশ্যি কয় যে চীনৰ সাধাৰণ লোকৰ সৈতে ভাৰতৰ কোনো শত্ৰুতা নাই আৰু তেওঁলোকক তুচ্ছ তাচ্ছিল্য কৰাতো উচিত হোৱা নাই। চীন চৰকাৰেহে আমাক আক্ৰমণ কৰিছে আৰু আমাৰ সৈন্যই ইয়াৰ উচিত প্ৰত্যুত্তৰ দিব।”— গোহাঁয়ে কয়।

ইফালে এই অনুষ্ঠানত উপস্থিত থাকি মনোৰঞ্জন মহান্তিয়ে ড° হীৰেন গোহাঁইক ব্ৰাটাণ্ড ৰাছেল আৰু ন’ম চমস্কিৰ সৈতেও তুলনা কৰে।

Recent News

পঞ্জাৱ নেছনেল বেংকৰ কেলেংকাৰীত জড়িত নেহাল মোদীক আমেৰিকাত গ্ৰেপ্তাৰ

পঞ্জাৱ নেছনেল বেংকৰ কেলেংকাৰীত জড়িত নেহাল মোদীক আমেৰিকাত গ্ৰেপ্তাৰ

ইংলেণ্ডত নতুন অভিলেখ গঢ়িলে ১৪ বছৰীয়া বৈভৱ সূৰ্যবংশীয়ে

ইংলেণ্ডত নতুন অভিলেখ গঢ়িলে ১৪ বছৰীয়া বৈভৱ সূৰ্যবংশীয়ে

চাৰিটা ইনিংছত তৃতীয়টো দৰ্শনীয় শতকৰে ইংলেণ্ডৰ বিৰুদ্ধে দমনীয় প্ৰদৰ্শন শুভমন গীলৰ

চাৰিটা ইনিংছত তৃতীয়টো দৰ্শনীয় শতকৰে ইংলেণ্ডৰ বিৰুদ্ধে দমনীয় প্ৰদৰ্শন শুভমন গীলৰ

এখন দেৱালত চাৰি লিটাৰ ৰং ব্যৱহাৰৰ বাবে প্ৰয়োজন ২৩৩ জন ৰাজমিস্ত্ৰীৰ! বিদ্যালয়ৰ বিল দেখি চকু উঠিল কপালত

এখন দেৱালত চাৰি লিটাৰ ৰং ব্যৱহাৰৰ বাবে প্ৰয়োজন ২৩৩ জন ৰাজমিস্ত্ৰীৰ! বিদ্যালয়ৰ বিল দেখি চকু উঠিল কপালত

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd